--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্য ছোৱালীলৈ চোৱাৰ বাবেই প্ৰেমিকক ভয়ংকৰ আক্ৰমণ কৰিলে এগৰাকী মহিলাই। কুকুৰক দিয়া বেজীৰে প্ৰেমিকাই আক্ৰমণ কৰিলে প্ৰেমিকক। কেতিয়াবা আপুনি প্ৰেমৰ সম্পৰ্কত থকা যুৱক-যুৱতীৰ মুখত নিশ্চয় শুনিছে যে বেলেগলৈ চালে চকু ফুটাই দিম। সেয়া ধেমালিতে শুনোৱা এক সাৱধানবাণী। পাছে সঁচাকৈয়ে এনে এক ঘটনা সংঘটিত হ'ল।

বেলেগ ছোৱালীলৈ চোৱাৰ বাবেই প্ৰেমিকৰ চকুত কুকুৰক দিয়া বেজীৰে খুঁচিলে ৪৪ বছৰীয়া প্ৰেমিকাই। প্ৰেমিকে তেওঁৰ বাহিৰেও আন ছোৱালীক চোৱাৰ বাবেই তেওঁ খঙত উতলা হৈ পৰে। ইয়াকে লৈ প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত কাজিয়া আৰম্ভ হয় আৰু ইয়াৰ পাছতেই কুকুৰক দিবলৈ আনি থোৱা ৰেবীজ বেজীৰে প্ৰেমিকৰ চকুত আক্ৰমণ কৰে প্ৰেমিকাই। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ফ্লৰিডাত।

আৰক্ষীক দিয়া এক বিবৃতিত প্ৰেমিকজনে কয় যে তেওঁ চোফাত পৰি থকা অৱস্থাত জিমেনেজে(প্ৰেমিকা) তেওঁক দুটা বেজীৰে আক্ৰমণ কৰে। সেই সময়ছোৱাত তেওঁৰ সোঁ চকুৰ পতাত বেজী এটা সোমাই ফুটা হৈ পৰে। ইয়াৰ পাছতে জিমনেজে পলায়ন কৰে আৰু প্ৰেমিকজনে ৯১১ নম্বৰত ডায়েল কৰে। কেইঘণ্টামান পিছতে আৰক্ষীয়ে প্ৰেমিকা জিমেনেক ঘৰৰ বাহিৰত এখন গাড়ীত শুই থকা অৱস্থাত উদ্ধাৰ কৰি আটক কৰে আৰু প্ৰেমিকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে জিমেনেজে নিজৰ অপৰাধ স্বীকাৰ কৰা নাই আৰু তেওঁৰ প্ৰেমিকৰ আঘাত আত্মহত্যাৰ চেষ্টা বুলি দাবী কৰিছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত মহিলাগৰাকীক মিয়ামিৰ টাৰ্নাৰ গিলফৰ্ড নাইট কাৰেকচনেল চেণ্টাৰত ৰখা হৈছে। লগতে তেওঁৰ বিৰুদ্ধে ৭৫০০ ডলাৰ জৰিমনা বিহা হৈছে। উল্লেখ্য যে দুয়ো ৮ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক