--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মূকং কৰোতি ৱাচালং পঙ্গুং লঙ্ঘয়তে গিৰিম্‌৷
য়ৎকৃপা তমহং ৱন্দে পৰমানন্দ মাধৱম্৷৷"

ভাৰতৰ অন্যতম প্ৰত্যাহ্বানমূলক পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰত্যাশীসকলে বছৰ বছৰ ধৰি দৃঢ়তা আৰু নিষ্ঠাৰে কৃচ্ছ্ৰসাধনা কৰে৷জীৱনৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি ইউপিএছচিত সফলতা পোৱাসকলৰ কাহিনীয়ে প্ৰায়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰে। আজিৰ প্ৰতিবেদনত ভাৰতৰ প্ৰথমজন দৃষ্টিহীন আইএএছ বিষয়া প্ৰাঞ্জল পাটিলৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰিম৷

মহাৰাষ্ট্ৰৰ উল্লাছনগৰৰ প্ৰাঞ্জল পাটিলে শৈশৱতে দৃষ্টিশক্তি হেৰুৱাইছিল। অৱশ্যে প্ৰাঞ্জলৰ অদম্য সাহস আৰু দৃঢ়তাই তেওঁক সফলতা প্ৰদান কৰে। প্ৰাঞ্জলে মুম্বাইৰ কমলা মেহতা স্কুল ফৰ দ্য ব্লাইণ্ডত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পাছত ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰে।স্নাতক শিক্ষাৰ অন্তত প্ৰাঞ্জলে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰনেচনেল ৰিলেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লক্ষণীয়ভাৱে পি.এইচ.ডি. আৰু এম.ফিল. কৰি থকাৰ মাজতে প্ৰাঞ্জলে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰে৷

ইউপিএছছিৰ বাবে প্ৰাঞ্জলে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাছিলো৷ বৰঞ্চ তেওঁ বিশেষ চফট্‌ৱেৰৰ ওপৰত নিৰ্ভৰ কৰিছিল যিয়ে প্ৰাঞ্জলক শ্ৰৱণযোগ্যভাৱে কিতাপ পঢ়ি শুনাইছিল।২০১৬ চনত ইউপিএছচি পৰীক্ষাত প্ৰাঞ্জলে প্ৰথম প্ৰচেষ্টাত অল ইণ্ডিয়া ৰেংক (এ আই আৰ) ৭৪৪ লাভ কৰে।এই প্ৰাপ্তিত সন্তুষ্ট নহৈ ২০১৭ চনত প্ৰাঞ্জলে দ্বিতীয় প্ৰচেষ্টাত ১২৪ সংখ্যক স্থান লাভ কৰে৷ইয়াৰ পাছতে প্ৰাঞ্জলে ২০১৮ চনত কেৰালাৰ এৰ্নাকুলামত ডেপুটি কালেক্টাৰ হিচাপে নিযুক্তি লাভ কৰে। প্ৰাঞ্জল বৰ্তমান কেৰেলাৰ তিৰুৱনন্তপুৰমৰ ডিচি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অৱশ্যে প্ৰাঞ্জলৰ এই যাত্ৰা প্ৰত্যাহ্বানহীন নাছিল। প্ৰথম অৱস্থাত ভাৰতীয় ৰেলৱে’ই প্ৰাঞ্জলৰ দৃষ্টিশক্তিহীনতাৰ দোহাই দি চাকৰিৰ আবেদন নাকচ কৰিছিল। তথাপিও প্ৰাঞ্জল পাটিলৰ অটল মনোভাৱ, দৃঢ়তা আৰু অধ্যৱসায়ৰ দ্বাৰা পৰৱৰ্তী সময়ত সফলতা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই