--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃসাধ্য সাধন কৰিছে ভাৰতীয় বায়ুসেনাই। লাইট নোহোৱাকৈ বিমান অৱতৰণ আৰু উৰণৰ দ্বাৰা ৰক্ষা কৰিলে ১২১ জন যাত্ৰীৰ প্ৰাণ।

চুডানত চলি থকা ৰাজনৈতিক-সামৰিক সংঘৰ্ষৰ মাজৰ পৰা প্ৰবাসী ভাৰতীয় নাগৰিক সকলক ঘূৰাই অনাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেশ্যন কাবেৰী’। অপাৰেশ্যন কাবেৰীৰ জৰিয়তে অৰ্হনিশে ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এফালে চুডানৰ সাগৰীয় বন্দৰৰ পৰা জলপথেৰে ভাৰতীয় নৌ সেনাই ভাৰতীয় সকলক ঘূৰাই আনিছে। ইফালে বায়ুসেনাই উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰিছে চি–১৩০ জে নামৰ বিশেষ বিমান।

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে। কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল। কেৱল সেয়াই নহয়, বিমানৰ ৰাণৱেত আছিল বহু গাঁত আৰু খাৱৈ। ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ পাইলটে কেৱল নাইট ভিজন গগলছ পিন্ধি বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয়।

চুডানৰ ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰত অৱস্থিত ৱাডি ছায়িদনাৰ পৰা ১২১ জন ভাৰতীয়ক কঢ়িয়াই অনা বায়ুসেনাৰ চি–১৩০জে বিমানখনে উৰা মাৰিছিল। এই বিমানপথত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। আনকি বিমানত ইন্ধন ভৰোৱাৰ ব্যৱস্থাও নাছিল। ইপিনে ৰাণৱেটোও সম্পূৰ্ণ মসৃণ নাছিল। কিন্তু বায়ুসেনাৰ পাইলটসকলে অতি দক্ষতাৰ পৰিচয় দি নৈশ দৃষ্টিশক্তি চশমাৰ সহায়ত বিমানখন নিৰাপদে উৰুৱাইছিল।

ইয়াৰ পূৰ্বে সেই বিমানপথত অৱতৰণ কৰাৰ সময়তো বিমানখনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। পোহৰৰ অভাৱত বিমানখনৰ অৱতৰণ অতি বিপদজনক আছিল। এই সন্দৰ্ভত বায়ুসেনাই জনোৱা মতে, বিমানখন এয়াৰষ্ট্ৰিপৰ ওচৰলৈ অহাৰ লগে লগে পাইলটসকলে ইনফ্ৰাৰেড চেন্সৰ ব্যৱহাৰ কৰে। তাৰ পৰাই তেওঁলোকে বুজিব পাৰে যে ৰাণৱেত কিবা বাধা আছে নেকি। বায়ুসেনাৰ তথ্য অনুসৰি উৰণতকৈ বিমানখনৰ অৱতৰণ স্বাভাৱিকতে অধিক বিপজ্জনক আৰু কঠিন আছিল।

ইয়াৰ পিছতে ১২১ জন লোক লৈ বিমানখনে ছৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হয়। এই সমগ্ৰ অপাৰেশ্যনত ডেৰ–দুই ঘণ্টা সময় লাগে। উদ্ধাৰ কৰা ভাৰতীয়সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছিল বুলি বায়ুসেনাই জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন