--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দশকৰ ভিতৰতে বিশ্বজুৰি মুছলমান বিৰোধী ঘৃণা দুগুণতকৈও অধিক হৈছে।  ব্ৰিটেইনত দেখা দিয়া এই ঘৃণাৰ  বিশদ অধ্যয়ন প্ৰস্তুত কৰি 'টেল মামা’ (Tell Mama) নামৰ এটা সংস্থাই এইদৰে কয়।

মুছলমান বিৰোধী আৱেগ আৰু নিৰ্যাতনৰ বিৰুদ্ধে কাম কৰা 'টেল মামা’ই কয় যে ২০১২ চনত মুছলমান বিৰোধী ঘৃণাৰ গোচৰ বছৰি ৫৮৪ৰ পৰা ২০২১ চনত ১২১২টালৈ বৃদ্ধি পাইছে।

সংস্থাটোৱে কয়- ''আমি আশা কৰোঁ যে এই তথ্যই বহুতৰ মাজলৈ সজাগতালৈ আনিব যে মুছলমান বিৰোধী ঘৃণা য’তেই প্ৰকাশ পায় তাতেই শান্তিপূৰ্ণভাৱে প্ৰত্যাহ্বান জনোৱা, নিৰীক্ষণ কৰা আৰু প্ৰতিহত কৰাৰ প্ৰয়োজন।’’

২০১২ চনৰ পৰা 'টেল মামা’ই মুছলমান বিৰোধী ঘৃণাকেন্দ্ৰীক ১৬ হাজাৰতকৈ অধিক গোচৰত জড়িত হৈ আহিছে। অনলাইন ঘৃণা ২০২০ চনত উচ্চ স্তৰলৈ উঠে বুলি সংস্থাটোৱে কয়, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইণ্টাৰনেটত এনে গালি-গালাজ “কৰ’না মহামাৰীয়ে ত্বৰান্বিত কৰিলে”। টেল মামাই জনোৱা মতে, ২০২০ চনত অনলাইন আৰু অফলাইনত ১,৩১৮টা গোচৰ পোৱা গৈছিল।

গোটটোৱে কয় যে ২০১৬, ২০১৭ আৰু ২০১৯ চনৰ ভিতৰত সৰ্বাধিক অফলাইন গোচৰ সংঘটিত হৈছিল। টেল মামাই কয় যে উগ্ৰ সোঁপন্থীৰ কাৰ্যকলাপ, বিশ্বজুৰি মুছলমান বিৰোধী আক্ৰমণ, ৰাজনৈতিক বক্তৃতা, ব্ৰেক্সিট গণভোটৰ ফলাফল, তথাকথিত ইছলামিক ষ্টেট আৰু সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ কাৰ্যকলাপ, গ্ৰুমিং কেলেংকাৰীয়ে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস