--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ এটা ৰে’ল কোম্পানীয়ে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলাই এক নতুন অভিলেখ গঢ়িছে। আল্পছৰ পাহাৰৰ পৰা চলি অহা এই ৰে’লখনত আছিল ১০০ টা ডবা। এই ৰে’লখনৰ দৈৰ্ঘ্য প্ৰায় দুই কিলোমিটাৰ। ছুইজাৰলেণ্ডৰ বিখ্যাত ৰে’লৱে ব্যৱস্থাৰ ১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লৰ বিশ্ব অভিলেখ গঢ়াৰ কথা ঘোষণা কৰে  ৰায়েটিয়ান ৰে’লৱে কোম্পানীয়ে। এই ৰেলখনৰ দৈৰ্ঘ্য ১৯১০ মিটাৰ। ২৫ খন পৃথক মাল্টি ইউনিট ৰে’ল বা ১০০ টা ডবাৰে গঠিত এই ৰে’লখন।

আৰ এইচ বিৰ এগৰাকী মুখপাত্ৰই কয় যে আটাইতকৈ দীঘল ৰে’লৰ পূৰ্বৰ বেচৰকাৰী অভিলেখ গঢ়িছিল ১৯৯০ চনত বেলজিয়ামৰ এখন ৰে’লে। যিখন ৰে’ল কেইবাশ মিটাৰ দীঘল আছিল।

ছুইজাৰলেণ্ডৰ দীঘল ৰে’লখন চলি থকাৰ সময়ত ইয়াৰ চালখন ৰ’দত ৰূপৰ দৰে জিলিকি আছিল। ইয়াত লিখা আছিল আলপাইন ক্ৰুজ, য’ত ১৫০ জন যাত্ৰী আছিল। ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্বাচিত কৰা দীঘলীয়া সৰ্পিল আলবুলা/বাৰ্নিনা পথত যাত্ৰা কৰিছিল এই ৰে’লখনে। ৰেলখনে প্ৰেডাৰ পৰা আলভেনুলৈ ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

এই ৰে’লখন চাবলৈ যাতায়তৰ পথৰ মাজতে পাহাৰৰ ওপৰত মানুহ বহি আছিল। এই ঘটনা ৰেক’ৰ্ড কৰিবলৈ কেমেৰা লৈ বহি আছিল মানুহ। এই সুন্দৰ ৰঙা ৰঙৰ ৰেলগাড়ীখনে ২২টা পাহাৰীয়া সুৰংগ আৰু ৪৮খন দলং পাৰ হৈ গৈছিল। ইয়াৰ উপৰিও ৬৫ মিটাৰ উচ্চতাৰ এখন দলঙো অন্তৰ্ভুক্ত হৈছিল। ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যমে এই ঘটনাৰ বিষয়ে বিস্তৃতভাৱে বাতৰি পৰিৱেশন কৰে। কেইবাটাও লুকাউট পইণ্ট যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ডিপ্লমা গ্ৰহণ কৰি ফাচিয়াট্টিয়ে কয় যে ইমান দীঘলীয়া ৰে’লখন নিৰাপদে যাত্ৰা কৰিব পৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কয় যে ৭টা লোকোপাইলট আৰু ২১জন কাৰিকৰী বিদ্যাবিদে একক গতি আৰু ব্ৰেকিং ব্যৱস্থাৰে একেলগে ২৫খন ৰে’লৰ কাম কৰাটো নিশ্চিত কৰিছিল। বিশ্ব অভিলেখ গঢ়া এই যাত্ৰীবাহী ৰে’লখনত মুঠতে ৪,৫০০ খন আসন আৰু ৭ জন চালক আছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান