--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্য ছোৱালীলৈ চোৱাৰ বাবেই প্ৰেমিকক ভয়ংকৰ আক্ৰমণ কৰিলে এগৰাকী মহিলাই। কুকুৰক দিয়া বেজীৰে প্ৰেমিকাই আক্ৰমণ কৰিলে প্ৰেমিকক। কেতিয়াবা আপুনি প্ৰেমৰ সম্পৰ্কত থকা যুৱক-যুৱতীৰ মুখত নিশ্চয় শুনিছে যে বেলেগলৈ চালে চকু ফুটাই দিম। সেয়া ধেমালিতে শুনোৱা এক সাৱধানবাণী। পাছে সঁচাকৈয়ে এনে এক ঘটনা সংঘটিত হ'ল।

বেলেগ ছোৱালীলৈ চোৱাৰ বাবেই প্ৰেমিকৰ চকুত কুকুৰক দিয়া বেজীৰে খুঁচিলে ৪৪ বছৰীয়া প্ৰেমিকাই। প্ৰেমিকে তেওঁৰ বাহিৰেও আন ছোৱালীক চোৱাৰ বাবেই তেওঁ খঙত উতলা হৈ পৰে। ইয়াকে লৈ প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত কাজিয়া আৰম্ভ হয় আৰু ইয়াৰ পাছতেই কুকুৰক দিবলৈ আনি থোৱা ৰেবীজ বেজীৰে প্ৰেমিকৰ চকুত আক্ৰমণ কৰে প্ৰেমিকাই। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ফ্লৰিডাত।

আৰক্ষীক দিয়া এক বিবৃতিত প্ৰেমিকজনে কয় যে তেওঁ চোফাত পৰি থকা অৱস্থাত জিমেনেজে(প্ৰেমিকা) তেওঁক দুটা বেজীৰে আক্ৰমণ কৰে। সেই সময়ছোৱাত তেওঁৰ সোঁ চকুৰ পতাত বেজী এটা সোমাই ফুটা হৈ পৰে। ইয়াৰ পাছতে জিমনেজে পলায়ন কৰে আৰু প্ৰেমিকজনে ৯১১ নম্বৰত ডায়েল কৰে। কেইঘণ্টামান পিছতে আৰক্ষীয়ে প্ৰেমিকা জিমেনেক ঘৰৰ বাহিৰত এখন গাড়ীত শুই থকা অৱস্থাত উদ্ধাৰ কৰি আটক কৰে আৰু প্ৰেমিকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে জিমেনেজে নিজৰ অপৰাধ স্বীকাৰ কৰা নাই আৰু তেওঁৰ প্ৰেমিকৰ আঘাত আত্মহত্যাৰ চেষ্টা বুলি দাবী কৰিছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত মহিলাগৰাকীক মিয়ামিৰ টাৰ্নাৰ গিলফৰ্ড নাইট কাৰেকচনেল চেণ্টাৰত ৰখা হৈছে। লগতে তেওঁৰ বিৰুদ্ধে ৭৫০০ ডলাৰ জৰিমনা বিহা হৈছে। উল্লেখ্য যে দুয়ো ৮ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ