--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ সামৰণি পৰিল, এইবাৰ প্ৰেমৰ কিৰিলি। বলীউডত নতুন প্ৰেমৰ গুঞ্জন উঠিছে। শ্ৰেষ্ঠ নৃত্যশিল্পী নোৰা ফাতেহী আৰু সংগীতজ্ঞ গুৰু ৰন্ধাৱা প্ৰেমত পৰাৰ খবৰ আহিছে। শেহতীয়াকৈ, এই প্ৰেমিকযুগলে গোৱাৰ সাগৰৰ পাৰত অন্তৰংগ মুহূৰ্ত অতিবাহিত কৰা দেখা গৈছে। উল্লেখ্য যে, পূৰ্বৰে পৰাই নোৰাৰ প্ৰেমত পৰাৰ গুঞ্জন উঠিছিল। এই গুঞ্জন এতিয়া বাস্তৱৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ নোৰা আৰু গুৰুৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। ছবিসমূহত সাগৰৰ পাৰত দুয়ো হাতে-হাত ধৰি খোজকাঢ়ি থকা দেখা গৈছে। ৰঙা টপ-ক’লা চৰ্ট পৰিহিতা লাস্যময়ী নোৰাৰ কাষত প্ৰিণ্টেড ছাৰ্ট আৰু হাফপেণ্ট পিন্ধি থিয় দিছেহি প্ৰেমিক গুৰু!

তেওঁলোকৰ মুখত পৰিস্ফুট হাঁহি, অংগীভংগীত প্ৰেমৰ মুকলি প্ৰকাশ। ছবিকেইখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে নেটিজেনসকলৰ মনত নানা প্ৰশ্নৰ উদয় হৈছে। পাছে গুৰু-নোৰা প্ৰেমত পৰিছে নে নাই সেই বিষয়ে মুকলিকৈ সদৰী কৰা নাই নোৰাই। উল্লেখ্য যে, নোৰা ফাতেহী এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু নৃত্যশিল্পী। বলীউডতো অনন্য স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নোৰাই। নোৰাই নৃত্যই জোকাৰি গৈছিল বলীউড। ‘দিলবৰ'; 'চাকি চাকি'; 'গাৰ্মী'; 'কুচু কুচু' ইত্যাদিকে ধৰি কেইবাটাও গীতত কৰা উদ্যাম নৃত্যই আজিও মতলীয়া কৰে চলচ্চিত্ৰ প্ৰেমীক। আনহাতে গুৰু ৰন্ধাৱা ভাৰতৰ এজন পাঞ্জাৱী গায়ক। 'হাই ৰেটেড গব্ৰু', 'লাগদি লাহোৰ', 'মেড ইন ইণ্ডিয়া', 'চুট চুট'ৰ দৰে বহুতো ছুপাৰহিট গীত উপহাৰ দিছে অনুৰাগীক। এনে পৰিপ্ৰেক্ষিত দুয়োৰে যুটিক লৈ বহুজনে ইতিবাচক মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰা লৈ অপেক্ষা কৰিব লাগিব অনুৰাগীয়ে…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু