--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্মীয় দৃষ্টিকোণৰ পৰা ভাৰতত বেলপাতৰ আছে বহু সমাদৰ। কাৰণ বেলপাত অৰ্পণ কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় বুলি হিন্দুধৰ্মত বিশ্বাস আছে। কিন্তু ধৰ্মীয় গুৰুত্বৰ উপৰি বেলপাতৰ আছে বহুতো স্বাস্থ্যজনিত উপকাৰ। ইয়াত কেলচিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদানৰ লগতে ভিটামিন-এ, চি, বি১ আৰু বি৬ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। দৈনিক এই পাত সেৱনে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিয়াৰ উপৰি বেলপাতে হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে অত্যন্ত উপকাৰী বুলি কোৱা হয়।

 স্বাস্থ্য বিশেষজ্ঞসকলৰ অনুসৰি দৈনিক খাদ্য তালিকাত এই পাত অন্তৰ্ভুক্ত কৰিব পাৰি। দিনটোৰ যিকোনো সময়তে এই পাত সেৱন কৰিব পাৰি। অৱশ্যে খালী পেটত সেৱন কৰিলে অধিক সুফল পোৱা যায়। গতিকে জানো আহক পুৱা খালী পেটত বেলপাত খালে কি কি উপকাৰ হয়।

 বেলপাত্ খোৱাৰ উপকাৰিতা-

১. পেটৰ সমস্যা দূৰ কৰেঃ-বেলপাতত অধিক পৰিমাণে আঁহ পোৱা যায়। সেয়েহে এই পাত পেটৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। দৈনিক বেলপাত সেৱনে এচিডিটি, গেছ আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ দিয়াৰ উপৰি কোষ্ঠকাঠিন্যৰ সমস্যাও নোহোৱা কৰে। সেয়েহে দৈনিক খালী পেটত বেলপাতৰ ৰস খালে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ উপৰি পেটৰ সকলো সমস্যা দূৰ কৰে।

২. শৰীৰ শীতল কৰেঃ-প্ৰতিদিনে পুৱা বেলপাত সেৱনে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। দৰাচলতে বেলপাতৰ প্ৰভাৱ শীতল। গতিকে বেলপাত সেৱনে গোটেই শৰীৰটোক শীতল কৰিব পাৰে। সেয়েহে গ্ৰীষ্মকালত বেলপাত সেৱন কৰাটো স্বাস্থ্য ক্ষেত্ৰত অধিক উপকাৰী বুলি বিবেচিত হৈছে। ইয়াৰ ফলত মুখৰ ফোহাৰ সমস্যাও দূৰ হয়।

৩. ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰেঃ-ডায়েবেটিছ ৰোগীৰ বাবে বেলপাত অতি উপকাৰী। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত বেলপাত সেৱন কৰিব পাৰে। কাৰণ এই পাতত থকা আঁহ আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-সুস্থ হৈ থাকিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি বাৰে বাৰে বেমাৰত পৰি থাকে, তেন্তে প্ৰতিদিনে পুৱা খালী পেটত বেলপাতৰ ৰস সেৱন কৰিব পাৰে। বেলপাতত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ