--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাকাশলৈ বান্দৰ পঠোৱাৰ সিদ্ধান্ত লৈছে চীনে। দেশখনৰ তিয়াংগং স্পেচ ষ্টেশ্যনে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। বিজ্ঞানীসকলে জনোৱামতে, মহাকাশত বান্দৰৰ প্ৰজনন ক্ষমতা সম্পৰ্কে জানিবলৈকে পৰ্যবেক্ষণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত প্ৰজনন পদ্ধতি কেনেধৰণৰ হ’ব? সেই প্ৰশ্ন লৈ বহু গৱেষণা কৰি আহিছে চীনৰ বিজ্ঞানীসকলে। অৱশেষত তেওঁলোকে কেইটামান বান্দৰক মহাকাশলৈ পঠোৱাৰ দিহা কৰিছে।

কেনেধৰণে এই পৰীক্ষামূলক গৱেষণা হ’ব- সেই বিষয়েও এটা ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছে। তাত উল্লেখ আছে যে মাধ্যাকৰ্ষণ শক্তিহীন পৰিৱেশেত বান্দৰবিলাক নানা সমস্যাৰ সন্মুখিন হ’ব পাৰে। মানসিক অৱসাদৰো চিকাৰ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু এই নতুন পৰিস্থিতি বান্দৰে কিদৰে শাৰীৰিক মিলনৰ বাবে উদ্ধুদ্ধ হয়, তাৰ বিষয়ে জানিব পৰা যাব উক্ত গৱেষণাটোৰ দ্বাৰা। তদুপৰি, সিহঁতৰ খোৱা-বোৱাৰ পৰা মলমূত্ৰ ত্যাগলৈকে পৰ্যবেক্ষণ কৰা হ’ব।

উল্লেখ্য যে তিয়াংগং স্পেছ ষ্টেশ্যন চীনৰ এটা আগশাৰীৰ মহাকাশ গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটোত তিনিজনকৈ মহাকাশচাৰীয়ে কাম কৰি আহিছে।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক