--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্ক: দৰিদ্ৰতাই গ্ৰাস কৰা পাকিস্তানত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। আকৌ এবাৰ হিন্দুক টাৰ্গেট কৰাৰ বিষয়টো চৰ্চালৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পঞ্জাৱ বিশ্ববিদ্যালয়ত ফাকুৱা খেলি থকা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা হয়। এই আক্ৰমণত ১৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে।

আচলতে ঘটনা পঞ্জাৱ বিশ্ববিদ্যালয়ৰ, য’ত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফাকুৱা উদযাপন কৰি আছিল। এজন প্ৰত্যক্ষদৰ্শী কাচিফ ব্ৰহীয়ে এই সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰিছে। কাছিফে কৈছে, ‘ল’ কলেজৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱাৰ লগে লগে ইছলামী জমিয়ত তুলবা (IJT)ৰ কৰ্মীসকলে তেওঁলোকক হোলী উদযাপনৰ পৰা বলপূৰ্বকভাৱে বাধা দিছিল, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ ফলত ১৫ জন হিন্দু ছাত্ৰ আহত হয়।


পাকিস্তানত হিন্দুকে ধৰি আন সংখ্যালঘু সম্প্ৰদায়ৰ অৱস্থা ভাল নহয়। ভাৰতে প্ৰায়ে এই বিষয়টো উত্থাপন কৰি আহিছে। ৩ মাৰ্চত ৰাষ্ট্ৰসংঘত ভাৰতে উল্লেখ কৰিছিল যে পাকিস্তানত প্ৰায়ে হিন্দু, শিখ আৰু খ্ৰীষ্টানসকলক আক্ৰমণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত পাকিস্তানে দিয়া বক্তব্যৰ প্ৰত্যুত্তৰত ভাৰতে কয় যে পাকিস্তানৰ প্ৰতিনিধিয়ে পুনৰবাৰ নিজৰ দেশৰ বিৰুদ্ধে কৰা কু-অভিপ্ৰচাৰৰ বাবে এই সন্মানীয় মঞ্চৰ অপব্যৱহাৰ কৰিলে।

ভাৰতৰ প্ৰতিনিধি সীমা পূজনীয়ে পাকিস্তানী সমকক্ষ হিনা ৰাব্বানী খাৰক ধমক দি কয় যে আজি কোনো সংখ্যালঘু লোকে পাকিস্তানত মুক্তভাৱে থাকিব নোৱাৰে।

ৰাষ্ট্ৰসংঘত ভাৰতে দাবী কৰিছিল যে বিগত দশকত পাকিস্তান তদন্ত আয়োগে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা সন্দৰ্ভত ৮৪৬৩টা অভিযোগ লাভ কৰিছে। এই নৃশংস নীতিৰ বোজা বহন কৰিছে বেলুচ ৰাইজে। ছাত্ৰ-ছাত্ৰী, চিকিৎসক, অভিযন্তা, শিক্ষক আৰু সমাজৰ নেতাসকলক প্ৰায়ে অপহৰণ কৰা হয়। খ্ৰীষ্টান সম্প্ৰদায়ৰ লগত ব্যৱহাৰো সমানেই বেয়া। ইয়াক প্ৰায়ে ঈশ্বৰ নিন্দা আইনৰ জৰিয়তে লক্ষ্য কৰি লোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন