--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মূকং কৰোতি ৱাচালং পঙ্গুং লঙ্ঘয়তে গিৰিম্‌৷
য়ৎকৃপা তমহং ৱন্দে পৰমানন্দ মাধৱম্৷৷"

ভাৰতৰ অন্যতম প্ৰত্যাহ্বানমূলক পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰত্যাশীসকলে বছৰ বছৰ ধৰি দৃঢ়তা আৰু নিষ্ঠাৰে কৃচ্ছ্ৰসাধনা কৰে৷জীৱনৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি ইউপিএছচিত সফলতা পোৱাসকলৰ কাহিনীয়ে প্ৰায়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰে। আজিৰ প্ৰতিবেদনত ভাৰতৰ প্ৰথমজন দৃষ্টিহীন আইএএছ বিষয়া প্ৰাঞ্জল পাটিলৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰিম৷

মহাৰাষ্ট্ৰৰ উল্লাছনগৰৰ প্ৰাঞ্জল পাটিলে শৈশৱতে দৃষ্টিশক্তি হেৰুৱাইছিল। অৱশ্যে প্ৰাঞ্জলৰ অদম্য সাহস আৰু দৃঢ়তাই তেওঁক সফলতা প্ৰদান কৰে। প্ৰাঞ্জলে মুম্বাইৰ কমলা মেহতা স্কুল ফৰ দ্য ব্লাইণ্ডত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পাছত ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰে।স্নাতক শিক্ষাৰ অন্তত প্ৰাঞ্জলে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰনেচনেল ৰিলেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লক্ষণীয়ভাৱে পি.এইচ.ডি. আৰু এম.ফিল. কৰি থকাৰ মাজতে প্ৰাঞ্জলে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰে৷

ইউপিএছছিৰ বাবে প্ৰাঞ্জলে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাছিলো৷ বৰঞ্চ তেওঁ বিশেষ চফট্‌ৱেৰৰ ওপৰত নিৰ্ভৰ কৰিছিল যিয়ে প্ৰাঞ্জলক শ্ৰৱণযোগ্যভাৱে কিতাপ পঢ়ি শুনাইছিল।২০১৬ চনত ইউপিএছচি পৰীক্ষাত প্ৰাঞ্জলে প্ৰথম প্ৰচেষ্টাত অল ইণ্ডিয়া ৰেংক (এ আই আৰ) ৭৪৪ লাভ কৰে।এই প্ৰাপ্তিত সন্তুষ্ট নহৈ ২০১৭ চনত প্ৰাঞ্জলে দ্বিতীয় প্ৰচেষ্টাত ১২৪ সংখ্যক স্থান লাভ কৰে৷ইয়াৰ পাছতে প্ৰাঞ্জলে ২০১৮ চনত কেৰালাৰ এৰ্নাকুলামত ডেপুটি কালেক্টাৰ হিচাপে নিযুক্তি লাভ কৰে। প্ৰাঞ্জল বৰ্তমান কেৰেলাৰ তিৰুৱনন্তপুৰমৰ ডিচি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অৱশ্যে প্ৰাঞ্জলৰ এই যাত্ৰা প্ৰত্যাহ্বানহীন নাছিল। প্ৰথম অৱস্থাত ভাৰতীয় ৰেলৱে’ই প্ৰাঞ্জলৰ দৃষ্টিশক্তিহীনতাৰ দোহাই দি চাকৰিৰ আবেদন নাকচ কৰিছিল। তথাপিও প্ৰাঞ্জল পাটিলৰ অটল মনোভাৱ, দৃঢ়তা আৰু অধ্যৱসায়ৰ দ্বাৰা পৰৱৰ্তী সময়ত সফলতা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement