--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুষ্কৰ ৰাজস্থানৰ এখন ঠাই। প্ৰতি বছৰে ইয়াত আন্তঃৰাষ্ট্ৰীয় পশু মেলা অনুষ্ঠিত হয়। এই মেলা সমগ্ৰ দেশতে বিখ্যাত। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পশুপালকসকলে আহি খেতি বা ব্যক্তিগত কামত জীৱ-জন্তু কিনি বিক্ৰী কৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰাণীৰ মাজত প্ৰতিযোগিতা দেখা যায়। বহু মালিক ইয়ালৈ জীৱ-জন্তু বিক্ৰীৰ বাবে নহয় কেৱল প্ৰদৰ্শনৰ বাবেও আনে। 

এইবাৰ এই মেলাত গুজৰাটৰ এটা ঘোঁৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঘোঁৰাটোৰ মূল্য ৭ কোটি টকা। বাপৰে...৭ কোটি টকা! ইমান টকাৰে কি কৰিব পাৰি? ৭ কোটি টকাত শেহতীয়াকৈ মুকলি কৰা বিলাসী গাড়ী ৰ’লছ ৰয়ছ গোষ্ট আহিব। যদি একো নহয়, তেন্তে ১৪ ফৰ্চুনাৰ নিশ্চয় আহিব। 

ঘোঁৰাটোৰ নাম ‘ফ্ৰেজেণ্ড’। ফ্ৰেজেণ্ডৰ কথা জানিলে আপুনি স্তম্ভিত হ’ব। এই ঘোঁৰাটোৱে দৈনিক ১৫ লিটাৰ গৰুৰ গাখীৰ খায়। দৈনিক ৫ কেজি বুট আৰু ৫ কেজি দাইল খায়। ই কেৱল মিনাৰেল ৱাটাৰহে খায়, অন্য পানী একেবাৰে নাখায়। ঘোঁৰাৰ স্বত্বাধিকাৰী যুৱৰাজ জাডেজাই কয় যে ফ্ৰেজেণ্ড হৈছে হাইব্ৰিড। পিতৃ ৰাজস্থানী জাতৰ আৰু মাতৃ ৰত্নগিৰি জাতৰ। বয়স ৪ বছৰ আৰু যোৱা ডেৰ বছৰ ধৰি যুৱৰাজৰ লগত আছে।

মালিকে কয় যে ফ্ৰেজেণ্ডৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰতিমাহে ডেৰ-দুইৰ পৰা তিনি লাখ টকা খৰচ হয়। ঘোঁৰাটোৰ যত্ন ল’বলৈ সদায় চাৰিজন মানুহে ঘোঁৰাটোৰ লগত থাকে।

মেলাত ঘোঁৰা এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ এম্বুলেন্সৰ দৰে বিশেষ গাড়ী আছে। ঘোঁৰাটোৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ২৪ ঘণ্টীয়া চিকিৎসককো নিয়োগ কৰা হয়।

ফ্ৰেজেণ্ডে এতিয়ালৈকে গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। আজিলৈকে কোনো ঘোঁৰাই তাক পৰাস্ত কৰিব পৰা নাই। ইয়াৰ মালিকে এই ঘোঁৰাটো পুষ্কৰ মেলালৈ বিক্ৰী কৰিবলৈ অনা নাই কেৱল প্ৰদৰ্শনৰ বাবেহে আনিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement