--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ এটা ৰে’ল কোম্পানীয়ে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলাই এক নতুন অভিলেখ গঢ়িছে। আল্পছৰ পাহাৰৰ পৰা চলি অহা এই ৰে’লখনত আছিল ১০০ টা ডবা। এই ৰে’লখনৰ দৈৰ্ঘ্য প্ৰায় দুই কিলোমিটাৰ। ছুইজাৰলেণ্ডৰ বিখ্যাত ৰে’লৱে ব্যৱস্থাৰ ১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লৰ বিশ্ব অভিলেখ গঢ়াৰ কথা ঘোষণা কৰে  ৰায়েটিয়ান ৰে’লৱে কোম্পানীয়ে। এই ৰেলখনৰ দৈৰ্ঘ্য ১৯১০ মিটাৰ। ২৫ খন পৃথক মাল্টি ইউনিট ৰে’ল বা ১০০ টা ডবাৰে গঠিত এই ৰে’লখন।

আৰ এইচ বিৰ এগৰাকী মুখপাত্ৰই কয় যে আটাইতকৈ দীঘল ৰে’লৰ পূৰ্বৰ বেচৰকাৰী অভিলেখ গঢ়িছিল ১৯৯০ চনত বেলজিয়ামৰ এখন ৰে’লে। যিখন ৰে’ল কেইবাশ মিটাৰ দীঘল আছিল।

ছুইজাৰলেণ্ডৰ দীঘল ৰে’লখন চলি থকাৰ সময়ত ইয়াৰ চালখন ৰ’দত ৰূপৰ দৰে জিলিকি আছিল। ইয়াত লিখা আছিল আলপাইন ক্ৰুজ, য’ত ১৫০ জন যাত্ৰী আছিল। ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্বাচিত কৰা দীঘলীয়া সৰ্পিল আলবুলা/বাৰ্নিনা পথত যাত্ৰা কৰিছিল এই ৰে’লখনে। ৰেলখনে প্ৰেডাৰ পৰা আলভেনুলৈ ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

এই ৰে’লখন চাবলৈ যাতায়তৰ পথৰ মাজতে পাহাৰৰ ওপৰত মানুহ বহি আছিল। এই ঘটনা ৰেক’ৰ্ড কৰিবলৈ কেমেৰা লৈ বহি আছিল মানুহ। এই সুন্দৰ ৰঙা ৰঙৰ ৰেলগাড়ীখনে ২২টা পাহাৰীয়া সুৰংগ আৰু ৪৮খন দলং পাৰ হৈ গৈছিল। ইয়াৰ উপৰিও ৬৫ মিটাৰ উচ্চতাৰ এখন দলঙো অন্তৰ্ভুক্ত হৈছিল। ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যমে এই ঘটনাৰ বিষয়ে বিস্তৃতভাৱে বাতৰি পৰিৱেশন কৰে। কেইবাটাও লুকাউট পইণ্ট যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ডিপ্লমা গ্ৰহণ কৰি ফাচিয়াট্টিয়ে কয় যে ইমান দীঘলীয়া ৰে’লখন নিৰাপদে যাত্ৰা কৰিব পৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কয় যে ৭টা লোকোপাইলট আৰু ২১জন কাৰিকৰী বিদ্যাবিদে একক গতি আৰু ব্ৰেকিং ব্যৱস্থাৰে একেলগে ২৫খন ৰে’লৰ কাম কৰাটো নিশ্চিত কৰিছিল। বিশ্ব অভিলেখ গঢ়া এই যাত্ৰীবাহী ৰে’লখনত মুঠতে ৪,৫০০ খন আসন আৰু ৭ জন চালক আছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে