--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ পকেটত আছিল ১০০টকীয়া বাংলাদেশী মুদ্ৰা। এই মুদ্ৰাখিনি লৈয়েই বাংলাদেশৰ কুমিল্লাৰ পৰা ত্ৰিপুৰাৰ কলমচোৰা গাঁৱৰ এখন দোকানলৈ আহিছিল কিশোৰজনে। এখন নদী পাৰ হৈ এই দীঘলীয়া যাত্ৰাপথ অতিক্ৰম কৰে এইজন কিশোৰে। সীমান্তৰক্ষীৰ চকুত ধূলি দি পাৰ হৈছিল কাঁইটীয়া তাঁৰৰ বেৰ। লক্ষ্য চকলেট, কেৱল মাত্ৰ এটা প্ৰিয় চকলেটৰ বাবে বাংলাদেশৰ পৰা ভাৰত পালেহি এজন কিশোৰে। বাংলাদেশত নোপোৱা চকলেট ক্ৰয়ৰ লক্ষ্যৰে ভাৰতত প্ৰৱেশ কৰা এইজন যুৱকে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

এই যুৱকজনৰ নাম ইমান হোছেইন। কিন্তু চকলেটৰ হেঁপাহত ইমানৰ অভিযান স্তব্ধ হৈ পৰে। বিএছএফ জোৱানৰ হাতত ধৰা পৰে হোছেইন। সীমান্তৰক্ষীৰ প্ৰশ্নৰ উত্তৰত হোছেইনে কয়, ‘চকলেট কিনাৰ বাহিৰে মোৰ আন কোনো উদ্দেশ্য নাই।’ পাছে যুৱকজনৰ এই স্বীকাৰোক্তিত পতিয়ন নগ’ল সীমান্তৰক্ষী। লগে লগে ইমান হোছেইনক আৰক্ষীক গতাই দিয়ে সীমান্তৰক্ষীয়ে। পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হয় ইমান হোছেইনক আৰু ১৫ দিনৰ বাবে কাৰাগাৰেই হৈ পৰিব এইজন যুৱকৰ পৰিচয়। বেআইনীভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত বাংলাদেশী কিশোৰগৰাকীৰ বিৰুদ্ধে  এটা গোচৰো ৰুজু কৰা হৈছে।

এই প্ৰসংগত আৰক্ষীয়ে কয়, ‘ইমানৰ ভাৰতলৈ অহাৰ আন কোনো কাৰণ আছে নেকি তাকে লৈ বৰ্তমান অনুসন্ধান চলি আছে । অৱশ্যে, অনুসন্ধানত ১০০ টকাৰ বাংলাদেশী মুদ্ৰাৰ বাহিৰে আন একো পোৱা নাই কিশোৰজনৰ পৰা। উপযুক্ত নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ