--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃসাধ্য সাধন কৰিছে ভাৰতীয় বায়ুসেনাই। লাইট নোহোৱাকৈ বিমান অৱতৰণ আৰু উৰণৰ দ্বাৰা ৰক্ষা কৰিলে ১২১ জন যাত্ৰীৰ প্ৰাণ।

চুডানত চলি থকা ৰাজনৈতিক-সামৰিক সংঘৰ্ষৰ মাজৰ পৰা প্ৰবাসী ভাৰতীয় নাগৰিক সকলক ঘূৰাই অনাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেশ্যন কাবেৰী’। অপাৰেশ্যন কাবেৰীৰ জৰিয়তে অৰ্হনিশে ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এফালে চুডানৰ সাগৰীয় বন্দৰৰ পৰা জলপথেৰে ভাৰতীয় নৌ সেনাই ভাৰতীয় সকলক ঘূৰাই আনিছে। ইফালে বায়ুসেনাই উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰিছে চি–১৩০ জে নামৰ বিশেষ বিমান।

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে। কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল। কেৱল সেয়াই নহয়, বিমানৰ ৰাণৱেত আছিল বহু গাঁত আৰু খাৱৈ। ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ পাইলটে কেৱল নাইট ভিজন গগলছ পিন্ধি বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয়।

চুডানৰ ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰত অৱস্থিত ৱাডি ছায়িদনাৰ পৰা ১২১ জন ভাৰতীয়ক কঢ়িয়াই অনা বায়ুসেনাৰ চি–১৩০জে বিমানখনে উৰা মাৰিছিল। এই বিমানপথত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। আনকি বিমানত ইন্ধন ভৰোৱাৰ ব্যৱস্থাও নাছিল। ইপিনে ৰাণৱেটোও সম্পূৰ্ণ মসৃণ নাছিল। কিন্তু বায়ুসেনাৰ পাইলটসকলে অতি দক্ষতাৰ পৰিচয় দি নৈশ দৃষ্টিশক্তি চশমাৰ সহায়ত বিমানখন নিৰাপদে উৰুৱাইছিল।

ইয়াৰ পূৰ্বে সেই বিমানপথত অৱতৰণ কৰাৰ সময়তো বিমানখনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। পোহৰৰ অভাৱত বিমানখনৰ অৱতৰণ অতি বিপদজনক আছিল। এই সন্দৰ্ভত বায়ুসেনাই জনোৱা মতে, বিমানখন এয়াৰষ্ট্ৰিপৰ ওচৰলৈ অহাৰ লগে লগে পাইলটসকলে ইনফ্ৰাৰেড চেন্সৰ ব্যৱহাৰ কৰে। তাৰ পৰাই তেওঁলোকে বুজিব পাৰে যে ৰাণৱেত কিবা বাধা আছে নেকি। বায়ুসেনাৰ তথ্য অনুসৰি উৰণতকৈ বিমানখনৰ অৱতৰণ স্বাভাৱিকতে অধিক বিপজ্জনক আৰু কঠিন আছিল।

ইয়াৰ পিছতে ১২১ জন লোক লৈ বিমানখনে ছৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হয়। এই সমগ্ৰ অপাৰেশ্যনত ডেৰ–দুই ঘণ্টা সময় লাগে। উদ্ধাৰ কৰা ভাৰতীয়সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছিল বুলি বায়ুসেনাই জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস