--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ ছবিৰ চিত্ৰনাট্যৰ দৰেই। একেটা পৰিয়ালৰ ৪ জন সদস্যই একেলগে জন্মদিনৰ কেক কাটি আছে। কাহিনী যেন লাগিলেও এই ঘটনা সঁচা। চিকিৎসকৰ মতে, ১ লাখ ৩৩ হাজাৰ লোকৰ ভিতৰত মাত্ৰ এজনৰ ভাগ্য ইমানেই ভাল হয় যে পিতৃ-মাতৃৰ সৈতে একেটা তাৰিখতে সন্তান জন্ম হয়।

নিউয়ৰ্কৰ বাসিন্দা ছিয়েৰা ব্লেয়াৰ (৩২) আৰু দীৰ্ঘদিনীয়া সংগী জোছ আৰভিন (৩১)য়ে ১৮ আগষ্টত জন্মদিন উদযাপন কৰে। আচৰিত কথা যে একেদিনাই তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল। তেওঁলোকে শিশুটিৰ জন্মৰ দিনটোৰ বিষয়ে আগতীয়াকৈ কোনো ধাৰণা কৰা নাছিল। বৰঞ্চ আগষ্ট মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত শিশুটিৰ মুখখন দেখা পাব বুলি ভাবিছিল।

ছিয়েৰাৰ প্ৰসৱৰ দিন হোৱাৰ আগদিনা ১৭ আগষ্টত প্ৰসৱৰ সূত্ৰপাত হৈছিল। গৰ্ভত যমজ সন্তান থকা বাবে স্বাভাৱিকভাৱে সন্তান জন্ম দিয়াটো অলপ সমস্যা আছিল। গৰ্ভত ভ্ৰুণৰ অৱস্থানক লৈও চিকিৎসকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গতিকে অস্ত্ৰোপচাৰৰ আশংকা নকৰাকৈয়ে অৱশেষত চিকিৎসকে যমজ সন্তান দুটাক দিনৰ পোহৰ চাবলৈ দিলে।

জছ আৰু ছিয়েৰাৰ জন্মদিনটো স্বাভাৱিকতে পৰিয়ালটোত আনন্দৰে ভৰি পৰে কাৰণ তেওঁলোকৰ যমজ সন্তান জন্ম হয়। জোচেৰ ভাষাত, “এতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোত আমাৰ ঘৰত এটা উৎসৱ হ’ব। আমি ৪ জনেই একেলগে আমাৰ আৰু ইজনে সিজনৰ জন্মদিন উদযাপন কৰিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ