--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূব পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাপে ভাৰতলৈ প্ৰব্ৰজন কৰা ৬৩টা হিন্দু পৰিয়ালক এক বৃহৎ সকাহ দিছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে। ৭০ৰ দশকৰ আৰম্ভণিতে সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল তেতিয়াই এইসকল লোকে ভাৰতলৈ আশ্ৰয় বিচাৰি আহিছিল। যোগী চৰকাৰে আজি তেওঁলোকক কৃষিভূমি, বাসস্থানৰ বাবে ভূমি, ঘৰ নিৰ্মাণৰ বাবে ধন আৰু শৌচালয় প্ৰদানৰ বাবে নথিপত্ৰ হস্তান্তৰ কৰে। পাঁচ দশক ধৰি কঠিন জীৱন যাপন কৰা এই বঙালী হিন্দুসকলে মোদী চৰকাৰৰ এই বদান্যতাত সুখী হৈ পৰা লগতে বৃহৎ সকাহ লাভ কৰিছে।

বঙালী হিন্দুসকলক ভূমি লীজ প্ৰদান কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ১৯৭০ চনত পূব পাকিস্তানৰ পৰা স্থানান্তৰিত হোৱা ৬৩ টা হিন্দু বাঙালী পৰিয়ালক পুনৰসংস্থাপনৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৩৮ বছৰৰ অপেক্ষা শেষ হৈছে, এই ৬৩ টা পৰিয়ালে ২ একৰ মাটি, ২০০ বৰ্গ মিটাৰ ভূমি, মুখ্যমন্ত্ৰী আবাস যোজনাৰ অধীনত  ঘৰ নিৰ্মাণৰ বাবে ধন লাভ আৰু শৌচালয় লাভ কৰিছে। ১৯৭০ ৰ দশকৰ পৰা অহা এই পৰিয়ালবোৰে যাযাবৰৰ জীৱন যাপন কৰি আছিল, আমি তেওঁলোকক পুনৰসংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। 

তেওঁলোকৰ পুনৰসংস্থাপনৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে বাবে লক্ষ্ণৌলৈ অহা একাংশ হিন্দু বাঙালী লোকে সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে  আৱেগিক হৈ পৰিছিল। নাৰায়ণ চন্দ্ৰ দাস নামৰ এজন বৃদ্ধ পুৰোহিতে চকুপানী টুকি টুকি তেওঁৰ দুৰ্দশাৰ কাহিনী বৰ্ণনা কৰিছিল। তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁ কিদৰে নিপীড়িত হৈছিল আৰু নিজৰ মাটি এৰিবলৈ বাধ্য হৈছিল। তেওঁ কয় যে, ইয়াৰ পাছত, ১৯৭০ চনত, মই হস্তিনাপুৰৰ এটা মিলত কাম পাইছিলো, কিন্তু যেতিয়া ১৯৮৪ চনত কাৰখানাটো বন্ধ হৈ যায়, তাৰ পিছত জীৱনটো অধিক কঠিন হৈ পৰে। নাৰায়ণ চন্দ্ৰ দাস, নিৰ্মল গোল্ডাৰ, মনোৰঞ্জন মজুমদাৰ আৰু সত্য নাৰায়ণৰ জীৱনৰ দুৰ্দশাৰ কাহিনীও প্ৰায় একেধৰণ।  যিসকলে ১৯৭০ চনত অত্যাচাৰৰ সন্মুখীন হৈ শৰণাৰ্থী হিচাপে ভাৰতলৈ আহিছিল আৰু এতিয়া জীৱনৰ সকলো আশা-আকাংক্ষা ত্যাগ কৰিছিল। যোগী আদিত্যনাথৰ প্ৰশংসাত পঞ্চমুখ হৈ তেওঁলোকে কয় যে, আজি যোগী আদিত্যনাথক প্ৰতিজন বাঙালী হিন্দুয়ে আশীৰ্বাদ দিছে।

উত্তৰ প্ৰদেশ চৰকাৰে বঙালী হিন্দুসকলৰ বাবে যি সহায় আগবঢ়াইছে সেয়া এক ডাঙৰ পদক্ষেপ, কিয়নো ১৯৮৪ চনত হস্তিনাপুৰত কাৰখানাটো বন্ধ হোৱাৰ পাছত, এই পৰিয়ালবোৰ অস্তিত্বৰ সংকটত পৰিছিল। আজি ইয়াৰে ৬৩ টা পৰিয়ালক ২ একৰকৈ মাটি প্ৰদান, ঘৰ আৰু শৌচালয় প্ৰদানৰ জৰিয়তে এক সকাহ দিলে যোগী চৰকাৰে।
মন কৰিবলগীয়া যে, ভাৰতত নাগৰিকত্ব সংশোধনী আইনক লৈ বিতৰ্ক চলি থকাৰ মাজতে হিন্দু বাঙালীক সংস্থাপিত কৰাৰ এই প্ৰক্ৰিয়া ৰাজনৈতিক কাৰণতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এতিয়ালৈতে দেশত ‘কা’ৰ বিধি নিৰূপিত হোৱা নাই যদিও চৰকাৰে বিক্ষিপ্তভাৱে হ’লেও হিন্দু বঙালীকে ধৰি ধৰ্মীয় সংখ্যালঘু শৰনাৰ্থীক সংস্থাপিত কৰাৰ কাম আৰম্ভ কৰিছে। মানৱীয়তাৰ দিশৰ পৰা এয়া প্ৰয়োজনীয় বিষয় যদিও ৰাজনৈতিক তথা সামাজিক দিশৰ পৰা এই বিষয়টো লৈ চৰ্চা নিশ্চয় হোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ