--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফলৰ ৰজা আম৷ গ্ৰীষ্মকাল মানেই আমৰ সোৱাদ! আমেৰে ভৰি পৰে ফলৰ বজাৰ৷ দশেৰী, লংৰা, হিমসাগৰ, আলফনছ, চৌছা আদি বিভিন্ন ধৰণৰ আমে ফলৰ বিপনীসমূহ শুৱনি কৰে।

কিন্তু পৃথিৱীৰ আটাইতকৈ দামী আম বুলি কোন প্ৰজাতিৰ আমক গণ্য কৰা হয়? এই আমবিধৰ নাম “মিয়াজাকি”। এই আমৰ দাম ১৯ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে।

এই আমবিধ জাপানত উৎপাদিত হয়। আমবিধৰ এক ইতিহাসো আছে৷ শীতপ্ৰধান জাপানত এই গ্ৰীষ্মকালীন আম খেতি কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু নাকাগাৱা নামৰ এজন বিশ্ববিখ্যাত আম খেতিয়কে প্ৰাকৃতিকভাৱে “সেউজগৃহ” সৃষ্টি কৰি এই আমৰ খেতি কৰিছে।

কেৱল সেয়াই নহয়, ২০১১ চনৰ পৰা উত্তৰ জাপানৰ বৰফেৰে আবৃত টোকাচি অঞ্চলৰ এটা সেউজগৃহত তেওঁ আম খেতি কৰি আহিছে। সেউজগৃহৰ বাহিৰৰ উষ্ণতা মাইনাছ ৮ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হ’লেও ভিতৰৰ উষ্ণতা গড়ে ৩৬ ডিগ্ৰী চেলছিয়াছ। নাকাগাৱাই কয় যে তেওঁৰ মিয়াজাকি আমৰ সোৱাদ আন যিকোনো আমতকৈ বহুগুণ বেছি।

জাপানীসকলে মিয়াজাকি আমক ‘সূৰ্য কিৰণৰ কণী’ বা “ছান শ্বাইন এগ” বুলি কয়। নাকাগাৱাৰ ফলৰ বাগিচাৰ এটা মিয়াজাকি আমৰ দাম ২৩০ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ১৯ হাজাৰ টকা। বৰ্তমান তেওঁৰ সেউজগৃহত প্ৰায় ৫ হাজাৰ আম উৎপাদন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস