--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ মনত কিছুসংখ্যক তাৰকাৰ প্ৰতি থাকে বিশেষ আগ্ৰহ আৰু আকৰ্ষণ। তেওঁলোকৰ নিচিনা জীৱনশৈলী, তেওঁলোকৰ দৰে সফলতা অৰ্জন কৰিবলৈ আমাৰ মনে উচপিচ কৰে। তেওঁলোকৰ দৰে হোৱাটোৱেই আমাৰ জীৱনৰ লক্ষ্য হৈ পৰে। কিন্তু তেওঁলোকৰ জীৱনৰ আঁৰৰ স্বৰূপ যেতিয়া পোহৰলৈ আহে তেন্তে সি অন্তৰত আঘাত কৰে। আৰু এই আঘাত আপোনজনৰ পৰা পালে সি হৈ পৰে অধিক ভয়ংকৰ আৰু পীড়াদায়ক। এনে এক অভিজ্ঞতাৰে সন্মুখীন হৈছিল ৰেহাম খান নামৰ মহিলাগৰাকী। কিন্তু এই ৰেহাম খান কোন? তেওঁ কি সত্যৰ মুখামুখি হৈছিল? 
ৰেহাম খান আছিল এগৰাকী এজন টিভি সাংবাদিক, যিয়ে ২০১৫চনত প্ৰাক্তন ক্ৰিকেটাৰ আৰু পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ মুৰব্বী ইমৰান খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। যদিও বিবাহখন  ১০ মাহতকৈ বেছি স্থায়ী হোৱা নাছিল।  ইমৰানে ইয়াৰ পাছত ইতিমধ্যে তৃতীয় বিবাহ সম্পন্ন কৰিছে। বিবাহ বিচ্ছেদৰ পিছত ৰেহাম খানে 'ৰেহাম খান' নামৰ এখন কিতাপ লিখিছিল। এই কিতাপখন ৰেহাম খানৰ আত্মজীৱনী বুলি অভিহিত কৰা হৈছিল যদিও, কিতাপখনত তেওঁ ইমৰান খানৰ জীৱনৰ বহু চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছিল।

ৰেহাম খানে লিখিছে, ‘আমাৰ বিয়াৰ কেইসপ্তাহমান আছিল। আমি টেৰিয়ানৰ বিষয়ে কথা পাতি আছিলো। 'টেৰিয়ান' ইমৰান খানৰ কন্যা বুলি সকলোৱে জানিছিল। গতিকে যেতিয়া টেৰিয়ানৰ কথা মই উল্লেখ কৰিছিলোঁ, ইমৰানে তাইৰ বিষয়ে অতি সাধাৰণভাৱে কৈছিল, আপুনি জানেনে যে তাই মোৰ  একমাত্ৰ সন্তান নহয়। তাইৰ উপৰি মোৰ আন ৫টা আছে, যাৰ বিষয়ে মই জানো।  এই কথাখিনি কোৱাৰ সময়ত তেওঁৰ মুখত এটা দুষ্টালিৰ হাঁহি বিৰিঙি আছিল।

এইটো শুনি মই আচৰিত হৈছিলোঁ। মই নিজৰ উৎসুকতা নিৰসন কৰিবলৈ প্ৰশ্ন কৰছিলোঁ পাঁচ কি ইমৰান? সন্তান নেকি? এইকথা শুনি তেওঁ হাঁহিবলৈ ধৰিছিল।

মই পুনৰ সুধিলো, "আপোনাৰ পাঁচটা অবৈধ সন্তান আছে নেকি?" আৰু আপুনি সেইটো কেনেকৈ জানিলে?
তেওঁ উত্তৰ দিছিল, "হয়। মোৰ মায়ে মোক এই বিষয়ে কৈছিল।
সকলো শিশু ইংৰাজ নেকি?
নহয়, কেইটামান ভাৰতীয় শিশুও আছে। আৰু জ্যেষ্ঠ পুত্ৰৰ বয়স এতিয়া ৩৪ বছৰ।
যেতিয়া ৰেহাম খানৰ কিতাপখনত ইমৰান খানৰ জীৱনৰ উপাখ্যানৰ কথা পোহৰলৈ আহিছিল, সেই সময়ত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছিল। কিতাপখন প্ৰকাশৰ পাছত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। ৰেহামে আনকি ভাবুকিও পাইছিল। আজি, ইমৰান খান প্ৰধানমন্ত্ৰী, কিন্তু তেওঁৰ চৰকাৰ বিপদত আছে। ৰেহাম খানৰ চাঞ্চল্যকৰ অভিযোগবোৰে আজিও কিতাপখন প্ৰকাশৰ সময়ৰ দৰেই একে প্ৰভাৱ পেলাই আছে। ৫০০তকৈও অধিক পৃষ্ঠাৰ এই কিতাপখনৰ নাম ৰেহাম খান হ'ব পাৰে, কিন্তু ই ইমৰান খানৰ জীৱন, যাক 'যৌনতা আৰু ড্ৰাগছ'ৰে পৰিপূৰ্ণ বুলি কোৱা হয় তাৰ বিষয়েহে পৰিপূৰ্ণ হৈ আছিল।
ইমৰাণ খানৰ বিভিন্নজন তাৰকা অভিনেত্ৰীৰ প্ৰতি অনুচিত হাবিয়াস থকা বুলিও দাবী কৰিছিল তেওঁৰ প্ৰাক্তন পত্নীয়ে। কেৱল এয়াই নহয়, তেওঁৰ একাধিক বলীউড অভিনেত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ কথাও চৰ্চালৈ আহিছিল। শেতীয়াকৈ তেওঁ চৰকাৰ সংকটত পৰাৰ পাছত এতিয়া পুনৰ ইমৰাণ কাণ্ড চৰ্চালৈ আহিছে। খোদ তেওঁৰ পত্নীয়ে এই সম্পৰ্কত অভিযোগ উত্থাপন কৰি তেওঁৰ বিপদ অধিক বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক