--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত বলীউডৰ ছবি ‘এনিমেল’ বৰ্তমান চৰ্চাৰ তুংগত আছে। চিনেমাখনৰ উপাৰ্জনৰ পৰা আৰম্ভ কৰি দৃশ্যপটলৈকে সকলো দিশৰে চৰ্চা এতিয়াও চলি আছে। ‘এনিমেল’ ছবিখন মুক্তি পোৱাৰ পিছতে শিৰোনাম দখল কৰিছে অভিনেত্ৰী তৃপ্তী ডিমৰীয়ে। 

শেহতীয়াকৈ তৃপ্তি ডিমৰীৰ সন্দৰ্ভত এটা ৰিপৰ্ট ওলাইছিল, য’ত অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ বিষয়ে প্ৰকাশ পাইছিল। এনিমেল মুক্তিৰ পাছতেই তৃপ্তিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ ৩২০ শতাংশ বৃদ্ধি পাইছিল। শেহতীয়াকৈ তৃপ্তি ডিমৰীৰ এটা সাক্ষাৎকাৰ পোহৰলৈ আহিছে। এই সাক্ষাৎকাৰত তৃপ্তিয়ে ‘এনিমেল’ ছবিখনৰ বহু বিষয়ৰ কথা কৈছে।

ৰণবীৰ কাপুৰ, ববি দেউল, অনিল কাপুৰ আৰু ৰশ্মিকা মান্দানাৰ ছবি ‘এনিমেল’ত তৃপ্তি ডিমৰীৰ এটা সৰু কিন্তু শক্তিশালী ভূমিকা আছিল। এই ছবিখনত তৃপ্তিয়ে ৰণবীৰ কাপুৰৰ সৈতে এটা অন্তৰংগ দৃশ্যত অভিনয় কৰিছে, এই দৃশ্যই ইণ্টাৰনেটত সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ। 

এই অন্তৰংগ দৃশ্যটো দেখাৰ পাছত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া শেহতীয়া সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে তৃপ্তিয়ে ডিমৰীয়ে। তৃপ্তি ডিমৰিয়ে জনোৱা মতে, এই দৃশ্য দেখি তেওঁৰ পিতৃ-মাতৃ স্তম্ভিত হৈ পৰে। তৃপ্তিৰ পিতৃ-মাতৃয়ে কৈছিল ‘‘আমি কেতিয়াও ছবিত এনেকুৱা দৃশ্য দেখা নাই। কিন্তু তুমি কৰিলা, তুমি তেনেকুৱা কৰা উচিত নাছিল... বাৰু কোনো কথা নাই, পিতৃ-মাতৃ হিচাপে আমাৰ তেনেকুৱা অনুভৱ হোৱাটো স্বাভাৱিক।’’ তৃপ্তিয়ে জনোৱা অনুসৰি সেই সাহসী দৃশ্যবোৰ চোৱাৰ পিছত পৰিয়ালৰ লোকসকলৰ স্বাভাৱিক হ’বলৈ কিছু সময় লাগিছিল। 

পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া দেখি তৃপ্তিয়ে কৈছিল ‘‘মই কোনো ভুল কৰা নাই। এইটো মোৰ কাম। যেতিয়ালৈকে মই সহজ আৰু নিৰাপদ অনুভৱ কৰো, তেতিয়ালৈকে এনেকুৱা কাম এটা কৰাত মোৰ কোনো সমস্যা নাই। মই এগৰাকী অভিনেত্ৰী আৰু চৰিত্ৰটোৰ প্ৰতি ১০০ শতাংশ মই সৎ হ’বই লাগিব আৰু মই সেয়া কৰিলো।’’ 

তৃপ্তি ডিমৰীৰ বিষয়ে আপোনাৰ মতামত কি, মন্তব্য কৰি জনাব ফেচবুকৰ কমেণ্ট বক্সত...

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান