--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্মীয় দৃষ্টিকোণৰ পৰা ভাৰতত বেলপাতৰ আছে বহু সমাদৰ। কাৰণ বেলপাত অৰ্পণ কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় বুলি হিন্দুধৰ্মত বিশ্বাস আছে। কিন্তু ধৰ্মীয় গুৰুত্বৰ উপৰি বেলপাতৰ আছে বহুতো স্বাস্থ্যজনিত উপকাৰ। ইয়াত কেলচিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদানৰ লগতে ভিটামিন-এ, চি, বি১ আৰু বি৬ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। দৈনিক এই পাত সেৱনে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিয়াৰ উপৰি বেলপাতে হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে অত্যন্ত উপকাৰী বুলি কোৱা হয়।

 স্বাস্থ্য বিশেষজ্ঞসকলৰ অনুসৰি দৈনিক খাদ্য তালিকাত এই পাত অন্তৰ্ভুক্ত কৰিব পাৰি। দিনটোৰ যিকোনো সময়তে এই পাত সেৱন কৰিব পাৰি। অৱশ্যে খালী পেটত সেৱন কৰিলে অধিক সুফল পোৱা যায়। গতিকে জানো আহক পুৱা খালী পেটত বেলপাত খালে কি কি উপকাৰ হয়।

 বেলপাত্ খোৱাৰ উপকাৰিতা-

১. পেটৰ সমস্যা দূৰ কৰেঃ-বেলপাতত অধিক পৰিমাণে আঁহ পোৱা যায়। সেয়েহে এই পাত পেটৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। দৈনিক বেলপাত সেৱনে এচিডিটি, গেছ আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ দিয়াৰ উপৰি কোষ্ঠকাঠিন্যৰ সমস্যাও নোহোৱা কৰে। সেয়েহে দৈনিক খালী পেটত বেলপাতৰ ৰস খালে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ উপৰি পেটৰ সকলো সমস্যা দূৰ কৰে।

২. শৰীৰ শীতল কৰেঃ-প্ৰতিদিনে পুৱা বেলপাত সেৱনে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। দৰাচলতে বেলপাতৰ প্ৰভাৱ শীতল। গতিকে বেলপাত সেৱনে গোটেই শৰীৰটোক শীতল কৰিব পাৰে। সেয়েহে গ্ৰীষ্মকালত বেলপাত সেৱন কৰাটো স্বাস্থ্য ক্ষেত্ৰত অধিক উপকাৰী বুলি বিবেচিত হৈছে। ইয়াৰ ফলত মুখৰ ফোহাৰ সমস্যাও দূৰ হয়।

৩. ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰেঃ-ডায়েবেটিছ ৰোগীৰ বাবে বেলপাত অতি উপকাৰী। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত বেলপাত সেৱন কৰিব পাৰে। কাৰণ এই পাতত থকা আঁহ আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-সুস্থ হৈ থাকিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি বাৰে বাৰে বেমাৰত পৰি থাকে, তেন্তে প্ৰতিদিনে পুৱা খালী পেটত বেলপাতৰ ৰস সেৱন কৰিব পাৰে। বেলপাতত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement