--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ​​অৰ্থাৎ ১১ আগষ্টত বলীউডৰ সুন্দৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছে ৩৯ সংখ্যক জন্মদিন পালন কৰিব। এই উপলক্ষে আহক আমি আপোনালোকক তেওঁৰ বিলাসী জীৱনৰ সৈতে পৰিচয় কৰাই দিওঁ ৷

শ্ৰীলংকাৰ পৰা ভাৰতলৈ আহি জেকলিন ফাৰ্নাণ্ডেজে অভিনয় জীৱন আৰম্ভ কৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে প্ৰথমে গ্লেমাৰ জগতখনত মডেলিঙৰ যোগেদি প্ৰৱেশ কৰিছিল। তাৰ পিছত ২০০৯ চনত সুজয় ঘোষৰ ছবি ‘আলাদিন’ৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে বহু হিট ছবিত কাম কৰিছে। এই কাৰণেই আজি তেওঁ অপৰিসীম ধন-সম্পত্তিৰ মালিক ৷

২০০৬ চনত মিছ শ্ৰীলংকা ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত জেকলিন ফাৰ্নাণ্ডেজে নিজৰ কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ আহিছিল। তাৰ পিছত কেইবছৰমানৰ ভিতৰতে বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ তালিকাত নাম অন্তৰ্ভূক্ত হয় জেকলিনৰ। জেকলিন ফাৰ্নাণ্ডেজে ২০২১ চনত মুম্বাইৰ জুহু অঞ্চলত ৫ বিএইচকেৰ এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল। খবৰ অনুসৰি ইয়াৰ মূল্য ৭ কোটি টকা। কিন্তু আপুনি জানি আচৰিত হ’ব যে মুম্বাইৰ এই বিলাসী ঘৰটোৰ উপৰিও জেকলিন ফাৰ্নাণ্ডেজৰ শ্ৰীলংকাত ব্যক্তিগত দ্বীপ এটাও আছে।

কেৱল এয়াই নহয়, জেকলিনৰ গাড়ী সংগ্ৰহৰ ওপৰত চকু ফুৰালে আপুনি থতমত খাব। অভিনেত্ৰীগৰাকীৰ বহু দামী গাড়ী আছে। ইয়াৰ ভিতৰত আছে ২.১১ কোটি টকাৰ ৰভাৰ ভোগ, ৭৫ লাখ টকাৰ হামাৰ এইচ ২। ইয়াৰ উপৰিও জেকলিনৰ হাতত আছে মাৰ্চিডিজ মেইবাক এছ৫০০ গাড়ীও। ভাৰতত ইয়াৰ মূল্য প্ৰায় ১.৮৬ কোটি টকা।

জেকলিনৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকী বৰ্তমান ১১৬ কোটি টকাৰ সম্পত্তিৰ মালিক হৈ পৰিছে। 

তেওঁৰ ছবিৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল অক্ষয় কুমাৰৰ ছবি ‘ৰামসেতু’ত। এই ছবিখন ২০২২ চনত মুক্তি পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ