--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুষ্কৰ ৰাজস্থানৰ এখন ঠাই। প্ৰতি বছৰে ইয়াত আন্তঃৰাষ্ট্ৰীয় পশু মেলা অনুষ্ঠিত হয়। এই মেলা সমগ্ৰ দেশতে বিখ্যাত। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পশুপালকসকলে আহি খেতি বা ব্যক্তিগত কামত জীৱ-জন্তু কিনি বিক্ৰী কৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰাণীৰ মাজত প্ৰতিযোগিতা দেখা যায়। বহু মালিক ইয়ালৈ জীৱ-জন্তু বিক্ৰীৰ বাবে নহয় কেৱল প্ৰদৰ্শনৰ বাবেও আনে। 

এইবাৰ এই মেলাত গুজৰাটৰ এটা ঘোঁৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঘোঁৰাটোৰ মূল্য ৭ কোটি টকা। বাপৰে...৭ কোটি টকা! ইমান টকাৰে কি কৰিব পাৰি? ৭ কোটি টকাত শেহতীয়াকৈ মুকলি কৰা বিলাসী গাড়ী ৰ’লছ ৰয়ছ গোষ্ট আহিব। যদি একো নহয়, তেন্তে ১৪ ফৰ্চুনাৰ নিশ্চয় আহিব। 

ঘোঁৰাটোৰ নাম ‘ফ্ৰেজেণ্ড’। ফ্ৰেজেণ্ডৰ কথা জানিলে আপুনি স্তম্ভিত হ’ব। এই ঘোঁৰাটোৱে দৈনিক ১৫ লিটাৰ গৰুৰ গাখীৰ খায়। দৈনিক ৫ কেজি বুট আৰু ৫ কেজি দাইল খায়। ই কেৱল মিনাৰেল ৱাটাৰহে খায়, অন্য পানী একেবাৰে নাখায়। ঘোঁৰাৰ স্বত্বাধিকাৰী যুৱৰাজ জাডেজাই কয় যে ফ্ৰেজেণ্ড হৈছে হাইব্ৰিড। পিতৃ ৰাজস্থানী জাতৰ আৰু মাতৃ ৰত্নগিৰি জাতৰ। বয়স ৪ বছৰ আৰু যোৱা ডেৰ বছৰ ধৰি যুৱৰাজৰ লগত আছে।

মালিকে কয় যে ফ্ৰেজেণ্ডৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰতিমাহে ডেৰ-দুইৰ পৰা তিনি লাখ টকা খৰচ হয়। ঘোঁৰাটোৰ যত্ন ল’বলৈ সদায় চাৰিজন মানুহে ঘোঁৰাটোৰ লগত থাকে।

মেলাত ঘোঁৰা এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ এম্বুলেন্সৰ দৰে বিশেষ গাড়ী আছে। ঘোঁৰাটোৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ২৪ ঘণ্টীয়া চিকিৎসককো নিয়োগ কৰা হয়।

ফ্ৰেজেণ্ডে এতিয়ালৈকে গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। আজিলৈকে কোনো ঘোঁৰাই তাক পৰাস্ত কৰিব পৰা নাই। ইয়াৰ মালিকে এই ঘোঁৰাটো পুষ্কৰ মেলালৈ বিক্ৰী কৰিবলৈ অনা নাই কেৱল প্ৰদৰ্শনৰ বাবেহে আনিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?