--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছয়জনীয়া এটা দলে ৰেঁস্তোৰালৈ গৈ জোৰদাৰ পাৰ্টি কৰিছিল। তাতে তেওঁলোকে ইটোৰ পাছত সিটো খাদ্যৰ অৰ্ডাৰ দিছিল, সুৰাপান কৰিছিল আৰু বহুত আনন্দ-ফূৰ্তি কৰিছিল। কিন্তু যেতিয়া ২৫ হাজাৰ ৮০২ টকাৰ বিল পৰিশোধ কৰাৰ সময় আহিল, তেতিয়া দলটো ৰেঁস্তোৰাখনৰ পৰা পলাই যায়। পিছফালৰ দুৱাৰেদি দৌৰি যোৱাৰ ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ'টো ৰেঁস্তোৰাৰ মালিকে মুকলি কৰিছে।

মালিকে পলাই যোৱা গ্ৰাহকক বিচাৰি উলিওৱাত সহায় কৰিব লাগে বুলি জনসাধাৰণক অনুৰোধ জনাইছে। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিছে ৰেঁস্তোৰাৰ মালিকে। আৰক্ষীয়ে দলটোক বিচাৰি ফুৰিছে। 

ব্ৰিটেইনৰ নৰ্থ ইয়ৰ্কশ্বাৰৰ দ্য ছাটন আৰ্মছ ৰেঁস্তোৰাত সংঘটিত হৈছে এই ঘটনা। যাৰ এটা ভিডিঅ’ আগদিনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভিডিঅ’টো মুকলি কৰা ৰেঁস্তোৰাখনৰ মালিকে জনোৱা মতে, ৬ জনীয়া এটা দলে ৰেঁস্তোৰাখনলৈ আহি খাদ্যৰ বিল নিদিয়াকৈ পলাই যায়।

অৱশ্যে মালিকে তেওঁক ধন দিবলৈ সকীয়াই দিছিল আৰু লগতে কয় যে বিল পৰিশোধ নকৰিলে তেওঁলোকৰ ভিডিঅ’ ৰাজহুৱা কৰা হ’ব। কিন্তু তথাপিও গ্ৰাহককেইজনে তেওঁৰ কথা নুশুনিলে। ইয়াৰ পিছতে ছজনীয়া দলটো গোপনে ৰেঁস্তোৰাখনৰ পৰা পলাই যোৱাৰ চিচিটিভি ফুটেজ মুকলি কৰে মালিকে।

এই ফুটেজত দেখা গৈছে যে কেনেকৈ তিনি-চাৰিজন লোকে পাল পাতি ৰেঁস্তোৰাখনৰ পৰা ওলাই আহিছে। ইয়াৰ ভিতৰত মহিলাও আছে।

মালিকে কয় যে যদিহে ধন নাপায় তেন্তে বাকী ফুটেজ আৰক্ষীক দিয়া হ’ব আৰু ব্যৱস্থা লোৱা হ’ব। বৰ্তমান পলায়ন কৰা গ্ৰাহকৰ সন্ধান চলি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত