--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীন বাংলাদেশত মাত্ৰ এখন চলচ্চিত্ৰতে কন্ঠ নিগৰাইছিল লতা মংগেশকাৰে। চলচ্চিত্ৰখন বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল। নায়কৰ সৰু ভগ্নী ছুলতানাই গীতটোৰ সুৰত সুৰ মিলাইছিল। ১৯৭২ চনত মুক্তি লাভ কৰা 'ৰক্তাক্ত বাংলা' চলচ্চিত্ৰখনৰ পৰিচালক আছিল মমতাজ আলী। ছবিখনৰ নায়ক বিশ্বজিতে তেতিয়াই ভাৰতত অধিক জনপ্ৰিয় হৈ পৰিছিল। ছবিখনৰ সংগীত পৰিচালক সলিল চৌধুৰীয়ে কোকিলকন্ঠীক নতুন দেশৰ নতুন চলচ্চিত্ৰত গীত গাবলৈ সৈমান কৰাইছিল। স্বাধীন বাংলাদেশত গীতৰ সঁফুৰা লৈ মাত্ৰ এবাৰেই আত্মপ্ৰকাশ কৰিছিল লতা মংগেশকাৰে। ঘটনাটো আছিল ১৯৭২ চনৰ। সুনীল দত্তই ভাৰতৰ এটা সাংস্কৃতিক গোটৰ সৈতে নতুনকৈ স্বাধীনতা লাভ কৰা বাংলাদেশলৈ গৈছিল। তাত কেইবাটাও অনুষ্ঠান হৈছিল। অৱশ্যে, বাংলাদেশৰ নাগৰিকসকলে সেই অনুষ্ঠানবোৰ চাবলৈ বিশেষ সুবিধা পোৱা নাছিল। কাৰণ, তেতিয়াও সেই দেশত থকা ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাই সুনীল দত্তৰ নেতৃত্বত যোৱা সাংস্কৃতিক গোটটোৰ আছিল মূল লক্ষ্য। তাৰপাছতো অনুৰাগীৰ হৃদয় জিনিছিল লতা মংগেশকাৰে। সুৰ সম্ৰাজ্ঞীৰ মৃত্যুৰ সংবাদত বাংলাদেশৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী অভিনেতা পীয়ুষ বন্দোপাধ্যায় কান্দোনত ভাগি পৰিছে। তেওঁৰ হাতত থকা ষ্টেনগানৰ পৰা আক্ৰমণকাৰী বাহিনীলৈ গুলী চালনা কৰাৰ অভিজ্ঞতাই মনত দোলা দিছেহি। এইবোৰ অভিনয় নহয় আছিল বাস্তৱ প্ৰেক্ষাপটৰ ওপৰত আধাৰিত একো একোটা মিঠা, মধুৰ স্মৃতি। গেৰিলা যুদ্ধত প্ৰশিক্ষণ প্ৰাপ্ত সেইদিনৰ যুৱ স্বাধীনতা সংগ্ৰামীজনৰ লতাজীৰ মৃত্যুত এটাই মাত্ৰ প্ৰতিক্ৰিয়া, ‘একোকে ভাললগা নাই।’ তেওঁ কয়, ‘কিশোৰ প্ৰেমৰ পৰা দেশপ্ৰেমলৈকে। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ আৱেগৰ সুমধুৰ কণ্ঠৰ মূৰ্ত প্ৰকাশ আছিল যাৰ কন্ঠত,সেই সুৰ, সেই কন্ঠ হেৰুৱাই আজি বৰ নিসংগ হৈ পৰিলোঁ। কোনোবাখিনিত যেন সমৰ্থন হেৰুৱাই পেলালো তেনে অনুভৱ হৈছে। প্ৰবীণ অভিনেতাজনে প্ৰকৃততে তেওঁৰ বন্ধুৰ ভাষণত নিজৰ বিষয়েও কৈ গ’ল স্মৃতিবিজড়িৃত ইটো সিটো বহুতো কথা। পীয়ুষ বন্দোপাধ্যায়ৰ মত, ‘কোনে কয় 'এ মেৰে ৱতন কে লোগো' গীতটিয়ে কেৱল নেহৰুৰ চকুতেই চকুপানী আনিছিল? বাংলাদেশৰ সশস্ত্ৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে এই গানটো আছিল এটা টনিক, এটি শপত সংগীতৰ দৰে।’ স্বাভাৱিকতে সুৰৰ কাকলিনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ গুণমুগ্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু