--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাকাশলৈ বান্দৰ পঠোৱাৰ সিদ্ধান্ত লৈছে চীনে। দেশখনৰ তিয়াংগং স্পেচ ষ্টেশ্যনে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। বিজ্ঞানীসকলে জনোৱামতে, মহাকাশত বান্দৰৰ প্ৰজনন ক্ষমতা সম্পৰ্কে জানিবলৈকে পৰ্যবেক্ষণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত প্ৰজনন পদ্ধতি কেনেধৰণৰ হ’ব? সেই প্ৰশ্ন লৈ বহু গৱেষণা কৰি আহিছে চীনৰ বিজ্ঞানীসকলে। অৱশেষত তেওঁলোকে কেইটামান বান্দৰক মহাকাশলৈ পঠোৱাৰ দিহা কৰিছে।

কেনেধৰণে এই পৰীক্ষামূলক গৱেষণা হ’ব- সেই বিষয়েও এটা ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছে। তাত উল্লেখ আছে যে মাধ্যাকৰ্ষণ শক্তিহীন পৰিৱেশেত বান্দৰবিলাক নানা সমস্যাৰ সন্মুখিন হ’ব পাৰে। মানসিক অৱসাদৰো চিকাৰ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু এই নতুন পৰিস্থিতি বান্দৰে কিদৰে শাৰীৰিক মিলনৰ বাবে উদ্ধুদ্ধ হয়, তাৰ বিষয়ে জানিব পৰা যাব উক্ত গৱেষণাটোৰ দ্বাৰা। তদুপৰি, সিহঁতৰ খোৱা-বোৱাৰ পৰা মলমূত্ৰ ত্যাগলৈকে পৰ্যবেক্ষণ কৰা হ’ব।

উল্লেখ্য যে তিয়াংগং স্পেছ ষ্টেশ্যন চীনৰ এটা আগশাৰীৰ মহাকাশ গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটোত তিনিজনকৈ মহাকাশচাৰীয়ে কাম কৰি আহিছে।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু