--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শপতগ্ৰহণ কৰাৰ পাছতেই পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চমকপ্ৰদ ঘোষণা। পঞ্জাবত ৩০০ ইউনিট বিজুলী বিনামূলীয়া ঘোষণা কৰা পাছত দুৰ্নীতিমুক্ত কৰিবলৈ পঞ্জাব চৰকাৰে গ্ৰহণ কৰিছে অনন্য পদক্ষেপ। কোনো ঘোচখোৰ, দুৰ্নীতিগ্ৰস্ত বিষয়াক এৰি দিয়া নহ’ব বুলি ঘোষণা কৰিলে নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত মানে। পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছদিনা বৃহস্পতিবাৰে ভগৱন্ত মানে ঘোষণা কৰি কয় যে তেওঁলোকে ‘ব্যক্তিগত হোৱাটছ এপ নম্বৰ’ত এটা দুৰ্নীতি বিৰোধী হেল্পলাইন মুকলি কৰিব, য’ত মানুহে উৎকোচ বিচৰা বিষয়াসকলৰ অডিঅ’ আৰু ভিডিঅ’ ক্লিপ প্ৰেৰণ কৰিব পাৰিব। তেওঁ কয় যে এই হেল্পলাইনটো ২৩ মাৰ্চত স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰাৰ দিনা মুকলি কৰিব। তেওঁ কয় যে ‘২৩ মাৰ্চ ভগত সিং, সুখদেৱ সিং আৰু ৰাজগুৰুৰ শ্বহীদ বাৰ্ষিকী। মই তেওঁলোকৰ শ্বহীদ বাৰ্ষিকীত এটা হেল্পলাইন নম্বৰ মুকলি কৰিম। সেইটো মোৰ ব্যক্তিগত হোৱাটছএপ নম্বৰ হ’ব। সমগ্ৰ পঞ্জাবত, যদি কোনো বিষয়াই আপোনাৰ পৰা উৎকোচ বিচাৰে, তেওঁক না নক’ব। এটা ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ড কৰক আৰু সেই নম্বৰলৈ প্ৰেৰণ কৰক। মই গেৰাণ্টী দিওঁ যে মোৰ কাৰ্যালয়ে ইয়াৰ তদন্ত কৰিব আৰু দোষী সাব্যস্ত হ’লে, কোনো দুৰ্নীতিগ্ৰস্ত বিষয়াক এৰি দিয়া নহ’ব।’ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে পঞ্জাবৰ জনসাধাৰণক উদ্দেশ্যি এই মন্তব্য প্ৰদান কৰে। ‘মই কোনো পঞ্জাবৰ কোনো বিষয়াক ভাবুকি দিয়া নাই কিয়নো তেওঁলোকৰ ৯৯ শতাংশই সৎ আৰু তেওঁলোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। এইটো বাকী এক শতাংশৰ বাবেহে। এটা লেতেৰা মাছে গোটেই পুখুৰীটো লেতেৰা কৰে। ইয়াৰ বাবে মই সমগ্ৰ আমোলাতন্ত্ৰক বদনাম হ'বলৈ নিদিওঁ’-বুলি মানে কয়। তেওঁ লগতে দৃঢ়তাৰে কয় যে, ‘আপৰ বাবে অবৈধ উৎকোচৰ ধনৰ প্ৰয়োজন নাই। আপে সৎ উপায়েৰে সজ্জিত ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। এতিয়া, আমি এই দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ সমাপ্তি ঘটাম।’ পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আৰক্ষী বিষয়াসকলক চিন্তা নকৰিবলৈ কৈছিল। ‘আপুনি স্থানান্তৰ বা পোষ্টিঙৰ বাবে আমাৰ পৰা কোনো কল নাপাব। আমি প্ৰণালীটো সংশোধন কৰিম। আমি পঞ্জাবক ভগত সিঙৰ সপোন হিচাপে গঢ়ি তুলিম’। মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এই প্ৰচেষ্টাই পঞ্জাবৰ পৰা দূৰ্নীতি নিৰ্মূলকৰণত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি বহুজনে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এদিন পাছতেই এনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বাবে পঞ্জাবৰ জনতাই মুখ্যমন্ত্ৰীজনক ধন্যবাদ জনোৱাও দেখা গৈছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন