--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাজি মাৰি সুৰা পান কৰি এজন যুৱকে পান কৰিলে ৯০ মিনিটত ২২ পেগ মদ । তাৰপাছতে মৃত্যু হয় যুৱকজন। পোলেণ্ডৰ ক্ৰেকোত সংঘটিত হয় এই কাণ্ড।  নেটজগতত খবৰটো পোহৰলৈ অহাৰ পিছতে হতভম্ব হৈ পৰিল নেটিজেনসকল।

বন্ধুৰ সৈতে নাইটক্লাবলৈ গৈছিল মাৰ্ক এজন ব্ৰিটিছ যুৱক। নাইটক্লাবত বন্ধুসকলৰ বাজি মাৰে যে ৯০ মিনিটৰ ভিতৰতে ২২ পেগ মদ তেওঁ পান কৰিব। 

যুৱকজনৰ বয়স ৩৬ বছৰ।  ক্ৰাইয়াল নাইটছ নামৰ ক্লাব এটাত মদ খাবলৈ গৈছিল তেওঁ। নাইটক্লাবত উপস্থিত থকা বন্ধু আৰু অন্যান্যসকলৰ লগত কিমান মদ্যপান কৰিব পাৰে তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে।

তাৰ পিছত মাত্ৰ ৯০ মিনিটৰ ভিতৰতে যুৱকজনে ২২ পেগ মদ খালে। মদ্যপান কৰাৰ কিছু সময়ৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ দেহত ০.৪ শতাংশ এলক’হল আছিল বুলি জানিব পৰা গৈছে। যিটো স্বাভাৱিকতকৈ বহু বেছি। অতিৰিক্ত মদ খোৱাৰ পিছত তেওঁ অজ্ঞান হৈ পৰে। আনকি অভিযোগ কৰা হৈছে যে সেই সময়ত যুৱকজনৰ পৰা ৪২০ পাউণ্ড লুট কৰা হৈছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে নাইট ক্লাবৰ পৰিচালক, মৃতকৰ বন্ধুসহ ৪ জন অভিযুক্তক জেৰা আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন