--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাত তীব্ৰতৰ হৈ উঠিছে অৰ্থনৈতিক সংকট। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই শুকুৰবাৰে নিশা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।

ইফালে, শ্ৰীলংকাৰ এই দুৰ্দশাৰ সময়ত ভাৰতে চুবুৰীয়া দেশখনৰ পক্ষত থাকিবলৈ সাধ্য অনুসাৰে চেষ্টা অব্যাহত ৰাখিছে। ভাৰতীয় দূতাবাসৰ মতে, ইতিমধ্যে ভাৰতে শ্ৰীলংকালৈ ৬,০০০ মেগা টন ইন্ধন প্ৰেৰণ কৰিছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে এই বিত্তীয় সংকটৰ সময়ত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে।

কেৱল ইন্ধনেই নহয়, ভাৰত চৰকাৰে শ্ৰীলংকালৈ খাদ্যশস্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা কাম আৰম্ভ কৰিছে। খবৰ অনুসৰি, ইতিমধ্যে ৪০,০০০ টন ৰেচন প্ৰেৰণ কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা হ’ব যাতে এতিয়াই দেশদুখনৰ মাজত বন্ধুত্বৰ হাত বঢ়াব পাৰি।

পূৰ্বতেও বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ চুবুৰীয়া দেশসমূহে ভাৰতত আশ্ৰয় লোৱাৰ উদাহৰণ আছে। খবৰ অনুসৰি শ্ৰীলংকাৰ বহুলোকে দেশ এৰি এতিয়া তামিলনাডুত আশ্ৰয় লৈছে। 


শ্ৰীলংকাত দীৰ্ঘদিন ধৰি এক বিত্তীয় সংকটৰ সন্মুখীন হৈ আছিল। অৰ্থনীতি অৱস্থা একেবাৰে মন্দা হৈ পৰিছে। দেশৰ সম্পদৰো নাটনি হৈছে। ইয়াকে লৈ বহুতো লোকে চৰম মন্দাৱস্থাৰ পৰা ৰক্ষা পাবলৈ দেশ ত্যাগ কৰিছে।

নাগৰিকসকলৰ এটা অংশই দুৰ্বল বিত্তীয় পৰিস্থিতিৰ বাবে দেশৰ বৰ্তমানৰ চৰকাৰ খনক দোষাৰোপ কৰিছে। শ্ৰীলংকাৰ সাধাৰণ নাগৰিকৰ বাবে দেশখনত পেট্ৰ’ল-ডিজেল নোহোৱা হৈ পৰিছে। সমগ্ৰ দেশখনতে যান-বাহন চলাচলো এতিয়া স্থবিৰ হৈ পৰিছে, আনকি দেশখনৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহনসমূহো এতিয়া চলাচল কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক