--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিনেমাৰ তাৰকাসকলৰ সামাজিক দায়বদ্ধতাৰ ওপৰত সততে প্ৰশ্ন উত্থাপিত হয় যে ধন যশ মান পাই পাহৰি গৈছে নেকি মানৱীয় প্ৰমূল্য তথা সমাজিক দায়বদ্ধতা। বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে পাণ-মছলা ব্ৰেণ্ডৰ সমৰ্থন কৰাসকলৰ প্ৰতি তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ সতীৰ্থ অভিনেতাসকলক ভাল পায় যদিও কেতিয়াও পাণ-মছলা সামগ্ৰীৰ বিজ্ঞাপন দিয়া আৰু মানুহৰ জীৱনৰ সৈতে খেলা কৰা সমৰ্থন নকৰে৷

দ্যা ৰনবীৰ শ্ব’ প’ডকাষ্টত জনে কয় যে সামাজিক জীৱনত আৰু ব্যক্তিগত জীৱনত যদি দুটা পৃথক ব্যক্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে তেন্তে তেওঁ কেতিয়াও নিজৰ স্বকীয়তা বজাই ৰাখিব নোৱাৰে। তেওঁ জনসাধাৰণৰ বাবে বাস্তৱ জীৱনত যি হয়, তেওঁ যি অনুশীলন কৰে সেয়াহে প্ৰচাৰ যোগ্য বুলিও মন্তব্য কৰে৷ 

আৰু লগতে জনে কয় যে সেইসকল অভিনেতাৰ দৰে তেওঁ জীৱন নিৰ্বাহ নকৰে যিসকল অভিনেতাই সুস্থ জীৱনশৈলীৰ কথা কৈ শেষত ধঁপাতৰ ব্ৰেণ্ডৰ প্ৰচাৰ কৰে,লগতে কয় যে ‘যদি মই মোৰ জীৱনটো সততাৰে কটাওঁ,যদি মই যি প্ৰচাৰ কৰো তাক পালন কৰো, তেতিয়াহে নিজক আনৰ বাবে আদৰ্শ বুলিব পাৰিম। কিন্তু যদি মই ৰাজহুৱা স্থানত নিজৰ ভুৱা প্ৰতিচ্ছবি উপস্থাপন কৰিছো আৰু তেওঁলোকৰ পিঠিৰ পিছফালে বেলেগ মানুহৰ দৰে আচৰণ কৰিছো।’ সেয়া অৱশ্যেই জনসাধাৰণৰ চকুত দৃষ্টিগোচৰ হ’ব বুলি মত প্ৰকাশ কৰে৷

ইয়াৰ উপৰিও তেওঁ কয় যে মানুহে যিকল লোকৰ দ্বাৰা প্ৰভাৱিত হয় তেওঁলোকক অধিক সংখ্যক অনুৰাগীয়ে অন্ধভাবে অনুকৰণ কৰে তাৰেই সুবাদত বহুজাতিক কোম্পানীয়ে চিনেমাৰ নায়ক নায়িকাৰ দ্বাৰা নিজৰ সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। সেয়া লাগে স্বাস্থ্যকৰেই হওক বা অস্বাস্থ্যকৰেই নহওক কিয়! গতিকে আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত!বাছি খাব জাগি শুব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ