--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছয়জনীয়া এটা দলে ৰেঁস্তোৰালৈ গৈ জোৰদাৰ পাৰ্টি কৰিছিল। তাতে তেওঁলোকে ইটোৰ পাছত সিটো খাদ্যৰ অৰ্ডাৰ দিছিল, সুৰাপান কৰিছিল আৰু বহুত আনন্দ-ফূৰ্তি কৰিছিল। কিন্তু যেতিয়া ২৫ হাজাৰ ৮০২ টকাৰ বিল পৰিশোধ কৰাৰ সময় আহিল, তেতিয়া দলটো ৰেঁস্তোৰাখনৰ পৰা পলাই যায়। পিছফালৰ দুৱাৰেদি দৌৰি যোৱাৰ ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ'টো ৰেঁস্তোৰাৰ মালিকে মুকলি কৰিছে।

মালিকে পলাই যোৱা গ্ৰাহকক বিচাৰি উলিওৱাত সহায় কৰিব লাগে বুলি জনসাধাৰণক অনুৰোধ জনাইছে। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিছে ৰেঁস্তোৰাৰ মালিকে। আৰক্ষীয়ে দলটোক বিচাৰি ফুৰিছে। 

ব্ৰিটেইনৰ নৰ্থ ইয়ৰ্কশ্বাৰৰ দ্য ছাটন আৰ্মছ ৰেঁস্তোৰাত সংঘটিত হৈছে এই ঘটনা। যাৰ এটা ভিডিঅ’ আগদিনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভিডিঅ’টো মুকলি কৰা ৰেঁস্তোৰাখনৰ মালিকে জনোৱা মতে, ৬ জনীয়া এটা দলে ৰেঁস্তোৰাখনলৈ আহি খাদ্যৰ বিল নিদিয়াকৈ পলাই যায়।

অৱশ্যে মালিকে তেওঁক ধন দিবলৈ সকীয়াই দিছিল আৰু লগতে কয় যে বিল পৰিশোধ নকৰিলে তেওঁলোকৰ ভিডিঅ’ ৰাজহুৱা কৰা হ’ব। কিন্তু তথাপিও গ্ৰাহককেইজনে তেওঁৰ কথা নুশুনিলে। ইয়াৰ পিছতে ছজনীয়া দলটো গোপনে ৰেঁস্তোৰাখনৰ পৰা পলাই যোৱাৰ চিচিটিভি ফুটেজ মুকলি কৰে মালিকে।

এই ফুটেজত দেখা গৈছে যে কেনেকৈ তিনি-চাৰিজন লোকে পাল পাতি ৰেঁস্তোৰাখনৰ পৰা ওলাই আহিছে। ইয়াৰ ভিতৰত মহিলাও আছে।

মালিকে কয় যে যদিহে ধন নাপায় তেন্তে বাকী ফুটেজ আৰক্ষীক দিয়া হ’ব আৰু ব্যৱস্থা লোৱা হ’ব। বৰ্তমান পলায়ন কৰা গ্ৰাহকৰ সন্ধান চলি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক