--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ উফৰি আহে বতাহত মৰণকাতৰ আৰ্তনাদ৷ শেহতীয়াকৈ জনপ্ৰিয় ইজৰাইলী টিভি অনুষ্ঠান ‘ফৌডা’ৰ এজন সদস্য গাজাত নিহত হোৱাৰ খবৰ পোৱা গৈছে। 

‘দ্য জেৰুজালেম পোষ্ট’ৰ বাতৰি অনুসৰি, ইজৰাইলৰ ৫৫১সংখ্যক ব্ৰিগেডৰ ৬৯৭সংখ্যক বেটেলিয়নৰ এজন সংৰক্ষক আৰু অনুষ্ঠানটোত শ্বোটোৰ মাতান মেইৰক গাজাত কৰ্তব্যৰত হৈ মৃত্যু হোৱা সৈনিকসকলৰ আইডিএফ তালিকাত ঘোষণা কৰা হৈছিল৷

‘ফৌদা’ৰ ছ’চিয়েল মিডিয়া গোটেও এটা বিবৃতি প্ৰকাশ কৰি মতন মেইৰৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। পোষ্টটোত ‘ফৌদা’ কৰ্তৃপক্ষই লিখিছে— গাজাত আমাৰ ফৌদা পৰিয়ালৰ এজন সদস্য মাতন মেইৰ নিহত হোৱাৰ কথা জনাবলৈ গৈ আমি ব্যথিত হৈছোঁ৷ মতান আমাৰ এজন অবিচ্ছেদ্য সদস্য আছিল। এই শোকাৱহ ক্ষতিৰ দ্বাৰা কলা-কুশলী আৰু কৰ্মচাৰীসকলৰ হৃদয় বিষাদেৰে ভৰি পৰিছে। আমি মতনৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মাই শান্তি লাভ কৰক৷
 
মেইৰ আছিল ওডেমৰ বাসিন্দা৷ ‘ফৌদা’ৰ সদস্যই আইডিএফৰ ৫৫১সংখ্যক ব্ৰিগেডৰ ৬৯৭সংখ্যক বেটেলিয়নত যুঁজ দিছিল।

‘ফৌদা’ৰ উপৰি মেইৰ ‘দ্য কপছ’কে ধৰি অন্যান্য অনুষ্ঠানৰ প্ৰযোজনাতো জড়িত আছিল।
হামাছে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ইজৰাইলে হামাছৰ ওপৰত প্ৰতি-আক্ৰমণ আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদী দলটোক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন