--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বহু অজানা ৰহস্যসময় ঠাইৰ কথা ইতিহাসত উল্লেখ কৰা হৈছে। কিন্তু ভ্ৰমণকাৰীসকলে বাস্তৱত ইয়াৰ সন্ধানত ৰাওনা হৈ বিভিন্ন পৰিৱেশৰ মুখামুখি হৈছে। কোনোবাই প্ৰাণ হেৰুৱাইছে, কোনোবাই নিৰুদ্দেশ হৈ গ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজোনাত এনেকুৱা এটা সোণৰ খনি আছে। এই সোণৰ খনিটোৰ লগত এনেকুৱা কিছুমান ভয়ানক ইতিহাস জড়িত হৈ আছে।

আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এৰিজোনাৰ ফিনিক্সত অৱস্থিত ৰহস্যময় এলানি পৰ্বতমালা। সেই পাহাৰৰ চাৰিওফালৰ অঞ্চলত 'যক্ষৰ গুপ্তধন’ লুকাই আছে বুলি কোৱা হয়। বাসিন্দাসকলে এই খনিটোক ‘ডাচমেনছ লষ্ট মাইন’ বা 'ডাচমেনৰ হেৰুৱা খনি’ বুলি কয়।

স্থানীয় একাংশ লোকে দাবী কৰে যে জাৰ্মানীৰ পৰা আমেৰিকালৈ অহা জেকব ৱাল্টজ নামৰ এজন ব্যক্তিৰ নামেৰে সোণৰ খনিটোৰ নামকৰণ কৰা হৈছিল। জাৰ্মানীৰ পৰা আমেৰিকালৈ অহাসকলক ইংৰাজসকলে  ‘ডাচমেন’ বুলি নাম দিছিল। জেকবে আৱিষ্কাৰ কৰাৰ পিছত ব্ৰিটিছে এই খনিটোক 'ডাচমেনৰ সোণৰ খনি’ বুলি নাম দিছিল। বৰ্তমান এই খনিৰ সঠিক স্থান কোনেও নাজানে। সকলোৱে ভাবে যে পাহাৰৰ কোলাত থকা খনিটো নিজে নিজে সকলোৰে পৰা হেৰাই গৈছে।

অৱশ্যে তাতেই সোণৰ খনিৰ কাহিনীৰ আৰম্ভণি নহয়। এই কাহিনীটো ১৮৫০ চনৰ পৰা আৰম্ভ হয়। স্থানীয় লোকৰ মতে মিগেল পেৰাল্টা নামৰ এজন লোকে প্ৰথমে এই খনিটো আৱিষ্কাৰ কৰিছিল। তাৰ পৰা তেওঁ সোণ উদ্ধাৰ কৰিবলৈও আৰম্ভ কৰিছিল। আনকি তেওঁ খনিটোত ছবিও আঁকিছিল যাতে খনিটো পেৰাল্টা পৰিয়ালৰ মালিকানাধীন বুলি সকলোৱে জানে। এইসমূহক ‘পেৰাল্টা ষ্টোনছ’ বুলিও কোৱা হয়। কোনো কোনোৱে এই ছৱিবোৰ ভুৱা বুলি দাবী কৰে।

কাহিনী অনুসৰি, মিগেল এদিন পৰিয়ালৰ সকলো সদস্যৰ সৈতে সোণৰ খনিটোলৈ গৈছিল। সেই সময়ত স্থানীয় পাহাৰীয়া দস্যুৱে তেওঁলোকৰ বাটতে আগুছি ধৰিছিল। দস্যুবোৰে খনিটো তেওঁলোকৰ প্ৰাকৃতিক সম্পদ বুলি ভাবিছিল। খনিটোক তেওঁলোকে দেৱতা জ্ঞান কৰি পূজা কৰিছিল। তাৰ পৰা সোণখিনি লৈ যোৱা কথাটো তেওঁলোকে মানি ল’ব পৰা নাছিল। নিমিষতে পেৰালটা পৰিয়ালৰ সকলো সদস্যকে দস্যুবিলাকে হত্যা কৰিলে।

তাৰপাছত সোণৰ খনিটোও দস্যুবিলাকে শিলেৰে এনেদৰে পুতি থলে যে সোণৰ খনি আছে বুলি যাতে কোনেও অনুমান কৰিব নোৱাৰে। শুনা যায় যে পেৰালটা পৰিয়ালৰ সদস্যসকলক দস্যুকেইজনে হত্যা কৰাৰ সময়ত পৰিয়ালটোৰ এজন সন্তান বাচিবলৈ সক্ষম হৈছিল। জোপোহাৰ আঁৰত সি লুকাই সকলো চাই আছিল। দস্যুৰ চকুত নপৰা বাবে তেওঁৰ জীৱন ৰক্ষা পৰিল। ফলত সমগ্ৰ ঘটনাৰ সাক্ষী আছিল সি।

স্থানীয় লোকে দাবী কৰে যে পেৰাল্টা পৰিয়ালৰ আটাইতকৈ কম বয়সীয়া সদস্যসকলৰ বাহিৰেও থৰ্ন নামৰ এজন চিকিৎসকে এই  বিষয়ে জানিছিল। থৰ্নে এজন অসুস্থ ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰিছিল। অৱশ্যে ৰোগীয়ে তেওঁক কোনো মাননি নিদিলে। বৰঞ্চ তেওঁ থৰ্নৰ চকু বান্ধি পাহাৰীয়া পথেৰে খোজ কাঢ়ি অচিনাকি ঠাইলৈ লৈ যায়।

গন্তব্য স্থান পোৱাৰ পিছত ৰোগীয়ে থৰ্নৰ চকুৰ বান্ধোনখন আঁতৰাই পেলালে। থৰ্নে চকু মেলি দেখিলে যে তেওঁৰ চাৰিওফালে সোণৰ পাহাৰ। ৰোগীজনে তেওঁক ক’লে যে থৰ্নে যিমান বিচাৰে সিমান সোণ সংগ্ৰহ কৰিব পাৰে। কেৱল এই খনিৰ স্থান তেওঁ সুধিব নালাগে। সোণ লৈ উভতি অহাৰ পথত অৱশ্যে থৰ্নক আকৌ চকুত কাপোৰ বান্ধি দিয়া হ’ল। ৰোগীজন পেৰালটা পৰিয়ালৰ সদস্য বুলি দাবী কৰে চিকিৎসকে। ৰোগীজনে তেওঁৰ চিকিৎসাৰ খৰচ দিবলৈকে চিকিৎসকজনক সোণৰ খনিটোলৈ লৈ গৈছিল। কিন্তু এই ঘটনা সঁচা নে নহয় তাক লৈ সন্দেহ আছে।

১৮৬০ চনত জেকব ৱাল্টজ জাৰ্মানীৰ পৰা আমেৰিকালৈ আহিছিল। জেকবে যেতিয়া আমেৰিকাত ভৰি দিছিল, তেতিয়া তেওঁৰ হাতত ফুটাকৰি এটাও নাছিল। কিন্তু বছৰ পাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ আৰ্থিক অৱস্থা সলনি হ’ল। নিজে থাকিবলৈ ঘৰৰ উপৰিও ফাৰ্ম হাউচো তেওঁ সাজিবলৈ সক্ষম হৈছিল। ফাৰ্ম হাউচটোত একোৱেই অভাৱ নাছিল।

কিন্তু তেওঁৰ ওচৰ-চুবুৰীয়াই জেকবৰ এই হঠাতে লাভ কৰা প্ৰতিপত্তিৰ ৰহস্য উদ্ধাৰ কৰিব নোৱাৰিলে। জেকবেও নিজেই কাৰো লগত সংগ লোৱা নাছিল। তেওঁ কেনেকৈ ইমান উপাৰ্জন কৰি আছে সেই কথা কাকো ক’ব বিচৰা নাছিল। ঘৰৰ খিৰিকীবোৰত তলা লগাই দিছিল।

জেকবৰ ওচৰ-চুবুৰীয়াই কেতিয়াবা তেওঁৰ পিছে পিছে ঘৰৰ পৰা ওলাই আহিছিল, তেওঁ ক’লৈ গৈ আছে চাবলৈ। কিন্তু ইয়াৰ  পৰাও কোনো ৰহস্য উদ্ধাৰ কৰিব পৰা নগৈছিল। তেওঁ আচলতে এৰিজোনাৰ পাহাৰৰ গভীৰত এটা হেৰুৱা সোণৰ খনি পাইছিল। ইয়াক বিক্ৰী কৰি নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে।

১৮৯১ চনত এৰিজোনা অঞ্চলত হোৱা ভয়নাক বানপানীয়ে জেকবৰ ফাৰ্মহাউচ উটুৱাই লৈ যায়। সেই সময়ত তেওঁৰ নিউমোনিয়া হৈছিল। তাৰ পাছত জেকবে জুলিয়া থমাছ নামৰ বন্ধু এগৰাকীৰ ঘৰত আশ্ৰয় ল’লে।

জুলিয়াই শুশ্ৰুষা কৰি জেকবক সুস্থ কৰিছিল। কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ জুলিয়াক সোণৰ খনিৰ সন্ধান দিলে। আনকি মানচিত্ৰ এখনো আঁকিলে। কিন্তু জেকবৰ অৱস্থা হঠাৎ বেয়া হ’বলৈ ধৰিলে আৰু তেওঁৰ মৃত্যু হ’ল।

১৮৮০ চনলৈকে জেকবে ২০৫ কোটি টকাৰ সোণ বিক্ৰী কৰিছিল। শুনা যায় যে তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ মুঠ সম্পত্তি আছিল মাত্ৰ এক লাখ টকা। জেকবৰ মৃত্যুৰ পিছত জুলিয়াই সকলোকে সোণৰ খনিৰ কথাটো কৈ দিয়ে। আনকি জুলিয়াই নিজৰ উপাৰ্জনৰ বাবে মাত্ৰ ৬০০ টকাত সোণৰ খনিটোৰ মানচিত্ৰসমূহ বিক্ৰী কৰিছিল।

সোণৰ খনিৰ মানচিত্ৰখন যেতিয়া জনাজাত হৈ পৰিল, তেতিয়া সকলোৱে সোণৰ সন্ধানত ওলাই গ’ল। হেৰুৱা খনিটোৰ সন্ধান আৰম্ভ হোৱাৰ পিছতহে বিপদৰ সৃষ্টি হয়। এডলফ ৰুথ নামৰ এজন ব্যক্তিৰ চখ আছিল বিশ্বৰ বিভিন্ন ঠাইৰ খনি ভ্ৰমণ কৰা। তেওঁ হেৰুৱা খনিটো বিচাৰিবলৈ ৰাওনা হয়।

এডলফৰ পুত্ৰ আৰউইনে দেউতাকক সোণৰ খনিৰ বিষয়ে অৱগত কৰিছিল। আৰউইনে খনিটোৰ মানচিত্ৰও দিছিল। তাৰ আগতে কেলিফৰ্ণিয়াত আন এটা খনি বিচাৰি থাকোঁতে এডলফে দুৰ্ঘটনাগ্ৰস্ত হয়। বাটত এডলফৰ ভৰিখন ভাঙি গৈছিল। ভৰিত ধাতুৰ পিন লগাব লগা হয়। দুৰ্ঘটনাটোৰ পিছত এডলফে লাঠি লৈ খোজ কাঢ়িবলগা হ’ল। কিন্তু পুত্ৰৰ পৰা সোণ খননৰ কথা শুনাৰ পিছত আৰু লোভ চম্ভালিব নোৱাৰিলে। তেনেকৈয়ে সোণৰ খনি বিচাৰি ওলাই গ’ল।

কিন্তু এডলফে গম পোৱা নাছিল যে তেওঁৰ জীৱনৰ শেষ দিনটো ওচৰ চাপি আহিছে। পৰ্বতটো পোৱাৰ পিছত তেওঁ হতাশ হৈ পৰিল। ছমাহৰ পিছত উদ্ধাৰ হয় এটা গাঁত। গাঁতটো উদ্ধাৰ হোৱাৰ কেইমাহমানৰ পাছত এডলফৰ অৱশিষ্ট মৃতদেহটো উদ্ধাৰ হয়। ইয়াৰ লগত এটা বন্দুকো উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে দাবী কৰা মতে, এডলফে নিজৰ মূৰত গুলী মাৰি আত্মহত্যা কৰিছিল। কিন্তু আৰক্ষীৰ দাবী বহুতে মানি ল’ব পৰা নাছিল। এডলফৰ মৃত্যু এক ৰহস্য হৈ পৰিছিল।

১৯৩৩ চনৰ জানুৱাৰী মাহত এজন ইলেক্ট্ৰিচিয়ানে সোণৰ খনি বিচাৰি এৰিজোনালৈ যায়। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘূৰি আহিব নোৱাৰিলে। এৰিজোনাত উপস্থিত হোৱাৰ ৯ মাহৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। কিন্তু তেওঁৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

১৯৪৭ চনৰ ১৯ ​​জুনত ৬২ বছৰীয়া ফটোগ্ৰাফাৰ জেমছ এ ক্ৰেভি হেলিকপ্টাৰেৰে এৰিজোনাত উপস্থিত হয়। কিন্তু পিছত তেওঁক বিচাৰি পোৱা নগ’ল। কেইমাহমানৰ পাছত তেওঁৰ মূৰহীন মৃতদেহ উদ্ধাৰ হয়।

২০১০ চনত কাৰ্টিছ মেৰৱৰ্থ, আৰ্ডিয়ান চাৰ্লছ আৰু মেলকম মিক্স নামৰ তিনিজন পৰ্বতাৰোহীয়ে হেৰুৱা খনিটো বিচাৰিবলৈ ৰাওনা হয়। কিন্তু তেওঁলোকো হতাশ হৈ পৰিল। পিছত স্থানীয় আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁলোকো নিৰুদ্দেশ হয়। সেই অঞ্চলৰ পৰা ২০১১ চনত উদ্ধাৰ কৰা হৈছিল সকলো মৃতদেহ।

ইয়াৰ পিছতে এৰিজোনাৰ সোণৰ খনিটোৱে শিৰোনাম দখল কৰে। ধাৰাবাহিকভাৱে ৰহস্যজনক মৃত্যুৱে এই খনিৰ ভয়ানকতা বৃদ্ধি কৰে। বাতৰি কাকতৰ বাহিৰেও এই খনিটোক লৈ বহু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।

খনিটোৰ সঠিক স্থান এতিয়াও জানিব পৰা হোৱা নাই। বহুতে বিশ্বাস কৰে যে এতিয়াও দস্যুসকলে সোণৰ খনিটোত পহৰা দি আছে। কিন্তু কোনো প্ৰমাণ পোৱা হোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত