--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন ৰূপত দেখা যাব পাৰে এতিয়া হলীউডৰ বিখ্যাত অভিনেতা ইদ্ৰিছ এলবাকক৷ হলীউডৰ বিখ্যাত চোৰাংচাৱা চলচ্চিত্ৰ ছিৰিজ জে’মছ ব’ণ্ড’ৰ পৰৱৰ্তী ছবিত প্ৰথমবাৰলৈ ব’ণ্ডৰ চৰিত্ৰত প্ৰত্যক্ষ হ’ব পাৰে এজন কৃষ্ণাংগ অভিনেতাক। নতুন জেমছ ব’ণ্ড কোন? এই প্ৰশ্নটোৰ উত্তৰত কেইগৰাকী জনপ্ৰিয় অভিনেতাৰ নাম চৰ্চিত হৈছে। আন্তঃজাৰ্তিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, জেমছ ব’ণ্ডৰ নিৰ্মাতাই ‘০০৭’ ছিৰিজৰ পৰৱৰ্তী ছবিত হলীউডৰ বিখ্যাত অভিনেতা ইদ্ৰিছ এলবাক ব’ণ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচন কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। ৪৯ বছৰীয়া অভিনেতাজন ব’ণ্ড চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিলে এলবাকে পৰিচিত হ’ব সপ্তমজন অভিনেতা হিচাপে। ব’ণ্ড ছিৰিজৰ প্ৰযোজকে সম্প্ৰতি এনে এক ইংগিতেই বহন কৰিছে৷ ইপিনে এলবাকৰ লগতে ব’ণ্ড ছিৰিজত পৰৱৰ্তী ছবিত ব’ণ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে টম হাৰ্ডি, ৰিচাৰ্ড মেইডেন, চিলিয়ন মাৰ্ফি, হেনৰি কেভিল, টম হিডলিষ্টন আদিৰ নামে চৰ্চিত হৈছে। অৱশ্যে বৰ্তমানলৈকে পৰৱৰ্তী জেমছ ব’ণ্ডৰ অভিনেতাৰ নাম স্থিৰ কৰা হোৱা নাই। উল্লেখ্য যে ২০০৬ৰ পৰা জেমছ ব’ণ্ডৰ ছবিত এই বিখ্যাত চোৰাংচোৱা চৰিত্ৰত অভিনয় কৰি আহিছে ডেনিয়েল ক্ৰেইগে। ইড্ৰিছ এলবা হলীউডৰ এজন অতি জনপ্ৰিয় ব্ৰিটিছ অভিনেতা। তেওঁ কেইবাখনো চলচ্চিত্ৰ আৰু ৱেব ছিৰিজত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। ইদ্ৰিছক কিছুদিন পূৰ্বে মুক্তি পোৱা ‘ছুইচাইড স্কোৱাড’ত দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ