--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ ভিতৰত বিগত ১৬ দিন ধৰি আবদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। তেওঁলোকক নিৰাপদে সুৰংগৰ পৰা উলিয়াই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। সমগ্ৰ দেশে শ্ৰমিককেইগৰাকীৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে।  সোমবাৰে হঠাৎ সেই স্থানত আবিৰ্ভাৱ হৈছে মহাদেৱ। যি ছবি দেখি সকলো আচৰিত হৈ পৰিছে।

সুৰংগটোৰ ঠিক বাহিৰত এক আকৃতিৰ সৃষ্টি হৈছিল যিটো দেখি সকলোৱে দাবী কৰিছে যে সেয়া ভগৱান শিৱৰ আকৃতি। স্থানীয় লোকে দাবী কৰে যে এয়া ভোলেনাথে আশীৰ্বাদ দিবলৈ আহিছে। এতিয়া সকলো শ্ৰমিক নিৰাপদে ওলাই আহিব।

শিৱৰ আকৃতি দেখাৰ পাছৰে পৰা উদ্ধাৰ অভিযানৰ সমস্যা নোহোৱা হৈছে। এয়া মহাদেৱৰ আশীৰ্বাদৰ বাবে সম্ভৱ হৈছে বুলি বিশ্বাস কৰিছে উদ্ধাৰকাৰীসকলৰ লগতে স্থানীয় জনতাই। উত্তৰাখণ্ড চৰকাৰৰ সচিব ড০ নীৰজ খাৰৱালে পাইপত আবদ্ধ হৈ থকা অগাৰ মেচিনৰ ব্লেড আৰু খাদ কাটি কাম সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। অগাৰ মেচিনৰ মূৰটো আঁতৰোৱাৰ কামো সম্পূৰ্ণ হৈছে। পূৰ্বে ১.৯ মিটাৰ পাইপ কাটিছিল। এতিয়া হাতেৰে কাম কৰাৰ সময়ত পাইপটোও ০.৯ মিটাৰ আগুৱাই ঠেলি দিয়া হৈছে।

অতিৰিক্ত সচিব (ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়) আৰু এম ডি (এন এইচ আই ডি চি এল) মাহমুদ আহমেদে কয় যে উলম্ব ড্ৰিলিঙৰ কামো দ্ৰুত গতিত চলি আছে। তেওঁ কয় যে এতিয়ালৈকে ৩৬ মিটাৰ উলম্ব ড্ৰিলিং কৰা হৈছে। আৰু অধিক কামো পূৰ্ণ গতি আৰু সাৱধানতাৰে কৰা হৈছে। অতি সোনকালে শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই আনিব পৰা যাব বুলি জনাইছে উদ্ধাৰকাৰীসকলে।

উল্লেখ্য যে ১৬ দিন ধৰি স্থানীয় ৰাইজে শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে নিজ নিজ ইষ্ট দেৱতাক পূজা-প্ৰাৰ্থনা কৰি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস