--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন ৰূপত দেখা যাব পাৰে এতিয়া হলীউডৰ বিখ্যাত অভিনেতা ইদ্ৰিছ এলবাকক৷ হলীউডৰ বিখ্যাত চোৰাংচাৱা চলচ্চিত্ৰ ছিৰিজ জে’মছ ব’ণ্ড’ৰ পৰৱৰ্তী ছবিত প্ৰথমবাৰলৈ ব’ণ্ডৰ চৰিত্ৰত প্ৰত্যক্ষ হ’ব পাৰে এজন কৃষ্ণাংগ অভিনেতাক। নতুন জেমছ ব’ণ্ড কোন? এই প্ৰশ্নটোৰ উত্তৰত কেইগৰাকী জনপ্ৰিয় অভিনেতাৰ নাম চৰ্চিত হৈছে। আন্তঃজাৰ্তিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, জেমছ ব’ণ্ডৰ নিৰ্মাতাই ‘০০৭’ ছিৰিজৰ পৰৱৰ্তী ছবিত হলীউডৰ বিখ্যাত অভিনেতা ইদ্ৰিছ এলবাক ব’ণ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচন কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। ৪৯ বছৰীয়া অভিনেতাজন ব’ণ্ড চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিলে এলবাকে পৰিচিত হ’ব সপ্তমজন অভিনেতা হিচাপে। ব’ণ্ড ছিৰিজৰ প্ৰযোজকে সম্প্ৰতি এনে এক ইংগিতেই বহন কৰিছে৷ ইপিনে এলবাকৰ লগতে ব’ণ্ড ছিৰিজত পৰৱৰ্তী ছবিত ব’ণ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে টম হাৰ্ডি, ৰিচাৰ্ড মেইডেন, চিলিয়ন মাৰ্ফি, হেনৰি কেভিল, টম হিডলিষ্টন আদিৰ নামে চৰ্চিত হৈছে। অৱশ্যে বৰ্তমানলৈকে পৰৱৰ্তী জেমছ ব’ণ্ডৰ অভিনেতাৰ নাম স্থিৰ কৰা হোৱা নাই। উল্লেখ্য যে ২০০৬ৰ পৰা জেমছ ব’ণ্ডৰ ছবিত এই বিখ্যাত চোৰাংচোৱা চৰিত্ৰত অভিনয় কৰি আহিছে ডেনিয়েল ক্ৰেইগে। ইড্ৰিছ এলবা হলীউডৰ এজন অতি জনপ্ৰিয় ব্ৰিটিছ অভিনেতা। তেওঁ কেইবাখনো চলচ্চিত্ৰ আৰু ৱেব ছিৰিজত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। ইদ্ৰিছক কিছুদিন পূৰ্বে মুক্তি পোৱা ‘ছুইচাইড স্কোৱাড’ত দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু