--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ​​অৰ্থাৎ ১১ আগষ্টত বলীউডৰ সুন্দৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছে ৩৯ সংখ্যক জন্মদিন পালন কৰিব। এই উপলক্ষে আহক আমি আপোনালোকক তেওঁৰ বিলাসী জীৱনৰ সৈতে পৰিচয় কৰাই দিওঁ ৷

শ্ৰীলংকাৰ পৰা ভাৰতলৈ আহি জেকলিন ফাৰ্নাণ্ডেজে অভিনয় জীৱন আৰম্ভ কৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে প্ৰথমে গ্লেমাৰ জগতখনত মডেলিঙৰ যোগেদি প্ৰৱেশ কৰিছিল। তাৰ পিছত ২০০৯ চনত সুজয় ঘোষৰ ছবি ‘আলাদিন’ৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে বহু হিট ছবিত কাম কৰিছে। এই কাৰণেই আজি তেওঁ অপৰিসীম ধন-সম্পত্তিৰ মালিক ৷

২০০৬ চনত মিছ শ্ৰীলংকা ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত জেকলিন ফাৰ্নাণ্ডেজে নিজৰ কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ আহিছিল। তাৰ পিছত কেইবছৰমানৰ ভিতৰতে বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ তালিকাত নাম অন্তৰ্ভূক্ত হয় জেকলিনৰ। জেকলিন ফাৰ্নাণ্ডেজে ২০২১ চনত মুম্বাইৰ জুহু অঞ্চলত ৫ বিএইচকেৰ এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল। খবৰ অনুসৰি ইয়াৰ মূল্য ৭ কোটি টকা। কিন্তু আপুনি জানি আচৰিত হ’ব যে মুম্বাইৰ এই বিলাসী ঘৰটোৰ উপৰিও জেকলিন ফাৰ্নাণ্ডেজৰ শ্ৰীলংকাত ব্যক্তিগত দ্বীপ এটাও আছে।

কেৱল এয়াই নহয়, জেকলিনৰ গাড়ী সংগ্ৰহৰ ওপৰত চকু ফুৰালে আপুনি থতমত খাব। অভিনেত্ৰীগৰাকীৰ বহু দামী গাড়ী আছে। ইয়াৰ ভিতৰত আছে ২.১১ কোটি টকাৰ ৰভাৰ ভোগ, ৭৫ লাখ টকাৰ হামাৰ এইচ ২। ইয়াৰ উপৰিও জেকলিনৰ হাতত আছে মাৰ্চিডিজ মেইবাক এছ৫০০ গাড়ীও। ভাৰতত ইয়াৰ মূল্য প্ৰায় ১.৮৬ কোটি টকা।

জেকলিনৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকী বৰ্তমান ১১৬ কোটি টকাৰ সম্পত্তিৰ মালিক হৈ পৰিছে। 

তেওঁৰ ছবিৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল অক্ষয় কুমাৰৰ ছবি ‘ৰামসেতু’ত। এই ছবিখন ২০২২ চনত মুক্তি পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু