--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেছিভাগ লোকেই শীতকালত পানী কমকৈ খায়। কিন্তু গ্ৰীষ্মকালত প্ৰবল উত্তাপৰ বাবে বেছিভাগ পানীয়ে ঘামৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। ফলত শৰীৰত প্ৰয়োজনীয় পানী হ্ৰাস পায়। কিন্তু ডিহাইড্ৰেচনৰ পৰা হাত সাৰিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। আনহাতে পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে, কিন্তু পুৱা খালী পেটত পানী খোৱা অভ্যাস স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক...।

 পুৱা প্ৰথমে পানী খোৱাৰ উপকাৰিতা-

১. পানীলগাঃ-নিশা বহু ঘন্টা পানীৰ পৰা আমি বিৰত থাকো। কিন্তু গৰমৰ দিনত শৰীৰৰ পৰা নিৰ্গত হোৱা ঘামৰ ফলত পানীৰ অভাৱ হ’ব পাৰে, আনকি পানীলগা সমস্যাও হ’ব পাৰে। কিন্তু পুৱা খালী পেটত পানী খোৱা অভ্যাসে স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সহায়ক হয়।

২. বৃক্কৰ পাথৰ প্ৰতিৰোধঃ-পুৱা খালী পেটত পানী খোৱা অভ্যাসে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাৰ উপৰি এচিডিটী আৰু বৃক্কৰ পাথৰ হোৱাত প্ৰতিৰোধ কৰে।

৩. নিস্তেজ ছালৰ উজ্জ্বল কৰেঃ-যদি আপোনাৰ ছালখনো নিস্তেজ হয়, তেন্তে পুৱা খালী পেটত পানী খোৱা অভ্যাস গঢ়ি তোলক। কাৰণ ই ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ সমান্তৰালকৈ নতুন কোষৰ উৎপাদন বৃদ্ধি কৰি ছালখনক উজ্জ্বল কৰি তুলিব পাৰে।

৪. প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ-পুৱা পানী খালে পেটৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে, যাৰ ফলত লসিকা তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয় আৰু সময়ৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বাৰে বাৰে অসুস্থ হৈ পৰা সমস্যাৰ পৰাও ব্যক্তিজনক ৰক্ষা কৰিব পাৰে।

৫. ওজন হ্ৰাস কৰেঃ- পুৱা খালী পেটত পানী খোৱা অভ্যাসে বিপাকীয় ক্ৰিয়া আৰু হজম শক্তি বৃদ্ধি কৰাৰ লগতে ওজনো হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস