--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীন বাংলাদেশত মাত্ৰ এখন চলচ্চিত্ৰতে কন্ঠ নিগৰাইছিল লতা মংগেশকাৰে। চলচ্চিত্ৰখন বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল। নায়কৰ সৰু ভগ্নী ছুলতানাই গীতটোৰ সুৰত সুৰ মিলাইছিল। ১৯৭২ চনত মুক্তি লাভ কৰা 'ৰক্তাক্ত বাংলা' চলচ্চিত্ৰখনৰ পৰিচালক আছিল মমতাজ আলী। ছবিখনৰ নায়ক বিশ্বজিতে তেতিয়াই ভাৰতত অধিক জনপ্ৰিয় হৈ পৰিছিল। ছবিখনৰ সংগীত পৰিচালক সলিল চৌধুৰীয়ে কোকিলকন্ঠীক নতুন দেশৰ নতুন চলচ্চিত্ৰত গীত গাবলৈ সৈমান কৰাইছিল। স্বাধীন বাংলাদেশত গীতৰ সঁফুৰা লৈ মাত্ৰ এবাৰেই আত্মপ্ৰকাশ কৰিছিল লতা মংগেশকাৰে। ঘটনাটো আছিল ১৯৭২ চনৰ। সুনীল দত্তই ভাৰতৰ এটা সাংস্কৃতিক গোটৰ সৈতে নতুনকৈ স্বাধীনতা লাভ কৰা বাংলাদেশলৈ গৈছিল। তাত কেইবাটাও অনুষ্ঠান হৈছিল। অৱশ্যে, বাংলাদেশৰ নাগৰিকসকলে সেই অনুষ্ঠানবোৰ চাবলৈ বিশেষ সুবিধা পোৱা নাছিল। কাৰণ, তেতিয়াও সেই দেশত থকা ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাই সুনীল দত্তৰ নেতৃত্বত যোৱা সাংস্কৃতিক গোটটোৰ আছিল মূল লক্ষ্য। তাৰপাছতো অনুৰাগীৰ হৃদয় জিনিছিল লতা মংগেশকাৰে। সুৰ সম্ৰাজ্ঞীৰ মৃত্যুৰ সংবাদত বাংলাদেশৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী অভিনেতা পীয়ুষ বন্দোপাধ্যায় কান্দোনত ভাগি পৰিছে। তেওঁৰ হাতত থকা ষ্টেনগানৰ পৰা আক্ৰমণকাৰী বাহিনীলৈ গুলী চালনা কৰাৰ অভিজ্ঞতাই মনত দোলা দিছেহি। এইবোৰ অভিনয় নহয় আছিল বাস্তৱ প্ৰেক্ষাপটৰ ওপৰত আধাৰিত একো একোটা মিঠা, মধুৰ স্মৃতি। গেৰিলা যুদ্ধত প্ৰশিক্ষণ প্ৰাপ্ত সেইদিনৰ যুৱ স্বাধীনতা সংগ্ৰামীজনৰ লতাজীৰ মৃত্যুত এটাই মাত্ৰ প্ৰতিক্ৰিয়া, ‘একোকে ভাললগা নাই।’ তেওঁ কয়, ‘কিশোৰ প্ৰেমৰ পৰা দেশপ্ৰেমলৈকে। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ আৱেগৰ সুমধুৰ কণ্ঠৰ মূৰ্ত প্ৰকাশ আছিল যাৰ কন্ঠত,সেই সুৰ, সেই কন্ঠ হেৰুৱাই আজি বৰ নিসংগ হৈ পৰিলোঁ। কোনোবাখিনিত যেন সমৰ্থন হেৰুৱাই পেলালো তেনে অনুভৱ হৈছে। প্ৰবীণ অভিনেতাজনে প্ৰকৃততে তেওঁৰ বন্ধুৰ ভাষণত নিজৰ বিষয়েও কৈ গ’ল স্মৃতিবিজড়িৃত ইটো সিটো বহুতো কথা। পীয়ুষ বন্দোপাধ্যায়ৰ মত, ‘কোনে কয় 'এ মেৰে ৱতন কে লোগো' গীতটিয়ে কেৱল নেহৰুৰ চকুতেই চকুপানী আনিছিল? বাংলাদেশৰ সশস্ত্ৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে এই গানটো আছিল এটা টনিক, এটি শপত সংগীতৰ দৰে।’ স্বাভাৱিকতে সুৰৰ কাকলিনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ গুণমুগ্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু