--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ সামৰণি পৰিল, এইবাৰ প্ৰেমৰ কিৰিলি। বলীউডত নতুন প্ৰেমৰ গুঞ্জন উঠিছে। শ্ৰেষ্ঠ নৃত্যশিল্পী নোৰা ফাতেহী আৰু সংগীতজ্ঞ গুৰু ৰন্ধাৱা প্ৰেমত পৰাৰ খবৰ আহিছে। শেহতীয়াকৈ, এই প্ৰেমিকযুগলে গোৱাৰ সাগৰৰ পাৰত অন্তৰংগ মুহূৰ্ত অতিবাহিত কৰা দেখা গৈছে। উল্লেখ্য যে, পূৰ্বৰে পৰাই নোৰাৰ প্ৰেমত পৰাৰ গুঞ্জন উঠিছিল। এই গুঞ্জন এতিয়া বাস্তৱৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ নোৰা আৰু গুৰুৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। ছবিসমূহত সাগৰৰ পাৰত দুয়ো হাতে-হাত ধৰি খোজকাঢ়ি থকা দেখা গৈছে। ৰঙা টপ-ক’লা চৰ্ট পৰিহিতা লাস্যময়ী নোৰাৰ কাষত প্ৰিণ্টেড ছাৰ্ট আৰু হাফপেণ্ট পিন্ধি থিয় দিছেহি প্ৰেমিক গুৰু!

তেওঁলোকৰ মুখত পৰিস্ফুট হাঁহি, অংগীভংগীত প্ৰেমৰ মুকলি প্ৰকাশ। ছবিকেইখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে নেটিজেনসকলৰ মনত নানা প্ৰশ্নৰ উদয় হৈছে। পাছে গুৰু-নোৰা প্ৰেমত পৰিছে নে নাই সেই বিষয়ে মুকলিকৈ সদৰী কৰা নাই নোৰাই। উল্লেখ্য যে, নোৰা ফাতেহী এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু নৃত্যশিল্পী। বলীউডতো অনন্য স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নোৰাই। নোৰাই নৃত্যই জোকাৰি গৈছিল বলীউড। ‘দিলবৰ'; 'চাকি চাকি'; 'গাৰ্মী'; 'কুচু কুচু' ইত্যাদিকে ধৰি কেইবাটাও গীতত কৰা উদ্যাম নৃত্যই আজিও মতলীয়া কৰে চলচ্চিত্ৰ প্ৰেমীক। আনহাতে গুৰু ৰন্ধাৱা ভাৰতৰ এজন পাঞ্জাৱী গায়ক। 'হাই ৰেটেড গব্ৰু', 'লাগদি লাহোৰ', 'মেড ইন ইণ্ডিয়া', 'চুট চুট'ৰ দৰে বহুতো ছুপাৰহিট গীত উপহাৰ দিছে অনুৰাগীক। এনে পৰিপ্ৰেক্ষিত দুয়োৰে যুটিক লৈ বহুজনে ইতিবাচক মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰা লৈ অপেক্ষা কৰিব লাগিব অনুৰাগীয়ে…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ