--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিনেমাৰ তাৰকাসকলৰ সামাজিক দায়বদ্ধতাৰ ওপৰত সততে প্ৰশ্ন উত্থাপিত হয় যে ধন যশ মান পাই পাহৰি গৈছে নেকি মানৱীয় প্ৰমূল্য তথা সমাজিক দায়বদ্ধতা। বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে পাণ-মছলা ব্ৰেণ্ডৰ সমৰ্থন কৰাসকলৰ প্ৰতি তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ সতীৰ্থ অভিনেতাসকলক ভাল পায় যদিও কেতিয়াও পাণ-মছলা সামগ্ৰীৰ বিজ্ঞাপন দিয়া আৰু মানুহৰ জীৱনৰ সৈতে খেলা কৰা সমৰ্থন নকৰে৷

দ্যা ৰনবীৰ শ্ব’ প’ডকাষ্টত জনে কয় যে সামাজিক জীৱনত আৰু ব্যক্তিগত জীৱনত যদি দুটা পৃথক ব্যক্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে তেন্তে তেওঁ কেতিয়াও নিজৰ স্বকীয়তা বজাই ৰাখিব নোৱাৰে। তেওঁ জনসাধাৰণৰ বাবে বাস্তৱ জীৱনত যি হয়, তেওঁ যি অনুশীলন কৰে সেয়াহে প্ৰচাৰ যোগ্য বুলিও মন্তব্য কৰে৷ 

আৰু লগতে জনে কয় যে সেইসকল অভিনেতাৰ দৰে তেওঁ জীৱন নিৰ্বাহ নকৰে যিসকল অভিনেতাই সুস্থ জীৱনশৈলীৰ কথা কৈ শেষত ধঁপাতৰ ব্ৰেণ্ডৰ প্ৰচাৰ কৰে,লগতে কয় যে ‘যদি মই মোৰ জীৱনটো সততাৰে কটাওঁ,যদি মই যি প্ৰচাৰ কৰো তাক পালন কৰো, তেতিয়াহে নিজক আনৰ বাবে আদৰ্শ বুলিব পাৰিম। কিন্তু যদি মই ৰাজহুৱা স্থানত নিজৰ ভুৱা প্ৰতিচ্ছবি উপস্থাপন কৰিছো আৰু তেওঁলোকৰ পিঠিৰ পিছফালে বেলেগ মানুহৰ দৰে আচৰণ কৰিছো।’ সেয়া অৱশ্যেই জনসাধাৰণৰ চকুত দৃষ্টিগোচৰ হ’ব বুলি মত প্ৰকাশ কৰে৷

ইয়াৰ উপৰিও তেওঁ কয় যে মানুহে যিকল লোকৰ দ্বাৰা প্ৰভাৱিত হয় তেওঁলোকক অধিক সংখ্যক অনুৰাগীয়ে অন্ধভাবে অনুকৰণ কৰে তাৰেই সুবাদত বহুজাতিক কোম্পানীয়ে চিনেমাৰ নায়ক নায়িকাৰ দ্বাৰা নিজৰ সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। সেয়া লাগে স্বাস্থ্যকৰেই হওক বা অস্বাস্থ্যকৰেই নহওক কিয়! গতিকে আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত!বাছি খাব জাগি শুব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু