--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰে সুদীৰ্ঘ বৈবাহিক জীৱন উপভোগ কৰিছে। যদিও বহু আগৰে পৰা প্ৰেমত পৰিছিলো, যাৰ আৰম্ভণি আছিল মজাৰ! প্ৰথমে আগবাঢ়ি আহিল সুনীতাই।  গোবিন্দৰ হৃদয় জয় কৰিবলৈ উদ্বাউল হৈ পৰিছিল সুনীতা৷

অভিনেতাগৰাকীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে সুনীতাক লগ পাইছিল তেতিয়া সুনীতা আছিল অতি উজ্জ্বল আৰু আধুনিক কিশোৰী। যদিও বয়স মাত্ৰ ১৫ বছৰ! গোবিন্দৰ বয়স আছিল  ২১ বছৰ। অভিনেতাগৰাকীয়ে সুনীতাৰ সৈতে ‘ডেট’ত যাবলৈ ভয় কৰিছিল, যদিহে কোনোবাই তেওঁক শিশু নিৰ্যাতনকাৰী বুলি কৈ দিয়ে!

তেন্তে প্ৰথম কেনেকৈ লগ পালে দুয়ো? এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে অভিনেতাজনে। সুনীতাৰ আত্মীয় এজনে তাইক প্ৰত্যাহ্বান জনাইছিল যে তাই গোবিন্দৰ মন গলিব পাৰে নে নোৱাৰে। সেই আত্মীয় গোবিন্দৰো ঘনিষ্ঠ আছিল। প্ৰেমত পৰাৰ আগতে এবছৰ ধৰি গোবিন্দক অনুসৰণ কৰিছিল কিশোৰী সুনীতাই। 

সুনীতা আছিল গোবিন্দৰ মামীয়েকৰ ভগ্নী। ১৯৮৭ চনৰ ১১ মাৰ্চত তেওঁলোকৰ বিবাহ হয়। গোবিন্দৰ বয়স চৌবিশ, সুনীতাৰ বয়স ওঠৰ। গোবিন্দে ক’লে, “তেওঁ ইমান সৰু আছিল যে মই ভয় খাইছিলো। তেওঁৰ স’তে প্ৰেম কৰিলে যদি কোনোবাই মোক শিশু নিৰ্যাতনকাৰী বুলি কয়? আগতে মই তেওঁক বুজাইছিলোঁ৷ কিন্তু তেওঁ কৈছিল যে তেওঁ মই সকলো জানে। কিন্তু তথাপিও মোক আপোনাক ভাল পায়৷’’

কেনেকৈ দুয়ো একেলগে নাচিছিল, গাড়ীত প্ৰথমবাৰৰ বাবে হাতত হাত ধৰিছিল, গোবিন্দৰ সকলো মনত আছে। গোবিন্দৰ ভাষাত- "গাড়ী চলি আছিল। তেওঁৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ। ইয়াৰ পিছত মই বুজিলোঁ, তেওঁ হাতখন লৰচৰ কৰা নাই...মইও প্ৰথমবাৰৰ বাবে হাতখন ধৰিলোঁ। সেইটোৱেই আমাৰ ৰোমাঞ্চ আৰম্ভ হৈছিল।”

গোবিন্দ আৰু সুনীতাৰ দুটা সন্তান আছে। পুত্ৰ যশবৰ্ধন আহুজাৰ জন্ম হৈছিল ১৯৯৭ চনৰ মাৰ্চ মাহত। ১৯৮৯ চনৰ জুলাই মাহত কন্যা টিনাৰ জন্ম হৈছিল। যশবৰ্ধনে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement