--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্ক: দৰিদ্ৰতাই গ্ৰাস কৰা পাকিস্তানত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। আকৌ এবাৰ হিন্দুক টাৰ্গেট কৰাৰ বিষয়টো চৰ্চালৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পঞ্জাৱ বিশ্ববিদ্যালয়ত ফাকুৱা খেলি থকা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা হয়। এই আক্ৰমণত ১৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে।

আচলতে ঘটনা পঞ্জাৱ বিশ্ববিদ্যালয়ৰ, য’ত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফাকুৱা উদযাপন কৰি আছিল। এজন প্ৰত্যক্ষদৰ্শী কাচিফ ব্ৰহীয়ে এই সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰিছে। কাছিফে কৈছে, ‘ল’ কলেজৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱাৰ লগে লগে ইছলামী জমিয়ত তুলবা (IJT)ৰ কৰ্মীসকলে তেওঁলোকক হোলী উদযাপনৰ পৰা বলপূৰ্বকভাৱে বাধা দিছিল, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ ফলত ১৫ জন হিন্দু ছাত্ৰ আহত হয়।


পাকিস্তানত হিন্দুকে ধৰি আন সংখ্যালঘু সম্প্ৰদায়ৰ অৱস্থা ভাল নহয়। ভাৰতে প্ৰায়ে এই বিষয়টো উত্থাপন কৰি আহিছে। ৩ মাৰ্চত ৰাষ্ট্ৰসংঘত ভাৰতে উল্লেখ কৰিছিল যে পাকিস্তানত প্ৰায়ে হিন্দু, শিখ আৰু খ্ৰীষ্টানসকলক আক্ৰমণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত পাকিস্তানে দিয়া বক্তব্যৰ প্ৰত্যুত্তৰত ভাৰতে কয় যে পাকিস্তানৰ প্ৰতিনিধিয়ে পুনৰবাৰ নিজৰ দেশৰ বিৰুদ্ধে কৰা কু-অভিপ্ৰচাৰৰ বাবে এই সন্মানীয় মঞ্চৰ অপব্যৱহাৰ কৰিলে।

ভাৰতৰ প্ৰতিনিধি সীমা পূজনীয়ে পাকিস্তানী সমকক্ষ হিনা ৰাব্বানী খাৰক ধমক দি কয় যে আজি কোনো সংখ্যালঘু লোকে পাকিস্তানত মুক্তভাৱে থাকিব নোৱাৰে।

ৰাষ্ট্ৰসংঘত ভাৰতে দাবী কৰিছিল যে বিগত দশকত পাকিস্তান তদন্ত আয়োগে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা সন্দৰ্ভত ৮৪৬৩টা অভিযোগ লাভ কৰিছে। এই নৃশংস নীতিৰ বোজা বহন কৰিছে বেলুচ ৰাইজে। ছাত্ৰ-ছাত্ৰী, চিকিৎসক, অভিযন্তা, শিক্ষক আৰু সমাজৰ নেতাসকলক প্ৰায়ে অপহৰণ কৰা হয়। খ্ৰীষ্টান সম্প্ৰদায়ৰ লগত ব্যৱহাৰো সমানেই বেয়া। ইয়াক প্ৰায়ে ঈশ্বৰ নিন্দা আইনৰ জৰিয়তে লক্ষ্য কৰি লোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ