--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ মাজৰ সম্পৰ্কৰ প্ৰতিফলন ঘটাই চেন্নাইৰ এটা তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এজন, দুজন নহয় ; এশজন কৰ্মচাৰীলৈ বিলাসী গাড়ী উপহাৰ হিচাপে আগবঢ়াইছে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই৷ কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ মাজৰ সম্পৰ্কক সুদৃঢ় কৰিবলৈ প্ৰতিষ্ঠানটোৱে লৈছে এনে পদক্ষেপ৷ 

জানিব পৰা মতে, চেন্নাইস্থিত এটা তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোৰ ১০০গৰাকী কৰ্মচাৰীক উপহাৰ দিছে একোখনকৈ বিলাসী গাড়ী৷ চেন্নাইস্থিত আন এটা ছফ্টৱেৰ-এজ-এ-চাৰ্ভিচ কোম্পানী (চাচ) কিছফ্লোৱে প্ৰতিষ্ঠানটোৰ পাঁচজন জ্যেষ্ঠ বিষয়াক বিলাসী বিএমডব্লিউ গাড়ী উপহাৰ দিয়াৰ কেইদিনমান পাছতে চেন্নাইতো কৰ্মচাৰীলৈ আগবঢ়োৱা হ’ল গাড়ী৷

আইডিয়াচ2আইটিৰ মাৰ্কেটিং হেড হৰি সুব্ৰমনিয়ামে কয়, আমি আমাৰ ১০০জন কৰ্মচাৰীক ১০০খন গাড়ী উপহাৰ দিছোঁ, যিসকলে ১০ বছৰতকৈও অধিক সময় ধৰি আমাৰ অংশ হৈ আছে। আমাৰ ৫০০ জন কৰ্মচাৰীৰ শক্তি আছে। আমাৰ ধাৰণা হৈছে আমি লাভ কৰা সম্পদ কৰ্মচাৰীসকলক ঘূৰাই দিয়া৷

আইডিয়াচ2আইটিৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ মুৰলী বিবেকানন্দনে কয় যে কৰ্মচাৰীসকলে কোম্পানীটোৰ উন্নতিৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিছে আৰু কোম্পানীটোৱে তেওঁলোকক গাড়ী নিদিয়ে, তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ইয়াক উপাৰ্জন কৰিছে।

তেওঁ লগতে কয়, সাত-আঠ বছৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যেতিয়া আমি লক্ষ্যপ্ৰাপ্তি কৰিম তেতিয়া আমি আমাৰ সম্পদ ভাগ-বতোৱাৰা কৰিম। এই গাড়ীবোৰ বঁটা হিচাপে প্ৰদান কৰাটো মাত্ৰ প্ৰথম পদক্ষেপ। আমি অদূৰ ভৱিষ্যতে এনে ধৰণৰ আৰু অধিক পদক্ষেপ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল