--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অভিযানৰ লগত জড়িত হৈ শিৰোনাম দখল কৰিছে এজনী কুকুৰে৷ইংলেণ্ডৰ এটা পৰিয়ালৰ নিষ্ঠাবান কুকুৰ ডেইজীৰ সহায়ত মাইনশ্বাফ্টৰ পৰা ১০০ ফুট তললৈ পৰি যোৱা মেকুৰী এটাক অগ্নিনিৰ্বাপক বাহিনীয়ে সফলতাৰে উদ্ধাৰ কৰে। ২০ অক্টোবৰত নিৰুদ্দেশ হোৱা এটা মেকুৰীৰ সন্ধানত ডেইজী নামৰ কুকুৰজনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

প্ৰকৃততে মেকুৰীটো হেৰোৱা পাছত মেকুৰী হেৰোৱা পৰিয়ালটোৰ বাসগৃহৰ চাৰিওফালে থকা হাবিখনৰ ভিতৰলৈ সঘনাই ওলাই-সোমাই থকা দেখি মেকুৰীজনীৰ অৱস্থিতি সন্দৰ্ভত স্বতাধিকাৰীৰ মনোবল বৃদ্ধি পায়। বিবিচিৰ তথ্য অনুসৰি, ডেইজীয়ে মাইনশ্বাফ্টৰ কাষত পূৰ্বে প্ৰিন্স অৱ ৱেলছৰ পুৰণি খনিৰ কাম-কাজৰ ফালে খোজকাঢ়ি যোৱা পথ এটাৰে মেকুৰীৰ স্বতাধিকাৰী ৰ’জক মেকুৰীজনীক বিচাৰি যোৱাত গাইড কৰিছিল।


আৰ এছ পি চি এয়ে জনোৱা মতে, ৰয়েল ছ’চাইটি ফৰ দ্য প্ৰিভেনচন অৱ ক্ৰুৱেলটি টু এনিমেলছ (আৰ এছ পি চি এ) আৰু কৰ্ণৱাল ফায়াৰ এণ্ড ৰেচকিউক মাতি অনা হৈছিল যদিও প্ৰথম নিশা মাইনশ্বাফ্টত প্ৰৱেশ কৰিবলৈ বহুত আন্ধাৰ আছিল।পিছদিনা পুৱা আৰ এছ পি চি এৰ পশু উদ্ধাৰকাৰী বিষয়া ষ্টিফেন ফিণ্ডল’ৰ নেতৃত্বত গঠিত দলটোৱে ১০০ ফুট তললৈ গৈ আঘাতপ্ৰাপ্ত হোৱা ম’গলীক দেখা পায় আৰু মেকুৰীটোক নিৰাপদ স্থানলৈ টানি অনা হয় বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ