--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰপত্তাহীনতাত ভুগা  স্বামীৰ  বাবে এখন হাত হেৰুৱাইছে নতুনকৈ নিযুক্তি পোৱা কেটুগ্ৰামৰ এগৰাকী নাৰ্ছে। তেওঁৰ এতিয়া কি হ’ব? পুনৰ চাকৰিত যোগদান কৰিব পাৰিবনে তেওঁ? স্বাস্থ্য বিভাগৰ মতে, মহিলাগৰাকীয়ে যাতে চাকৰি লাভ কৰাত কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হ’ব বুলি সদৰী কৰিছে। ইফালে নাৰ্ছ সংগঠন সমূহেও নাৰ্ছগৰাকীৰ কাষত থিয় দিছে। ইফালে, চাকৰিটো যাতে থাকে, কৰ্মস্থলীলৈ যাতে যাব পাৰে তাৰে অনুৰোধ জনাই স্বামীক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী ৰেণুই।

কেতুগ্ৰামৰ কোজলছা গাঁৱৰ বাসিন্দা নাৰ্চ ৰেণু খাতুন। তেওঁৰ পিতৃৰ ঘৰ কেতুগ্ৰামৰ চিনিছপুৰ গাঁৱত। চিনিছপুৰ গাঁৱৰ বাসিন্দা আজিজুল হকৰ পাঁচগৰাকী কন্যা আৰু তিনিজন পুত্ৰ সন্তান আছে। সৰু ছোৱালীজনীয়ে ৰেণু। ২০১৬ চনৰ অক্টোবৰ মাহত ৰেণুৱে কোজালছা গাঁৱৰ বাসিন্দা ছিৰাজ শ্বেখৰ একমাত্ৰ পুত্ৰ শ্বেৰ মহম্মদ শ্বেখ ওৰফে শ্বৰীফুলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৰেণু নিজেই নাৰ্ছিঙৰ প্ৰশিক্ষণ লৈছে। দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কৰ্মৰত আছিল তেওঁ। ইয়াৰ পিছতে তেওঁ চৰকাৰী চাকৰি লাভ কৰে। কিছুদিন পূৰ্বে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পেনেলৰ সদস্য হৈছিল ৰেণুই। মাত্ৰ চাকৰিত যোগদান কৰাৰ অপেক্ষাত আছিল ৰেণুকই।

আৰু এই চাকৰিয়েই সমস্যা হৈ থিয় দিলে ৰেণুৰ জীৱনত। চাকৰি পোৱাৰ পাছত  পত্নীয়ে নিজ স্বামীক আঁতৰাই পঠিয়াব বুলি চিন্তিত হৈ পৰিছিল স্বামী শ্বৰীফুল। নিশা এঘাৰ বজাত ৰেণু শুই থকাৰ সময়ত যুৱকজনে দুজন বন্ধুৰ সৈতে ৰেণুক আক্ৰমণ কৰে। চোকা অস্ত্ৰৰে নিৰন্তৰ আঘাত কৰে শ্বৰীফুলে। ৰেণুৰ সোঁ হাতত উপৰ্যুপৰি আঘাত কৰে স্বামীয়ে। জানিবলৈ পোৱা মতে,  বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে ৰেণু।

সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, বৰ্তমান সময়ত ৰেণুৰ এখন হাত নাই। গতিকে, নাৰ্ছৰ চাকৰিত যোগদান কৰিব পাৰিবনে তেওঁ? স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰৰ মতে, মহিলাগৰাকীয়ে চাকৰি লাভ কৰাত কোনো অসুবিধা যাতে নহয় তাৰ ব্যৱস্থা লোৱা হৈছে। স্বাস্থ্য বিষয়া সিদ্ধাৰ্থ নিয়োগীয়ে কয় যে, যুৱতীগৰাকীৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত পৰ্যবেক্ষন কৰা হ’ব।

ইফালে, অভিযুক্তক অনতিপলমে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে নাৰ্ছ সংগঠনটোৱে। ৰেণুৱে যাতে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভুক্তভোগী নাৰ্ছগৰাকীক চৰকাৰৰ উদ্যোগত নকল হাত যোগান ধৰিবলৈও অনুৰোধ জনাইছে নাৰ্ছ সংগঠনটোৱে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ