--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত বলীউডৰ ছবি ‘এনিমেল’ বৰ্তমান চৰ্চাৰ তুংগত আছে। চিনেমাখনৰ উপাৰ্জনৰ পৰা আৰম্ভ কৰি দৃশ্যপটলৈকে সকলো দিশৰে চৰ্চা এতিয়াও চলি আছে। ‘এনিমেল’ ছবিখন মুক্তি পোৱাৰ পিছতে শিৰোনাম দখল কৰিছে অভিনেত্ৰী তৃপ্তী ডিমৰীয়ে। 

শেহতীয়াকৈ তৃপ্তি ডিমৰীৰ সন্দৰ্ভত এটা ৰিপৰ্ট ওলাইছিল, য’ত অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ বিষয়ে প্ৰকাশ পাইছিল। এনিমেল মুক্তিৰ পাছতেই তৃপ্তিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ ৩২০ শতাংশ বৃদ্ধি পাইছিল। শেহতীয়াকৈ তৃপ্তি ডিমৰীৰ এটা সাক্ষাৎকাৰ পোহৰলৈ আহিছে। এই সাক্ষাৎকাৰত তৃপ্তিয়ে ‘এনিমেল’ ছবিখনৰ বহু বিষয়ৰ কথা কৈছে।

ৰণবীৰ কাপুৰ, ববি দেউল, অনিল কাপুৰ আৰু ৰশ্মিকা মান্দানাৰ ছবি ‘এনিমেল’ত তৃপ্তি ডিমৰীৰ এটা সৰু কিন্তু শক্তিশালী ভূমিকা আছিল। এই ছবিখনত তৃপ্তিয়ে ৰণবীৰ কাপুৰৰ সৈতে এটা অন্তৰংগ দৃশ্যত অভিনয় কৰিছে, এই দৃশ্যই ইণ্টাৰনেটত সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ। 

এই অন্তৰংগ দৃশ্যটো দেখাৰ পাছত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া শেহতীয়া সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে তৃপ্তিয়ে ডিমৰীয়ে। তৃপ্তি ডিমৰিয়ে জনোৱা মতে, এই দৃশ্য দেখি তেওঁৰ পিতৃ-মাতৃ স্তম্ভিত হৈ পৰে। তৃপ্তিৰ পিতৃ-মাতৃয়ে কৈছিল ‘‘আমি কেতিয়াও ছবিত এনেকুৱা দৃশ্য দেখা নাই। কিন্তু তুমি কৰিলা, তুমি তেনেকুৱা কৰা উচিত নাছিল... বাৰু কোনো কথা নাই, পিতৃ-মাতৃ হিচাপে আমাৰ তেনেকুৱা অনুভৱ হোৱাটো স্বাভাৱিক।’’ তৃপ্তিয়ে জনোৱা অনুসৰি সেই সাহসী দৃশ্যবোৰ চোৱাৰ পিছত পৰিয়ালৰ লোকসকলৰ স্বাভাৱিক হ’বলৈ কিছু সময় লাগিছিল। 

পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া দেখি তৃপ্তিয়ে কৈছিল ‘‘মই কোনো ভুল কৰা নাই। এইটো মোৰ কাম। যেতিয়ালৈকে মই সহজ আৰু নিৰাপদ অনুভৱ কৰো, তেতিয়ালৈকে এনেকুৱা কাম এটা কৰাত মোৰ কোনো সমস্যা নাই। মই এগৰাকী অভিনেত্ৰী আৰু চৰিত্ৰটোৰ প্ৰতি ১০০ শতাংশ মই সৎ হ’বই লাগিব আৰু মই সেয়া কৰিলো।’’ 

তৃপ্তি ডিমৰীৰ বিষয়ে আপোনাৰ মতামত কি, মন্তব্য কৰি জনাব ফেচবুকৰ কমেণ্ট বক্সত...

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক