--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰে সুদীৰ্ঘ বৈবাহিক জীৱন উপভোগ কৰিছে। যদিও বহু আগৰে পৰা প্ৰেমত পৰিছিলো, যাৰ আৰম্ভণি আছিল মজাৰ! প্ৰথমে আগবাঢ়ি আহিল সুনীতাই।  গোবিন্দৰ হৃদয় জয় কৰিবলৈ উদ্বাউল হৈ পৰিছিল সুনীতা৷

অভিনেতাগৰাকীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে সুনীতাক লগ পাইছিল তেতিয়া সুনীতা আছিল অতি উজ্জ্বল আৰু আধুনিক কিশোৰী। যদিও বয়স মাত্ৰ ১৫ বছৰ! গোবিন্দৰ বয়স আছিল  ২১ বছৰ। অভিনেতাগৰাকীয়ে সুনীতাৰ সৈতে ‘ডেট’ত যাবলৈ ভয় কৰিছিল, যদিহে কোনোবাই তেওঁক শিশু নিৰ্যাতনকাৰী বুলি কৈ দিয়ে!

তেন্তে প্ৰথম কেনেকৈ লগ পালে দুয়ো? এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে অভিনেতাজনে। সুনীতাৰ আত্মীয় এজনে তাইক প্ৰত্যাহ্বান জনাইছিল যে তাই গোবিন্দৰ মন গলিব পাৰে নে নোৱাৰে। সেই আত্মীয় গোবিন্দৰো ঘনিষ্ঠ আছিল। প্ৰেমত পৰাৰ আগতে এবছৰ ধৰি গোবিন্দক অনুসৰণ কৰিছিল কিশোৰী সুনীতাই। 

সুনীতা আছিল গোবিন্দৰ মামীয়েকৰ ভগ্নী। ১৯৮৭ চনৰ ১১ মাৰ্চত তেওঁলোকৰ বিবাহ হয়। গোবিন্দৰ বয়স চৌবিশ, সুনীতাৰ বয়স ওঠৰ। গোবিন্দে ক’লে, “তেওঁ ইমান সৰু আছিল যে মই ভয় খাইছিলো। তেওঁৰ স’তে প্ৰেম কৰিলে যদি কোনোবাই মোক শিশু নিৰ্যাতনকাৰী বুলি কয়? আগতে মই তেওঁক বুজাইছিলোঁ৷ কিন্তু তেওঁ কৈছিল যে তেওঁ মই সকলো জানে। কিন্তু তথাপিও মোক আপোনাক ভাল পায়৷’’

কেনেকৈ দুয়ো একেলগে নাচিছিল, গাড়ীত প্ৰথমবাৰৰ বাবে হাতত হাত ধৰিছিল, গোবিন্দৰ সকলো মনত আছে। গোবিন্দৰ ভাষাত- "গাড়ী চলি আছিল। তেওঁৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ। ইয়াৰ পিছত মই বুজিলোঁ, তেওঁ হাতখন লৰচৰ কৰা নাই...মইও প্ৰথমবাৰৰ বাবে হাতখন ধৰিলোঁ। সেইটোৱেই আমাৰ ৰোমাঞ্চ আৰম্ভ হৈছিল।”

গোবিন্দ আৰু সুনীতাৰ দুটা সন্তান আছে। পুত্ৰ যশবৰ্ধন আহুজাৰ জন্ম হৈছিল ১৯৯৭ চনৰ মাৰ্চ মাহত। ১৯৮৯ চনৰ জুলাই মাহত কন্যা টিনাৰ জন্ম হৈছিল। যশবৰ্ধনে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান