--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে হেনলী পাছপৰ্ট সূচাংকৰ তালিকা৷ এতিয়া ছিংগাপুৰে ২০২৩ চনত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে হেনলি পাছপ’ৰ্ট সূচকাংকত শীৰ্ষস্থান দখল কৰি ১৯২টা ভ্ৰমণ গন্তব্যস্থানলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধা লাভ কৰিছে।

১৮ জুলাইত প্ৰকাশ পোৱা নতুন তালিকা অনুসৰি পূৰ্বৰ শীৰ্ষ ৰেংক ধাৰী জাপান তৃতীয় ৰেংকলৈ নামি আহিছে।১৯০টা গন্তব্যস্থানলৈ ভিছাবিহীন প্ৰৱেশৰ সুবিধা লাভ কৰি ইউৰোপৰ তিনিখন দেশ – জাৰ্মানী, ইটালী আৰু স্পেইনে এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। ইফালে জাপানে পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থান হেৰুৱাইছে। জাপানে অষ্ট্ৰিয়া, ফিনলেণ্ড, ফ্ৰান্স, লাক্সেমবাৰ্গ, দক্ষিণ কোৰিয়া আৰু ছুইডেনৰ সৈতে তৃতীয় স্থান ভাগ কৰে।

ভাৰতৰ কথা ক’বলৈ গ’লে এই তালিকাত ভাৰতৰ স্থান ৮০। ভাৰতীয় পাছপ’ৰ্টখনে চেনেগাল আৰু ট’গোৰ সৈতে এই স্থান ভাগ কৰে,উল্লেখ্য যে এই তিনিওখন দেশে ৫৭টা গন্তব্যস্থানলৈ ভিছামুক্ত প্ৰৱেশৰ ব্যৱস্থা আছে। ক্ৰমে ১০১, ১০২ আৰু ১০৩ ৰেংক লৈ ছিৰিয়া, ইৰাক আৰু আফগানিস্তান বিশ্বৰ আটাইতকৈ দুৰ্বল পাছপ’ৰ্ট।তদুপৰি ১০০ নম্বৰ স্থানত আছে পাকিস্তান।


ছয় বছৰৰ অৱনতিৰ অন্তত ব্ৰিটেইনে দুটা স্থান ওপৰলৈ আহি চতুৰ্থ স্থান দখল কৰে।আনহাতে আমেৰিকাই সূচকাংকৰ তললৈ এতিয়া দশকজুৰি চলি থকা নিম্নগামীতা অব্যাহত ৰাখিছে, মাত্ৰ ১৮৪টা গন্তব্যস্থানত ভিছামুক্তভাৱে প্ৰৱেশৰ সুবিধাৰে আৰু দুটা স্থান হ্ৰাস পাই অষ্টম স্থানলৈ আমেৰিকাৰ স্থান অৱনমিত হৈছে।

প্ৰায় ১০ বছৰ পূৰ্বে ২০১৪ চনত ব্ৰিটেইন আৰু আমেৰিকা দুয়োখন দেশেই যৌথভাৱে সূচকাংকত প্ৰথম স্থান লাভ কৰিছিল যদিও বৰ্তমান নিম্নগামী স্থানতহে আগবাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে