--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ ৰাজধানী বেইজিং বিশ্বৰ অন্যতম জনবহুল চহৰ। অতিব্যস্ত এই চহৰখনত চীনৰ কেইবাটাও চৰকাৰী ভৱন আছে। কিন্তু এই চহৰৰ মাটিৰ তলত আন এখন ‘গোপন’ চহৰ আছে বুলি জনা যায়নে? মানুহ আৰু পোহৰেৰে ভৰি থকা বেইজিঙৰ তলত থকা চহৰখনত কেৱল আন্ধাৰ আৰু লেতেৰা।

৭৮ বৰ্গ কিলোমিটাৰত বিস্তৃত এই চহৰখনৰ নাম 'ডিক্সিয়া চেং’। তাত বাস কৰে ‘ৰেট ট্ৰাইব’ অৰ্থাৎ নিগনি জনজাতীয়ে। এই চহৰৰ আবাসীসকলক এই নামেৰে জনা যায় কাৰণ তেওঁলোক মাটিৰ তলত থাকে। মাটিৰ ওপৰত থাকিবলৈ পইচা নথকাৰ বাবে তেওঁলোকে মাটিৰ তলত বাস কৰে।

চীনৰ ৰাজধানী চহৰৰ বিপুল জনসংখ্যা, সীমিত মাটি আৰু আকাশলংঘী গৃহৰ মূল্যৰ বাবে প্ৰায় ১০ লাখ লোকে এই ভূগৰ্ভস্থ চহৰখনত আশ্ৰয় লৈছে।

চীনৰ কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ মাও জেডুঙে ১৯৬৯ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ মাজত উত্তেজনাৰ শিখৰত উপনীত হোৱাৰ সময়ত এই ভূগৰ্ভস্থ চহৰখন নিৰ্মাণৰ নিৰ্দেশ দিছিল। মাওৱে চহৰখন খাদ্য মজুত আৰু যুদ্ধৰ বাবে সাজু কৰিবলৈ ব্যৱহাৰ কৰিছিল।

ডিক্সিয়া চেং চহৰখনক এনেদৰে ডিজাইন কৰা হৈছিল যাতে চহৰখনক পাৰমাণৱিক আৰু জৈৱিক আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। যুদ্ধৰ সময়ত বেইজিঙৰ  ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া, সাধাৰণ মানুহে ডিক্সিয়া চেঙত আশ্ৰয় ল’ব পৰাকৈ চহৰখনত একাধিক প্ৰৱেশদ্বাৰো নিৰ্মাণ কৰা হৈছিল।

চীন চৰকাৰে সেই সময়ত দাবী কৰিছিল যে এই ভূগৰ্ভস্থ চহৰখনত প্ৰায় ৬০ লাখ লোক একেলগে থাকিব পাৰে। যদিও চহৰৰ সুৰংগবোৰ যি উদ্দেশ্যৰ বাবে নিৰ্মাণ কৰা হৈছিল, সেই উদ্দেশ্যে কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাছিল। পিছত আৰম্ভণিৰে পৰা চহৰখনত বসবাস কৰা স্থানীয় লোকসকলে সুৰংগটোৰ বাকী থকা ঘৰবোৰ কম খৰচী হোটেল আৰু অন্যান্য ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰিলে।

১৯৭৯ চনৰ ভিতৰত ডিক্সিয়া চেঙ চহৰৰ নিৰ্মাণ সম্পূৰ্ণ হয়। বৰ্তমান বেইজিঙত কৰ্মৰত প্ৰায় ৩ লাখ শ্ৰমিক শ্ৰেণীৰ লোক এই চহৰত বাস কৰে। সংবাদ মাধ্যম "চিএনএন"ৰ প্ৰতিবেদন অনুসৰি, সূৰ্যৰ পোহৰ এই ভূগৰ্ভস্থ চহৰখনলৈ নাযায় যদিও দোকান-পোহাৰ, ক্ৰীড়া স্থান, ৰেষ্টুৰেণ্ট, চেলুন, থিয়েটাৰ আদি সকলো সা-সুবিধা আছে।

বছৰ বছৰ ধৰি এই চহৰখনো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বহু লোকে ধন সঞ্চয় কৰি বেইজিঙৰ বুকুত সুস্থ জীৱন যাপন কৰাৰ আশাত গোটেই জীৱন ডিক্সিয়া চেঙত কটাই আহিছে। সপোন পূৰণ কৰি মাটিৰ ওপৰলৈ উঠি অহা মানুহো আছে।

ডিক্সিয়া চেঙৰ স্থান বেইজিঙৰ ১০ৰ পৰা ১৮ মিটাৰ গভীৰতাত অৱস্থিত। প্ৰায় ১০ লাখ নিম্নবৰ্গৰ লোক এই চহৰত বাস কৰে। তিনি মহলীয়া এই সুৰংগটো মহানগৰীৰ সকলো কেন্দ্ৰীয় চৰকাৰী ভৱনৰ সৈতে সংযোগ কৰা হৈছে।

ডিক্সিয়া চেঙলৈ প্ৰায় ৯০টা প্ৰৱেশদ্বাৰ আছে বুলি অনুমান কৰা হৈছে। বহুতো প্ৰৱেশদ্বাৰ এতিয়াও জনসাধাৰণৰ দৃষ্টিৰ পৰা লুকাই আছে। এই চহৰত ঘৰৰ ভাড়া অতি কম হোৱাৰ বাবে বাহিৰৰ পৰা কাম বিচাৰি অহা বহু যুৱকে প্ৰথমে ডিক্সিয়া চেঙত আশ্ৰয় লয়।

বেইজিং কৰ্তৃপক্ষই ২০১০ চনত ভূগৰ্ভস্থ চহৰখনৰ পাৰমাণৱিক আশ্ৰয় শিবিৰ আৰু অট্টালিকাসমূহ অবৈধ বুলি ঘোষণা কৰিছিল। চহৰখনৰ নিৰাপত্তাজনিত বিপদৰ কথাও বাৰে বাৰে উল্লেখ কৰিছে চৰকাৰে। কিন্তু তথাপিও চহৰখন বৰ্তি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে