--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেছিভাগ লোকেই শীতকালত পানী কমকৈ খায়। কিন্তু গ্ৰীষ্মকালত প্ৰবল উত্তাপৰ বাবে বেছিভাগ পানীয়ে ঘামৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। ফলত শৰীৰত প্ৰয়োজনীয় পানী হ্ৰাস পায়। কিন্তু ডিহাইড্ৰেচনৰ পৰা হাত সাৰিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। আনহাতে পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে, কিন্তু পুৱা খালী পেটত পানী খোৱা অভ্যাস স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক...।

 পুৱা প্ৰথমে পানী খোৱাৰ উপকাৰিতা-

১. পানীলগাঃ-নিশা বহু ঘন্টা পানীৰ পৰা আমি বিৰত থাকো। কিন্তু গৰমৰ দিনত শৰীৰৰ পৰা নিৰ্গত হোৱা ঘামৰ ফলত পানীৰ অভাৱ হ’ব পাৰে, আনকি পানীলগা সমস্যাও হ’ব পাৰে। কিন্তু পুৱা খালী পেটত পানী খোৱা অভ্যাসে স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সহায়ক হয়।

২. বৃক্কৰ পাথৰ প্ৰতিৰোধঃ-পুৱা খালী পেটত পানী খোৱা অভ্যাসে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাৰ উপৰি এচিডিটী আৰু বৃক্কৰ পাথৰ হোৱাত প্ৰতিৰোধ কৰে।

৩. নিস্তেজ ছালৰ উজ্জ্বল কৰেঃ-যদি আপোনাৰ ছালখনো নিস্তেজ হয়, তেন্তে পুৱা খালী পেটত পানী খোৱা অভ্যাস গঢ়ি তোলক। কাৰণ ই ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ সমান্তৰালকৈ নতুন কোষৰ উৎপাদন বৃদ্ধি কৰি ছালখনক উজ্জ্বল কৰি তুলিব পাৰে।

৪. প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ-পুৱা পানী খালে পেটৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে, যাৰ ফলত লসিকা তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয় আৰু সময়ৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বাৰে বাৰে অসুস্থ হৈ পৰা সমস্যাৰ পৰাও ব্যক্তিজনক ৰক্ষা কৰিব পাৰে।

৫. ওজন হ্ৰাস কৰেঃ- পুৱা খালী পেটত পানী খোৱা অভ্যাসে বিপাকীয় ক্ৰিয়া আৰু হজম শক্তি বৃদ্ধি কৰাৰ লগতে ওজনো হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ