--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এণ্টাৰ্কটিকাত বসন্ত ঋতু! কিন্তু আনন্দৰ সলনি বিজ্ঞানীসকলে দেখিছে আতংক। কাৰণ এই তীব্ৰ ঠাণ্ডা অঞ্চলত ইয়াৰ আগতে কোনো গছ-গছনি ইমান দ্ৰুতগতিত বৃদ্ধি হোৱা নাই। কেৱল বৃদ্ধিয়েই নহয়, ফুলো ফুলিবলৈ ধৰিছে। সেইবাবেই পৰিৱেশবিদ আৰু বতৰ বিজ্ঞানীসকল আতংকিত হৈ পৰিছে।

এন্টাৰ্কটিকাৰ বুকুত ফুল ফুলাটো আচলতে জলবায়ু পৰিৱৰ্তনৰ লক্ষণ। বৰফেৰে আবৃত এই মহাদেশত ফুল গজা অসম্ভৱ। সেইবাবেই বিজ্ঞানীসকল আতংক অনুভৱ কৰিছে। বিজ্ঞানীসকলৰ প্ৰতিবেদন অনুসৰি চিগনি দ্বীপত দুবিধ উদ্ভিদ গজি থকা দেখা গৈছে। ইয়াৰ ফুলো ফুলিছে। ১৯৬০ চনৰ পৰা ২০০৯ চনলৈকে ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে এই অঞ্চলটোৰ উদ্ভিদৰ পৰিমাণ ১০ গুণ বৃদ্ধি পাইছে।

এন্টাৰ্কটিকাত অন্যান্য প্ৰকাৰৰ গছ-গছনিও বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি অঞ্চলটোৰ বিভিন্ন উদ্ভিদৰ বৃদ্ধি পূৰ্বৰ তুলনাত এতিয়া পাঁচগুণ বৃদ্ধি পাইছে। এন্টাৰ্কটিকাৰ তাপমাত্ৰা গোটেই বছৰটো হিমশীতলতকৈ বহু তলত থাকে। তাত শৈবাল, লাইকেনৰ দৰে উদ্ভিদ গজে যদিও এইসমূহ স্বাভাৱিক।

এইবাৰ এন্টাৰ্কটিকাত নতুন প্ৰকাৰৰ উদ্ভিদ পোৱা গৈছে। বিজ্ঞানীসকলৰ মতে জলবায়ু পৰিৱৰ্তনৰ সুযোগ লৈ তাত নতুন প্ৰকাৰৰ উদ্ভিদৰ জন্ম হৈছে। ইয়াৰ ফলত থলুৱা শৈবাল আৰু লাইকেনৰ বৃদ্ধি হ’ব পাৰে। ফলত এন্টাৰ্কটিকাৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি হ’ব পাৰে। বিজ্ঞানীসকলে আশংকা কৰিছে, এই নতুন উদ্ভিদবোৰৰ বৃদ্ধি হ’লে পুৰণা স্বাভাৱিক উদ্ভিদবিলাক চিৰদিনৰ বাবে নোহোৱা হৈ যাব পাৰে।

আনকি গৱেষকসকলৰ মতে মাটিৰ চৰিত্ৰও সলনি হ’ব পাৰে। এনে উদ্ভিদ পচি যোৱা মাটিৰ লগত মিহলি কৰিলে মাটিৰ অম্লতা সলনি হ’ব পাৰে। ইয়াত নতুন প্ৰকাৰৰ বেক্টেৰিয়া গজিব পাৰে। পৰিৱেশ তন্ত্ৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

অষ্ট্ৰেলিয়াৰ ৱলংগং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্ৰথমে এন্টাৰ্কটিকাত এই ফুল লক্ষ্য কৰিছিল। তেওঁলোকে দেখিলে যে এন্টাৰ্কটিকাত দুবিধ উদ্ভিদ পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে। আৰম্ভণিতে এই উদ্ভিদটো এটা নিৰ্দিষ্ট অঞ্চলত দেখা গৈছিল। এতিয়া ইয়াৰ বাহিৰেও বিভিন্ন অঞ্চলত এই উদ্ভিদ দেখা যায়।

যোৱা ২০ বছৰ ধৰি বিজ্ঞানীসকলে এন্টাৰ্কটিকাত এই উদ্ভিদৰ বিস্তাৰ অতি লাহে লাহে পৰ্যবেক্ষণ কৰি আহিছে। আগতে এই গছ ঠাণ্ডাৰ বাবে বেছি দিন জীয়াই নাথাকিল। শেহতীয়াকৈ আয়ুস বৃদ্ধি পাইছে। ফুলবোৰো ফুলি উঠিছে।

এই পৰিৱৰ্তনৰ কাৰণ বুলি বিজ্ঞানীসকলে মানুহৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দোষাৰোপ কৰে। তেওঁলোকৰ মতে এন্টাৰ্কটিকাত গৱেষক আৰু অভিযাত্ৰীৰ গতিবিধিও বৃদ্ধি পাইছে। তেওঁলোকৰ ভৰিৰ ওপৰত এই উদ্ভিদৰ বীজ বহু দূৰলৈ বিয়পি পৰিল। সেইবাবেই ইয়াৰ প্ৰজনন।

একাংশ বিজ্ঞানীৰ মতে এই উদ্ভিদৰ বীজ সম্ভৱতঃ বহু বছৰৰ আগতে অন্বেষক আৰু অভিযাত্ৰীৰ সৈতে এন্টাৰ্কটিকালৈ আহিছিল। আগতে প্ৰচণ্ড ঠাণ্ডাৰ বাবে ই গজিব পৰা নাছিল। লাহে লাহে জলবায়ু পৰিৱৰ্তনৰ বাবে এই অঞ্চলৰ উষ্ণতা বৃদ্ধি পাইছে। তাৰ পাছত গছজোপা বীজৰ পৰা উঠি আহিল।

গৱেষকৰ এটা অংশৰ মতে, ছীলৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত উদ্ভিদৰ বৈচিত্ৰ্যও বৃদ্ধি পাইছে। ছীলে শেলাইকে ধৰি বিভিন্ন ধৰণৰ উদ্ভিদত ভৰি দিয়ে। তেনেকৈয়ে উদ্ভিদসমূহৰ মৃত্যু হ’লহেঁতেন। এতিয়া ছীলৰ সংখ্যাও কমিছে। ইয়াৰ এটা কাৰণ হ’ল খাদ্যাভ্যাস। তাৰ বাবেই উদ্ভিদৰ সংখ্যা বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত