--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে হেনলী পাছপৰ্ট সূচাংকৰ তালিকা৷ এতিয়া ছিংগাপুৰে ২০২৩ চনত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে হেনলি পাছপ’ৰ্ট সূচকাংকত শীৰ্ষস্থান দখল কৰি ১৯২টা ভ্ৰমণ গন্তব্যস্থানলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধা লাভ কৰিছে।

১৮ জুলাইত প্ৰকাশ পোৱা নতুন তালিকা অনুসৰি পূৰ্বৰ শীৰ্ষ ৰেংক ধাৰী জাপান তৃতীয় ৰেংকলৈ নামি আহিছে।১৯০টা গন্তব্যস্থানলৈ ভিছাবিহীন প্ৰৱেশৰ সুবিধা লাভ কৰি ইউৰোপৰ তিনিখন দেশ – জাৰ্মানী, ইটালী আৰু স্পেইনে এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। ইফালে জাপানে পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থান হেৰুৱাইছে। জাপানে অষ্ট্ৰিয়া, ফিনলেণ্ড, ফ্ৰান্স, লাক্সেমবাৰ্গ, দক্ষিণ কোৰিয়া আৰু ছুইডেনৰ সৈতে তৃতীয় স্থান ভাগ কৰে।

ভাৰতৰ কথা ক’বলৈ গ’লে এই তালিকাত ভাৰতৰ স্থান ৮০। ভাৰতীয় পাছপ’ৰ্টখনে চেনেগাল আৰু ট’গোৰ সৈতে এই স্থান ভাগ কৰে,উল্লেখ্য যে এই তিনিওখন দেশে ৫৭টা গন্তব্যস্থানলৈ ভিছামুক্ত প্ৰৱেশৰ ব্যৱস্থা আছে। ক্ৰমে ১০১, ১০২ আৰু ১০৩ ৰেংক লৈ ছিৰিয়া, ইৰাক আৰু আফগানিস্তান বিশ্বৰ আটাইতকৈ দুৰ্বল পাছপ’ৰ্ট।তদুপৰি ১০০ নম্বৰ স্থানত আছে পাকিস্তান।


ছয় বছৰৰ অৱনতিৰ অন্তত ব্ৰিটেইনে দুটা স্থান ওপৰলৈ আহি চতুৰ্থ স্থান দখল কৰে।আনহাতে আমেৰিকাই সূচকাংকৰ তললৈ এতিয়া দশকজুৰি চলি থকা নিম্নগামীতা অব্যাহত ৰাখিছে, মাত্ৰ ১৮৪টা গন্তব্যস্থানত ভিছামুক্তভাৱে প্ৰৱেশৰ সুবিধাৰে আৰু দুটা স্থান হ্ৰাস পাই অষ্টম স্থানলৈ আমেৰিকাৰ স্থান অৱনমিত হৈছে।

প্ৰায় ১০ বছৰ পূৰ্বে ২০১৪ চনত ব্ৰিটেইন আৰু আমেৰিকা দুয়োখন দেশেই যৌথভাৱে সূচকাংকত প্ৰথম স্থান লাভ কৰিছিল যদিও বৰ্তমান নিম্নগামী স্থানতহে আগবাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস