--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাজি মাৰি সুৰা পান কৰি এজন যুৱকে পান কৰিলে ৯০ মিনিটত ২২ পেগ মদ । তাৰপাছতে মৃত্যু হয় যুৱকজন। পোলেণ্ডৰ ক্ৰেকোত সংঘটিত হয় এই কাণ্ড।  নেটজগতত খবৰটো পোহৰলৈ অহাৰ পিছতে হতভম্ব হৈ পৰিল নেটিজেনসকল।

বন্ধুৰ সৈতে নাইটক্লাবলৈ গৈছিল মাৰ্ক এজন ব্ৰিটিছ যুৱক। নাইটক্লাবত বন্ধুসকলৰ বাজি মাৰে যে ৯০ মিনিটৰ ভিতৰতে ২২ পেগ মদ তেওঁ পান কৰিব। 

যুৱকজনৰ বয়স ৩৬ বছৰ।  ক্ৰাইয়াল নাইটছ নামৰ ক্লাব এটাত মদ খাবলৈ গৈছিল তেওঁ। নাইটক্লাবত উপস্থিত থকা বন্ধু আৰু অন্যান্যসকলৰ লগত কিমান মদ্যপান কৰিব পাৰে তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে।

তাৰ পিছত মাত্ৰ ৯০ মিনিটৰ ভিতৰতে যুৱকজনে ২২ পেগ মদ খালে। মদ্যপান কৰাৰ কিছু সময়ৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ দেহত ০.৪ শতাংশ এলক’হল আছিল বুলি জানিব পৰা গৈছে। যিটো স্বাভাৱিকতকৈ বহু বেছি। অতিৰিক্ত মদ খোৱাৰ পিছত তেওঁ অজ্ঞান হৈ পৰে। আনকি অভিযোগ কৰা হৈছে যে সেই সময়ত যুৱকজনৰ পৰা ৪২০ পাউণ্ড লুট কৰা হৈছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে নাইট ক্লাবৰ পৰিচালক, মৃতকৰ বন্ধুসহ ৪ জন অভিযুক্তক জেৰা আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস