--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শপতগ্ৰহণ কৰাৰ পাছতেই পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চমকপ্ৰদ ঘোষণা। পঞ্জাবত ৩০০ ইউনিট বিজুলী বিনামূলীয়া ঘোষণা কৰা পাছত দুৰ্নীতিমুক্ত কৰিবলৈ পঞ্জাব চৰকাৰে গ্ৰহণ কৰিছে অনন্য পদক্ষেপ। কোনো ঘোচখোৰ, দুৰ্নীতিগ্ৰস্ত বিষয়াক এৰি দিয়া নহ’ব বুলি ঘোষণা কৰিলে নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত মানে। পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছদিনা বৃহস্পতিবাৰে ভগৱন্ত মানে ঘোষণা কৰি কয় যে তেওঁলোকে ‘ব্যক্তিগত হোৱাটছ এপ নম্বৰ’ত এটা দুৰ্নীতি বিৰোধী হেল্পলাইন মুকলি কৰিব, য’ত মানুহে উৎকোচ বিচৰা বিষয়াসকলৰ অডিঅ’ আৰু ভিডিঅ’ ক্লিপ প্ৰেৰণ কৰিব পাৰিব। তেওঁ কয় যে এই হেল্পলাইনটো ২৩ মাৰ্চত স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰাৰ দিনা মুকলি কৰিব। তেওঁ কয় যে ‘২৩ মাৰ্চ ভগত সিং, সুখদেৱ সিং আৰু ৰাজগুৰুৰ শ্বহীদ বাৰ্ষিকী। মই তেওঁলোকৰ শ্বহীদ বাৰ্ষিকীত এটা হেল্পলাইন নম্বৰ মুকলি কৰিম। সেইটো মোৰ ব্যক্তিগত হোৱাটছএপ নম্বৰ হ’ব। সমগ্ৰ পঞ্জাবত, যদি কোনো বিষয়াই আপোনাৰ পৰা উৎকোচ বিচাৰে, তেওঁক না নক’ব। এটা ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ড কৰক আৰু সেই নম্বৰলৈ প্ৰেৰণ কৰক। মই গেৰাণ্টী দিওঁ যে মোৰ কাৰ্যালয়ে ইয়াৰ তদন্ত কৰিব আৰু দোষী সাব্যস্ত হ’লে, কোনো দুৰ্নীতিগ্ৰস্ত বিষয়াক এৰি দিয়া নহ’ব।’ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে পঞ্জাবৰ জনসাধাৰণক উদ্দেশ্যি এই মন্তব্য প্ৰদান কৰে। ‘মই কোনো পঞ্জাবৰ কোনো বিষয়াক ভাবুকি দিয়া নাই কিয়নো তেওঁলোকৰ ৯৯ শতাংশই সৎ আৰু তেওঁলোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। এইটো বাকী এক শতাংশৰ বাবেহে। এটা লেতেৰা মাছে গোটেই পুখুৰীটো লেতেৰা কৰে। ইয়াৰ বাবে মই সমগ্ৰ আমোলাতন্ত্ৰক বদনাম হ'বলৈ নিদিওঁ’-বুলি মানে কয়। তেওঁ লগতে দৃঢ়তাৰে কয় যে, ‘আপৰ বাবে অবৈধ উৎকোচৰ ধনৰ প্ৰয়োজন নাই। আপে সৎ উপায়েৰে সজ্জিত ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। এতিয়া, আমি এই দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ সমাপ্তি ঘটাম।’ পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আৰক্ষী বিষয়াসকলক চিন্তা নকৰিবলৈ কৈছিল। ‘আপুনি স্থানান্তৰ বা পোষ্টিঙৰ বাবে আমাৰ পৰা কোনো কল নাপাব। আমি প্ৰণালীটো সংশোধন কৰিম। আমি পঞ্জাবক ভগত সিঙৰ সপোন হিচাপে গঢ়ি তুলিম’। মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এই প্ৰচেষ্টাই পঞ্জাবৰ পৰা দূৰ্নীতি নিৰ্মূলকৰণত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি বহুজনে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এদিন পাছতেই এনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বাবে পঞ্জাবৰ জনতাই মুখ্যমন্ত্ৰীজনক ধন্যবাদ জনোৱাও দেখা গৈছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানক আৰু ধন নিদিয়ে চীনে
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ