--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ ভিতৰত বিগত ১৬ দিন ধৰি আবদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। তেওঁলোকক নিৰাপদে সুৰংগৰ পৰা উলিয়াই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। সমগ্ৰ দেশে শ্ৰমিককেইগৰাকীৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে।  সোমবাৰে হঠাৎ সেই স্থানত আবিৰ্ভাৱ হৈছে মহাদেৱ। যি ছবি দেখি সকলো আচৰিত হৈ পৰিছে।

সুৰংগটোৰ ঠিক বাহিৰত এক আকৃতিৰ সৃষ্টি হৈছিল যিটো দেখি সকলোৱে দাবী কৰিছে যে সেয়া ভগৱান শিৱৰ আকৃতি। স্থানীয় লোকে দাবী কৰে যে এয়া ভোলেনাথে আশীৰ্বাদ দিবলৈ আহিছে। এতিয়া সকলো শ্ৰমিক নিৰাপদে ওলাই আহিব।

শিৱৰ আকৃতি দেখাৰ পাছৰে পৰা উদ্ধাৰ অভিযানৰ সমস্যা নোহোৱা হৈছে। এয়া মহাদেৱৰ আশীৰ্বাদৰ বাবে সম্ভৱ হৈছে বুলি বিশ্বাস কৰিছে উদ্ধাৰকাৰীসকলৰ লগতে স্থানীয় জনতাই। উত্তৰাখণ্ড চৰকাৰৰ সচিব ড০ নীৰজ খাৰৱালে পাইপত আবদ্ধ হৈ থকা অগাৰ মেচিনৰ ব্লেড আৰু খাদ কাটি কাম সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। অগাৰ মেচিনৰ মূৰটো আঁতৰোৱাৰ কামো সম্পূৰ্ণ হৈছে। পূৰ্বে ১.৯ মিটাৰ পাইপ কাটিছিল। এতিয়া হাতেৰে কাম কৰাৰ সময়ত পাইপটোও ০.৯ মিটাৰ আগুৱাই ঠেলি দিয়া হৈছে।

অতিৰিক্ত সচিব (ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়) আৰু এম ডি (এন এইচ আই ডি চি এল) মাহমুদ আহমেদে কয় যে উলম্ব ড্ৰিলিঙৰ কামো দ্ৰুত গতিত চলি আছে। তেওঁ কয় যে এতিয়ালৈকে ৩৬ মিটাৰ উলম্ব ড্ৰিলিং কৰা হৈছে। আৰু অধিক কামো পূৰ্ণ গতি আৰু সাৱধানতাৰে কৰা হৈছে। অতি সোনকালে শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই আনিব পৰা যাব বুলি জনাইছে উদ্ধাৰকাৰীসকলে।

উল্লেখ্য যে ১৬ দিন ধৰি স্থানীয় ৰাইজে শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে নিজ নিজ ইষ্ট দেৱতাক পূজা-প্ৰাৰ্থনা কৰি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক