--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ মনত কিছুসংখ্যক তাৰকাৰ প্ৰতি থাকে বিশেষ আগ্ৰহ আৰু আকৰ্ষণ। তেওঁলোকৰ নিচিনা জীৱনশৈলী, তেওঁলোকৰ দৰে সফলতা অৰ্জন কৰিবলৈ আমাৰ মনে উচপিচ কৰে। তেওঁলোকৰ দৰে হোৱাটোৱেই আমাৰ জীৱনৰ লক্ষ্য হৈ পৰে। কিন্তু তেওঁলোকৰ জীৱনৰ আঁৰৰ স্বৰূপ যেতিয়া পোহৰলৈ আহে তেন্তে সি অন্তৰত আঘাত কৰে। আৰু এই আঘাত আপোনজনৰ পৰা পালে সি হৈ পৰে অধিক ভয়ংকৰ আৰু পীড়াদায়ক। এনে এক অভিজ্ঞতাৰে সন্মুখীন হৈছিল ৰেহাম খান নামৰ মহিলাগৰাকী। কিন্তু এই ৰেহাম খান কোন? তেওঁ কি সত্যৰ মুখামুখি হৈছিল? 
ৰেহাম খান আছিল এগৰাকী এজন টিভি সাংবাদিক, যিয়ে ২০১৫চনত প্ৰাক্তন ক্ৰিকেটাৰ আৰু পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ মুৰব্বী ইমৰান খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। যদিও বিবাহখন  ১০ মাহতকৈ বেছি স্থায়ী হোৱা নাছিল।  ইমৰানে ইয়াৰ পাছত ইতিমধ্যে তৃতীয় বিবাহ সম্পন্ন কৰিছে। বিবাহ বিচ্ছেদৰ পিছত ৰেহাম খানে 'ৰেহাম খান' নামৰ এখন কিতাপ লিখিছিল। এই কিতাপখন ৰেহাম খানৰ আত্মজীৱনী বুলি অভিহিত কৰা হৈছিল যদিও, কিতাপখনত তেওঁ ইমৰান খানৰ জীৱনৰ বহু চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছিল।

ৰেহাম খানে লিখিছে, ‘আমাৰ বিয়াৰ কেইসপ্তাহমান আছিল। আমি টেৰিয়ানৰ বিষয়ে কথা পাতি আছিলো। 'টেৰিয়ান' ইমৰান খানৰ কন্যা বুলি সকলোৱে জানিছিল। গতিকে যেতিয়া টেৰিয়ানৰ কথা মই উল্লেখ কৰিছিলোঁ, ইমৰানে তাইৰ বিষয়ে অতি সাধাৰণভাৱে কৈছিল, আপুনি জানেনে যে তাই মোৰ  একমাত্ৰ সন্তান নহয়। তাইৰ উপৰি মোৰ আন ৫টা আছে, যাৰ বিষয়ে মই জানো।  এই কথাখিনি কোৱাৰ সময়ত তেওঁৰ মুখত এটা দুষ্টালিৰ হাঁহি বিৰিঙি আছিল।

এইটো শুনি মই আচৰিত হৈছিলোঁ। মই নিজৰ উৎসুকতা নিৰসন কৰিবলৈ প্ৰশ্ন কৰছিলোঁ পাঁচ কি ইমৰান? সন্তান নেকি? এইকথা শুনি তেওঁ হাঁহিবলৈ ধৰিছিল।

মই পুনৰ সুধিলো, "আপোনাৰ পাঁচটা অবৈধ সন্তান আছে নেকি?" আৰু আপুনি সেইটো কেনেকৈ জানিলে?
তেওঁ উত্তৰ দিছিল, "হয়। মোৰ মায়ে মোক এই বিষয়ে কৈছিল।
সকলো শিশু ইংৰাজ নেকি?
নহয়, কেইটামান ভাৰতীয় শিশুও আছে। আৰু জ্যেষ্ঠ পুত্ৰৰ বয়স এতিয়া ৩৪ বছৰ।
যেতিয়া ৰেহাম খানৰ কিতাপখনত ইমৰান খানৰ জীৱনৰ উপাখ্যানৰ কথা পোহৰলৈ আহিছিল, সেই সময়ত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছিল। কিতাপখন প্ৰকাশৰ পাছত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। ৰেহামে আনকি ভাবুকিও পাইছিল। আজি, ইমৰান খান প্ৰধানমন্ত্ৰী, কিন্তু তেওঁৰ চৰকাৰ বিপদত আছে। ৰেহাম খানৰ চাঞ্চল্যকৰ অভিযোগবোৰে আজিও কিতাপখন প্ৰকাশৰ সময়ৰ দৰেই একে প্ৰভাৱ পেলাই আছে। ৫০০তকৈও অধিক পৃষ্ঠাৰ এই কিতাপখনৰ নাম ৰেহাম খান হ'ব পাৰে, কিন্তু ই ইমৰান খানৰ জীৱন, যাক 'যৌনতা আৰু ড্ৰাগছ'ৰে পৰিপূৰ্ণ বুলি কোৱা হয় তাৰ বিষয়েহে পৰিপূৰ্ণ হৈ আছিল।
ইমৰাণ খানৰ বিভিন্নজন তাৰকা অভিনেত্ৰীৰ প্ৰতি অনুচিত হাবিয়াস থকা বুলিও দাবী কৰিছিল তেওঁৰ প্ৰাক্তন পত্নীয়ে। কেৱল এয়াই নহয়, তেওঁৰ একাধিক বলীউড অভিনেত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ কথাও চৰ্চালৈ আহিছিল। শেতীয়াকৈ তেওঁ চৰকাৰ সংকটত পৰাৰ পাছত এতিয়া পুনৰ ইমৰাণ কাণ্ড চৰ্চালৈ আহিছে। খোদ তেওঁৰ পত্নীয়ে এই সম্পৰ্কত অভিযোগ উত্থাপন কৰি তেওঁৰ বিপদ অধিক বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি