--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দশকৰ ভিতৰতে বিশ্বজুৰি মুছলমান বিৰোধী ঘৃণা দুগুণতকৈও অধিক হৈছে।  ব্ৰিটেইনত দেখা দিয়া এই ঘৃণাৰ  বিশদ অধ্যয়ন প্ৰস্তুত কৰি 'টেল মামা’ (Tell Mama) নামৰ এটা সংস্থাই এইদৰে কয়।

মুছলমান বিৰোধী আৱেগ আৰু নিৰ্যাতনৰ বিৰুদ্ধে কাম কৰা 'টেল মামা’ই কয় যে ২০১২ চনত মুছলমান বিৰোধী ঘৃণাৰ গোচৰ বছৰি ৫৮৪ৰ পৰা ২০২১ চনত ১২১২টালৈ বৃদ্ধি পাইছে।

সংস্থাটোৱে কয়- ''আমি আশা কৰোঁ যে এই তথ্যই বহুতৰ মাজলৈ সজাগতালৈ আনিব যে মুছলমান বিৰোধী ঘৃণা য’তেই প্ৰকাশ পায় তাতেই শান্তিপূৰ্ণভাৱে প্ৰত্যাহ্বান জনোৱা, নিৰীক্ষণ কৰা আৰু প্ৰতিহত কৰাৰ প্ৰয়োজন।’’

২০১২ চনৰ পৰা 'টেল মামা’ই মুছলমান বিৰোধী ঘৃণাকেন্দ্ৰীক ১৬ হাজাৰতকৈ অধিক গোচৰত জড়িত হৈ আহিছে। অনলাইন ঘৃণা ২০২০ চনত উচ্চ স্তৰলৈ উঠে বুলি সংস্থাটোৱে কয়, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইণ্টাৰনেটত এনে গালি-গালাজ “কৰ’না মহামাৰীয়ে ত্বৰান্বিত কৰিলে”। টেল মামাই জনোৱা মতে, ২০২০ চনত অনলাইন আৰু অফলাইনত ১,৩১৮টা গোচৰ পোৱা গৈছিল।

গোটটোৱে কয় যে ২০১৬, ২০১৭ আৰু ২০১৯ চনৰ ভিতৰত সৰ্বাধিক অফলাইন গোচৰ সংঘটিত হৈছিল। টেল মামাই কয় যে উগ্ৰ সোঁপন্থীৰ কাৰ্যকলাপ, বিশ্বজুৰি মুছলমান বিৰোধী আক্ৰমণ, ৰাজনৈতিক বক্তৃতা, ব্ৰেক্সিট গণভোটৰ ফলাফল, তথাকথিত ইছলামিক ষ্টেট আৰু সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ কাৰ্যকলাপ, গ্ৰুমিং কেলেংকাৰীয়ে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা