--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চ’চিয়েল মিডিয়াত বৰ্তমান বহুলভাৱে চৰ্চিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী। সমান্তৰালভাৱে চৰ্চালৈ আহিছে আন্তজাৰ্তিক খ্যাতি সম্পন্ন ভগ আলোচনীয়ো । ইউক্রেনৰ ৰাষ্ট্ৰপতি ভাল্ডামিৰ   জেলেনস্কি  আৰু ওলেনা জেলেনস্কিক নিৰ্বাচন কৰা হৈচিল ভগৰ  কভাৰ ফটোশ্বুটৰ বাবে। এই ছবি প্ৰকাশৰ পিছতেই যেন দুটা ভাগত বিভক্ত হৈ পৰিছে বিশ্ব ।   এক পক্ষৰ মতে , তৃতীয় বিশ্বযুদ্ধৰ প্ৰাক মূহূৰ্তক এখন মেগাজিনে ব্যৱসায়িক লাভৰ বাবে ব্যৱহাৰ কৰাটো লজ্জাজনক ৷ আনহাতে  আনটো  পক্ষই ওলেনা জেলেনস্কিৰ  সুৰত  সুৰ  মিলাই  কৈছে যে, “ এই ফটোশ্বুট আৰু সাক্ষাৎকাৰৰ  প্রকৃত উদ্দেশ্য হৈছে  ইউক্রেইনৰ  সাধাৰণ মানুহ, বিশেষকৈ  নাৰীসকলৰ  শক্তি আৰু  সাহস প্ৰতিফলিত কৰা৷”  

এই ছবি তুলিবৰ বাবে  ভগৰ  এটি দল ইউক্রেইনৰ  ৰাষ্ট্ৰপতিৰ  চৰকাৰি বাসভৱনলৈ গৈছিল। ভগৰ  এই ফটোশ্বুটৰ সৈতে সংগতি ৰাখি লোৱা  সাক্ষাৎকাৰত যেন ভাল্ডামিৰ আৰু তেওঁৰ পত্নীয়ে   দীৰ্ঘ সময়ৰ অন্তত  দুয়োৰে ব্যক্তিগত কথাবোৰ খুলি ক’লে৷ তেওঁলোকৰ  প্রথম দেখা, প্রেম, দীর্ঘ বিবাহিত জীৱন আৰু  যুদ্ধকালীন পৰিস্থিতিত প্রেচিডেন্ট আৰু  প্ৰথম লেডি হিচাপে দুয়োৰে ভূমিকা সম্পৰ্কেও আলোচনা কৰা হ’ল৷ 

ফটোশ্বুটৰ  ছবি শ্বেয়াৰ  কৰি  ওলেনাই তেওঁৰ অনুৰাগী সকলক  উদ্দেশ্য কৰি  লিখিলে, “ভগৰ  প্রচ্ছদত  স্থান পাই  আমি যথেষ্ট গৌৰৱান্বিত । মই  ইউক্রেইনৰ  প্রত্যেক গৰাকী  যুঁজাৰু নাৰীকেই মোৰ স্থানত চাবলৈ বিচাৰো৷  যি  সকলে যুদ্ধ  কৰিছে, স্ব- ইচ্ছাই সেৱা আগবঢ়াইছে,  ৰিফিউজি ক্যেম্পতো জীৱন নিৰ্বাহ কৰিছে , চাইৰেণৰ শব্দত  বিচলিত নোহোৱাকৈ  নিজৰ কাম কৰি গৈছে , সেই সকলো  নাৰীয়ে   এই প্রচ্ছদত স্থান পোৱাৰ যোগ্য।মই  ইউক্রেইনৰ প্রত্যেক নাৰীক উদ্দেশ্য কৰি  ক’ব খোজোঁ যে,  ভগৰ  প্রচ্ছদত কেৱল  মোক দেখা গৈছে যদিও  মই একো নহয়৷আপুনি, আপোনালোক সকলো ইয়াত আছে৷”

ভগে প্ৰকাশ কৰা এই যুদ্ধকালীন ছবি কেইখন বহু  সমালোচনাৰ চিকাৰ হৈছে৷এখন ছবিত দেখা গৈছে যে  গাঢ় নীল ৰঙৰ অভাৰকোট পৰিহিত ওলেনাই  দৃঢ়তাৰে বুকুত  হাত থৈছে৷ তেওঁৰ  খোলা চুলিবোৰ বতাহত উৰি আছে৷ পিছফালে এখন ভঙা  যুদ্ধবিমান। তেওঁৰ দুয়োকাষে   তিনি গৰাকী  নাৰী যোদ্ধা। এই ছবিখন  প্রকাশ কৰাৰ লগতে  ভগ আলোচনীয়ে তেওঁলোকৰ   ৩ কোটি ৯৮ লাখ অনুৰাগীৰ বাবে সাক্ষাৎকাৰৰ এটি অংশও  সন্নিৱিষ্ট কৰিছে৷  

আন এখন ছবিত , ওলেনাক অন্তৰংগভাৱে ভাল্ডামিৰে ধৰি থকা দেখা গৈছে৷ পিন্ধনত টি–চাৰ্ট  আৰু  পেন্ট।  ওলেনাৰ  পিন্ধনত গাঢ় নীলা ৰঙৰ  হাইনেক  টপ আৰু পেন্ট। প্রায় দুই দশকেৰ বিবাহিত সম্পর্কেৰ নানা দিশৰ লগতে  যুদ্ধকালীন সময়ৰ প্ৰতিচ্ছবিও ফটোখনত দেখা গৈছে৷৪৪ বৰ্ষীয়  ওলেনাই কয় যে , ‘যুদ্ধ আৰম্ভ হোৱাৰ পিছত  ভাল্ডামিৰে সিদ্ধান্ত ল’লে যে কোনো পৰিস্থিতিতেই দেশ তেওঁ দেশ এৰি নাযায় ৷ মই যথেষ্ট চিন্তিত হৈছিলোঁ। কিন্তু মই তেওঁৰ সিদ্ধান্তক সন্মান কৰো৷তেওঁক কৈছিলোঁ সকলো অতি  দ্রুতভাৱে  সলনি হৈ যাব। আৰু সেই জটিল সময় দীৰ্ঘদিন ধৰি চলিব৷ আমি বুজিছিলো, আমি শক্তিশালী আৰু সাহসী হ’বৰ হ’ল। আমি আমাৰ  বিবাহিত জীৱনৰ আটাইতকৈ জটিল সময়ত ভৰি দিলোঁ।” লগতে  ভাল্ডামিৰে কয় যে, “ওলেনা মোৰ গোটেই  জীৱনৰ   বন্ধু। তেওঁ এগৰাকী দেশপ্রেমিক। তেওঁ  ইউক্রেনক সঁচাকৈ বহুত ভাল পায় ৷  লগতে তেওঁ এগৰাকী সাহসী  মাতৃ৷”

এই ছবিসমূহ আৰু সাক্ষাৎকাৰ  প্রকাশৰ পিছতেই সৃষ্টি হৈছে আন এখন যুদ্ধৰ ৷  সেই যুদ্ধ তুমুল যুদ্ধ চলিছে  সামাজিক মাধ্যমত। ফটোসমূহক লৈ  মিশ্রিত  প্ৰতিক্ৰিয়া দেখা গৈছে। এজনে কটাক্ষ কৰি  লিখিছে , ‘যুদ্ধবিধস্ত  ইউক্রেইনৰ  নাগৰিকক অপমান কৰিবলৈ ইয়াতকৈ ভাল উপায় নাই ৷' আন এজন ব্যক্তিয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য- “ প্ৰতিটো বস্তুকে, আনকি  তৃতীয় বিশ্বযুদ্ধকো  পুঁজিবাদী ফেশ্বন কৰি তোলা হ’ল৷” 

অৱশ্যে অনেকে ফটোশ্বুটৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰা লিখিছে  -“এই ছবি, এই সাক্ষাৎকাৰ সকলোবোৰ এক মনস্তাত্ত্বিক যুদ্ধ। এই ছবিসমূহে ইউক্রেইনক  মনোবল নাভাঙিবলৈ কৈছে৷ ইউক্ৰেইনৰ মনোবল আছে, আৰু থাকিব৷ ফটোসমূহৰ জৰিয়তে আন  পক্ষসমূহক  এক  শক্তিশালী বার্তা দিয়া হ’ল। সকলোৱে সমালোচনা কৰিছে যদিও মই ফটোসমূহক সমৰ্থন কৰিছো। ভগ আলোচনীয়ে  বহু সময়ৰ পিছত সাহস কৰি এনে সত্যতা উপস্থাপন কৰিলে৷”

মার্কিন মানবাধিকাৰকর্মী স্কট প্রেছলাৰে লিখিছে,  ‘আমি ইউক্রেইনক ৫৪ বিলিয়ন ডলাৰ দিলো । যাতে  প্রেচিডেন্ট আৰু  তেওঁৰ  স্ত্রীয়ে ভগৰ কেমেৰাৰ সন্মুখত ফটোৰ বাবে প’জ দিব পাৰে আৰু  তেওঁলোকৰ  প্রেমকাহিনী ক’ব পাৰে !’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু