--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ পকেটত আছিল ১০০টকীয়া বাংলাদেশী মুদ্ৰা। এই মুদ্ৰাখিনি লৈয়েই বাংলাদেশৰ কুমিল্লাৰ পৰা ত্ৰিপুৰাৰ কলমচোৰা গাঁৱৰ এখন দোকানলৈ আহিছিল কিশোৰজনে। এখন নদী পাৰ হৈ এই দীঘলীয়া যাত্ৰাপথ অতিক্ৰম কৰে এইজন কিশোৰে। সীমান্তৰক্ষীৰ চকুত ধূলি দি পাৰ হৈছিল কাঁইটীয়া তাঁৰৰ বেৰ। লক্ষ্য চকলেট, কেৱল মাত্ৰ এটা প্ৰিয় চকলেটৰ বাবে বাংলাদেশৰ পৰা ভাৰত পালেহি এজন কিশোৰে। বাংলাদেশত নোপোৱা চকলেট ক্ৰয়ৰ লক্ষ্যৰে ভাৰতত প্ৰৱেশ কৰা এইজন যুৱকে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

এই যুৱকজনৰ নাম ইমান হোছেইন। কিন্তু চকলেটৰ হেঁপাহত ইমানৰ অভিযান স্তব্ধ হৈ পৰে। বিএছএফ জোৱানৰ হাতত ধৰা পৰে হোছেইন। সীমান্তৰক্ষীৰ প্ৰশ্নৰ উত্তৰত হোছেইনে কয়, ‘চকলেট কিনাৰ বাহিৰে মোৰ আন কোনো উদ্দেশ্য নাই।’ পাছে যুৱকজনৰ এই স্বীকাৰোক্তিত পতিয়ন নগ’ল সীমান্তৰক্ষী। লগে লগে ইমান হোছেইনক আৰক্ষীক গতাই দিয়ে সীমান্তৰক্ষীয়ে। পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হয় ইমান হোছেইনক আৰু ১৫ দিনৰ বাবে কাৰাগাৰেই হৈ পৰিব এইজন যুৱকৰ পৰিচয়। বেআইনীভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত বাংলাদেশী কিশোৰগৰাকীৰ বিৰুদ্ধে  এটা গোচৰো ৰুজু কৰা হৈছে।

এই প্ৰসংগত আৰক্ষীয়ে কয়, ‘ইমানৰ ভাৰতলৈ অহাৰ আন কোনো কাৰণ আছে নেকি তাকে লৈ বৰ্তমান অনুসন্ধান চলি আছে । অৱশ্যে, অনুসন্ধানত ১০০ টকাৰ বাংলাদেশী মুদ্ৰাৰ বাহিৰে আন একো পোৱা নাই কিশোৰজনৰ পৰা। উপযুক্ত নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল