--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূব পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাপে ভাৰতলৈ প্ৰব্ৰজন কৰা ৬৩টা হিন্দু পৰিয়ালক এক বৃহৎ সকাহ দিছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে। ৭০ৰ দশকৰ আৰম্ভণিতে সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল তেতিয়াই এইসকল লোকে ভাৰতলৈ আশ্ৰয় বিচাৰি আহিছিল। যোগী চৰকাৰে আজি তেওঁলোকক কৃষিভূমি, বাসস্থানৰ বাবে ভূমি, ঘৰ নিৰ্মাণৰ বাবে ধন আৰু শৌচালয় প্ৰদানৰ বাবে নথিপত্ৰ হস্তান্তৰ কৰে। পাঁচ দশক ধৰি কঠিন জীৱন যাপন কৰা এই বঙালী হিন্দুসকলে মোদী চৰকাৰৰ এই বদান্যতাত সুখী হৈ পৰা লগতে বৃহৎ সকাহ লাভ কৰিছে।

বঙালী হিন্দুসকলক ভূমি লীজ প্ৰদান কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ১৯৭০ চনত পূব পাকিস্তানৰ পৰা স্থানান্তৰিত হোৱা ৬৩ টা হিন্দু বাঙালী পৰিয়ালক পুনৰসংস্থাপনৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৩৮ বছৰৰ অপেক্ষা শেষ হৈছে, এই ৬৩ টা পৰিয়ালে ২ একৰ মাটি, ২০০ বৰ্গ মিটাৰ ভূমি, মুখ্যমন্ত্ৰী আবাস যোজনাৰ অধীনত  ঘৰ নিৰ্মাণৰ বাবে ধন লাভ আৰু শৌচালয় লাভ কৰিছে। ১৯৭০ ৰ দশকৰ পৰা অহা এই পৰিয়ালবোৰে যাযাবৰৰ জীৱন যাপন কৰি আছিল, আমি তেওঁলোকক পুনৰসংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। 

তেওঁলোকৰ পুনৰসংস্থাপনৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে বাবে লক্ষ্ণৌলৈ অহা একাংশ হিন্দু বাঙালী লোকে সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে  আৱেগিক হৈ পৰিছিল। নাৰায়ণ চন্দ্ৰ দাস নামৰ এজন বৃদ্ধ পুৰোহিতে চকুপানী টুকি টুকি তেওঁৰ দুৰ্দশাৰ কাহিনী বৰ্ণনা কৰিছিল। তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁ কিদৰে নিপীড়িত হৈছিল আৰু নিজৰ মাটি এৰিবলৈ বাধ্য হৈছিল। তেওঁ কয় যে, ইয়াৰ পাছত, ১৯৭০ চনত, মই হস্তিনাপুৰৰ এটা মিলত কাম পাইছিলো, কিন্তু যেতিয়া ১৯৮৪ চনত কাৰখানাটো বন্ধ হৈ যায়, তাৰ পিছত জীৱনটো অধিক কঠিন হৈ পৰে। নাৰায়ণ চন্দ্ৰ দাস, নিৰ্মল গোল্ডাৰ, মনোৰঞ্জন মজুমদাৰ আৰু সত্য নাৰায়ণৰ জীৱনৰ দুৰ্দশাৰ কাহিনীও প্ৰায় একেধৰণ।  যিসকলে ১৯৭০ চনত অত্যাচাৰৰ সন্মুখীন হৈ শৰণাৰ্থী হিচাপে ভাৰতলৈ আহিছিল আৰু এতিয়া জীৱনৰ সকলো আশা-আকাংক্ষা ত্যাগ কৰিছিল। যোগী আদিত্যনাথৰ প্ৰশংসাত পঞ্চমুখ হৈ তেওঁলোকে কয় যে, আজি যোগী আদিত্যনাথক প্ৰতিজন বাঙালী হিন্দুয়ে আশীৰ্বাদ দিছে।

উত্তৰ প্ৰদেশ চৰকাৰে বঙালী হিন্দুসকলৰ বাবে যি সহায় আগবঢ়াইছে সেয়া এক ডাঙৰ পদক্ষেপ, কিয়নো ১৯৮৪ চনত হস্তিনাপুৰত কাৰখানাটো বন্ধ হোৱাৰ পাছত, এই পৰিয়ালবোৰ অস্তিত্বৰ সংকটত পৰিছিল। আজি ইয়াৰে ৬৩ টা পৰিয়ালক ২ একৰকৈ মাটি প্ৰদান, ঘৰ আৰু শৌচালয় প্ৰদানৰ জৰিয়তে এক সকাহ দিলে যোগী চৰকাৰে।
মন কৰিবলগীয়া যে, ভাৰতত নাগৰিকত্ব সংশোধনী আইনক লৈ বিতৰ্ক চলি থকাৰ মাজতে হিন্দু বাঙালীক সংস্থাপিত কৰাৰ এই প্ৰক্ৰিয়া ৰাজনৈতিক কাৰণতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এতিয়ালৈতে দেশত ‘কা’ৰ বিধি নিৰূপিত হোৱা নাই যদিও চৰকাৰে বিক্ষিপ্তভাৱে হ’লেও হিন্দু বঙালীকে ধৰি ধৰ্মীয় সংখ্যালঘু শৰনাৰ্থীক সংস্থাপিত কৰাৰ কাম আৰম্ভ কৰিছে। মানৱীয়তাৰ দিশৰ পৰা এয়া প্ৰয়োজনীয় বিষয় যদিও ৰাজনৈতিক তথা সামাজিক দিশৰ পৰা এই বিষয়টো লৈ চৰ্চা নিশ্চয় হোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল