--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জিভা আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। জিভাৰ বাবেই আমি খাদ্যৰ সোৱাদ অনুভৱ কৰিব পাৰো। এই সকলোবোৰৰ বাহিৰেও আপুনি জানি আচৰিত হ’ব যে জিভাই আমাৰ স্বাস্থ্যৰ বহু ৰোগৰ ইংগিত দিব পাৰে। সেয়েহে যদি আপোনাৰ জিভাৰ ৰং সলনি হৈছে তেন্তে অলপো সময় নষ্ট নকৰাকৈ আপুনি তৎক্ষণাত চিকিৎসকৰ কাষ চপা উচিত। দৰাচলতে শেহতীয়াকৈ এক গৱেষণাৰ পৰা স্পষ্ট হৈছে যে বহু গুৰুতৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণত জিভাৰ ৰং সলনি হয়।

 বগা জিভা-

যদি আপোনাৰ জিভাৰ ৰং বগা হৈছে, তেন্তে ই কোনো ডাঙৰ ৰোগৰ লক্ষণ। বিশেষজ্ঞসকলৰ মতে যেতিয়া আপোনাৰ জিভা বগা হৈ পৰে তেতিয়াই আপোনাৰ শৰীৰত পানীৰ তীব্ৰ অভাৱ হ’ব পাৰে। বগা জিভাই লিউকোপ্লেকিয়া, অৰেল লাইকেন প্লেনাছ আৰু চিফিলিছ আদি ৰোগৰ প্ৰাৰম্ভিক লক্ষণৰ ইংগিত দিয়ে।

 ৰঙা জিভা-

চিকিৎসকৰ মতে যদি আপোনাৰ জিভাৰ ৰং ৰঙা হৈ পৰিছে, তেন্তে প্ৰায়ে এনে পৰিস্থিতিত থাকে যেতিয়া ফ্লু, জ্বৰ বা সংক্ৰমণে শৰীৰত আক্ৰমণ কৰে। ৰঙা জিভাই ভিটামিন-বি আৰু আইৰনৰ অভাৱৰ ইংগিত দিয়ে।

 ক’লা জিভা-

জিভা ক’লা হোৱাটো এটা গুৰুতৰ আৰু ডাঙৰ ৰোগৰ লক্ষণ। বিশেষজ্ঞসকলৰ মতে জিভা ক’লা হ’লে কেন্সাৰ, ভাইৰাছজনিত আৰু আলচাৰৰ দৰে ৰোগৰ ইংগিত পোৱা যায়। ডিঙিত বেক্টেৰিয়া বা ভেঁকুৰৰ বাবে জিভাৰ ৰং প্ৰায়ে ক’লা হৈ পৰে।

 হালধীয়া জিভা-

চিকিৎসকৰ মতে অতিমাত্ৰা খাদ্য খোৱাৰ বাবেও জিভা হালধীয়া হ’ব পাৰে। আনহাতে যদি আমি ৰোগৰ কথা কওঁ, তেন্তে পানীলগা, যকৃত বা অধিক বেক্টেৰিয়াৰ বাবে জিভাৰ ৰং হালধীয়া হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে মুখৰ দুৰ্গন্ধ, ভাগৰ আৰু জ্বৰো হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু