--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰপত্তাহীনতাত ভুগা  স্বামীৰ  বাবে এখন হাত হেৰুৱাইছে নতুনকৈ নিযুক্তি পোৱা কেটুগ্ৰামৰ এগৰাকী নাৰ্ছে। তেওঁৰ এতিয়া কি হ’ব? পুনৰ চাকৰিত যোগদান কৰিব পাৰিবনে তেওঁ? স্বাস্থ্য বিভাগৰ মতে, মহিলাগৰাকীয়ে যাতে চাকৰি লাভ কৰাত কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হ’ব বুলি সদৰী কৰিছে। ইফালে নাৰ্ছ সংগঠন সমূহেও নাৰ্ছগৰাকীৰ কাষত থিয় দিছে। ইফালে, চাকৰিটো যাতে থাকে, কৰ্মস্থলীলৈ যাতে যাব পাৰে তাৰে অনুৰোধ জনাই স্বামীক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী ৰেণুই।

কেতুগ্ৰামৰ কোজলছা গাঁৱৰ বাসিন্দা নাৰ্চ ৰেণু খাতুন। তেওঁৰ পিতৃৰ ঘৰ কেতুগ্ৰামৰ চিনিছপুৰ গাঁৱত। চিনিছপুৰ গাঁৱৰ বাসিন্দা আজিজুল হকৰ পাঁচগৰাকী কন্যা আৰু তিনিজন পুত্ৰ সন্তান আছে। সৰু ছোৱালীজনীয়ে ৰেণু। ২০১৬ চনৰ অক্টোবৰ মাহত ৰেণুৱে কোজালছা গাঁৱৰ বাসিন্দা ছিৰাজ শ্বেখৰ একমাত্ৰ পুত্ৰ শ্বেৰ মহম্মদ শ্বেখ ওৰফে শ্বৰীফুলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৰেণু নিজেই নাৰ্ছিঙৰ প্ৰশিক্ষণ লৈছে। দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কৰ্মৰত আছিল তেওঁ। ইয়াৰ পিছতে তেওঁ চৰকাৰী চাকৰি লাভ কৰে। কিছুদিন পূৰ্বে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পেনেলৰ সদস্য হৈছিল ৰেণুই। মাত্ৰ চাকৰিত যোগদান কৰাৰ অপেক্ষাত আছিল ৰেণুকই।

আৰু এই চাকৰিয়েই সমস্যা হৈ থিয় দিলে ৰেণুৰ জীৱনত। চাকৰি পোৱাৰ পাছত  পত্নীয়ে নিজ স্বামীক আঁতৰাই পঠিয়াব বুলি চিন্তিত হৈ পৰিছিল স্বামী শ্বৰীফুল। নিশা এঘাৰ বজাত ৰেণু শুই থকাৰ সময়ত যুৱকজনে দুজন বন্ধুৰ সৈতে ৰেণুক আক্ৰমণ কৰে। চোকা অস্ত্ৰৰে নিৰন্তৰ আঘাত কৰে শ্বৰীফুলে। ৰেণুৰ সোঁ হাতত উপৰ্যুপৰি আঘাত কৰে স্বামীয়ে। জানিবলৈ পোৱা মতে,  বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে ৰেণু।

সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, বৰ্তমান সময়ত ৰেণুৰ এখন হাত নাই। গতিকে, নাৰ্ছৰ চাকৰিত যোগদান কৰিব পাৰিবনে তেওঁ? স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰৰ মতে, মহিলাগৰাকীয়ে চাকৰি লাভ কৰাত কোনো অসুবিধা যাতে নহয় তাৰ ব্যৱস্থা লোৱা হৈছে। স্বাস্থ্য বিষয়া সিদ্ধাৰ্থ নিয়োগীয়ে কয় যে, যুৱতীগৰাকীৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত পৰ্যবেক্ষন কৰা হ’ব।

ইফালে, অভিযুক্তক অনতিপলমে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে নাৰ্ছ সংগঠনটোৱে। ৰেণুৱে যাতে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভুক্তভোগী নাৰ্ছগৰাকীক চৰকাৰৰ উদ্যোগত নকল হাত যোগান ধৰিবলৈও অনুৰোধ জনাইছে নাৰ্ছ সংগঠনটোৱে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে