--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাত তীব্ৰতৰ হৈ উঠিছে অৰ্থনৈতিক সংকট। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই শুকুৰবাৰে নিশা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।

ইফালে, শ্ৰীলংকাৰ এই দুৰ্দশাৰ সময়ত ভাৰতে চুবুৰীয়া দেশখনৰ পক্ষত থাকিবলৈ সাধ্য অনুসাৰে চেষ্টা অব্যাহত ৰাখিছে। ভাৰতীয় দূতাবাসৰ মতে, ইতিমধ্যে ভাৰতে শ্ৰীলংকালৈ ৬,০০০ মেগা টন ইন্ধন প্ৰেৰণ কৰিছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে এই বিত্তীয় সংকটৰ সময়ত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে।

কেৱল ইন্ধনেই নহয়, ভাৰত চৰকাৰে শ্ৰীলংকালৈ খাদ্যশস্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা কাম আৰম্ভ কৰিছে। খবৰ অনুসৰি, ইতিমধ্যে ৪০,০০০ টন ৰেচন প্ৰেৰণ কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা হ’ব যাতে এতিয়াই দেশদুখনৰ মাজত বন্ধুত্বৰ হাত বঢ়াব পাৰি।

পূৰ্বতেও বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ চুবুৰীয়া দেশসমূহে ভাৰতত আশ্ৰয় লোৱাৰ উদাহৰণ আছে। খবৰ অনুসৰি শ্ৰীলংকাৰ বহুলোকে দেশ এৰি এতিয়া তামিলনাডুত আশ্ৰয় লৈছে। 


শ্ৰীলংকাত দীৰ্ঘদিন ধৰি এক বিত্তীয় সংকটৰ সন্মুখীন হৈ আছিল। অৰ্থনীতি অৱস্থা একেবাৰে মন্দা হৈ পৰিছে। দেশৰ সম্পদৰো নাটনি হৈছে। ইয়াকে লৈ বহুতো লোকে চৰম মন্দাৱস্থাৰ পৰা ৰক্ষা পাবলৈ দেশ ত্যাগ কৰিছে।

নাগৰিকসকলৰ এটা অংশই দুৰ্বল বিত্তীয় পৰিস্থিতিৰ বাবে দেশৰ বৰ্তমানৰ চৰকাৰ খনক দোষাৰোপ কৰিছে। শ্ৰীলংকাৰ সাধাৰণ নাগৰিকৰ বাবে দেশখনত পেট্ৰ’ল-ডিজেল নোহোৱা হৈ পৰিছে। সমগ্ৰ দেশখনতে যান-বাহন চলাচলো এতিয়া স্থবিৰ হৈ পৰিছে, আনকি দেশখনৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহনসমূহো এতিয়া চলাচল কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ