--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় ডান্সাৰ তথা অভিনেত্ৰী মুক্তি মোহন। কুনাল ঠাকুৰৰ সৈতে মুক্তি মোহনৰ বিয়াৰ ছবি ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’ত দেখা গৈছিল কুনাল ঠাকুৰক। গীতাঞ্জলিৰ (ৰশ্মিকা মান্দানা) ভাবীস্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল কুনালে।

মুক্তিয়ে ইনষ্টাগ্ৰামত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, য’ত পেষ্টেল পিংক ৰঙৰ লেহেংগা পিন্ধি থকা তেওঁক ধুনীয়া দেখা গৈছে। ৰঙা বেংগল চেট, সেউজীয়া গহনা আৰু নূন্যতম মেকআপত দেখা গৈছে মুক্তিক।

কুনালে পিন্ধিছে হাতীদাঁতৰ ৰঙৰ গধুৰ এম্ব্ৰয়ডাৰী কৰা শ্বেৰৱানী। মুক্তিৰ লগতে জ্যেষ্ঠ ভগ্নী নীতি আৰু শক্তিকো দেখা গৈছে বিয়াৰ সুখৰ ছবিত। অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘনিষ্ঠৰ আন কিছুমান ছবিও শ্বেয়াৰ কৰিছে।

মুক্তিয়ে পোষ্টটোৰ কেপচনত লিখিছে, ‘‘তোমাৰ মাজত মই মোৰ ঐশ্বৰিক সংযোগ বিচাৰি পাওঁ; তোমাৰ লগত মোৰ মিলন হোৱাটোৱেই
নিয়তিয়ে লিখিছিল। ভগৱান, পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে প্ৰদান কৰা আশীৰ্বাদৰ বাবে কৃতজ্ঞ। আমাৰ পৰিয়ালে উল্লাসিত হৈ স্বামী-স্ত্ৰী হিচাপে আমাৰ যাত্ৰা আগুৱাই নিবৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে।’’

নীতি মোহনে মন্তব্য কৰে, ‘আশীৰ্বাদ, মৰম আৰু সমৰ্থন সদায় আছে।’ আয়ুষ্মান খুৰানা আৰু তেওঁৰ পত্নী তাহিৰা কাশ্যপে পোষ্টটোত ৰেড হাৰ্ট ইমোজি যোগ কৰিছে। বিজয় বাৰ্মাই ক’লে, ‘অভিনন্দন বন্ধুসকল! বৰ ধুনীয়া।" কুশল টেণ্ডনে মন্তব্য কৰিলে, "হেৰা কুনাল, তোমালোক দুয়োকে অভিনন্দন।"

বিশাল দাদলানীয়ে ক’লে, ‘তোমালোক দুয়োকে একেলগে ধুনীয়া লাগিছে! ক্ষমা কৰিবা মই তাত থাকিব নোৱাৰিলোঁ! পৃথিৱীৰ সকলো মৰম তোমালোক দুয়োৰে প্ৰতি!' মৌনি ৰায়ে লিখিছে, ‘আন্তৰিক অভিনন্দন। আপোনালোক দুয়োজনে সদায় জীৱনসংগী হৈ থাকক আৰু সুখ লাভ কৰক। সঞ্জয় কাপুৰে কয়, ‘অভিনন্দন।’ 

মুক্তিয়ে ‘ঝলক দিখলা জা ৬’ আৰু ‘খটৰো কে খিলাড়ি ৭’ত অংশগ্ৰহণ কৰিছে। ‘লাষ্ট ষ্ট’ৰীছ ২’, ‘হেট ষ্ট’ৰী’ আৰু ‘ব্লাড ব্রাদাৰ্ছ’ ছবিৰ বাবেও তেওঁ পৰিচিত।

উল্লেখ্য যে মুক্তি মোহন ‘ঝলক দিখলা জা’ অনুষ্ঠানৰ এগৰাকী বিখ্যাত নৃত্যশিল্পী আৰু বলীউডৰ অভিনেত্ৰী। জনপ্ৰিয় গায়িকা নীতি মোহন আৰু জনপ্ৰিয় নৃত্যশিল্পী শক্তি মোহনৰ ভগ্নী মুক্তি মোহন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক