--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিও গা চিৎকাৰ হৈ যোৱা এটি ঘটনা৷ এই ঘটনাটোৱে দেশবাসীক এটি ক’লা অধ্যায়ৰ চানেকি দি যায়৷ মৃত্যুৰ বিভীষিকাত পৰি কান্দোনৰ ৰোলত ভাঙি পৰিছিল মহাগৰখনি৷ আজিৰ পৰা ১৩বছৰ আগতে ২৬ নৱেম্বৰত, ১০ জন এল ই টি সন্ত্ৰাসবাদীয়ে দেশৰ বিত্তীয় ৰাজধানী মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছিল৷ যাৰ একমাত্ৰ লক্ষ্য আছিল মৃত্যু আৰু ধ্বংস-একেৰাহে তিনিদিন ধৰি চলিছিল এই ধ্বংসযজ্ঞ৷ মুম্বাই চহৰখন সন্ত্ৰাসৰ কবলত পৰিছিল। এই হিংসাত্মক ঘটনাত বিদেশীসহ ১৬৬জন লোকৰ মৃত্যু ঘটিছিল। তাজমহল পেলেচ হোটেলৰ সেই ক’লা দিনটোৰ কথা আজিও প্ৰতিজন ভাৰতীৰ মনত সজীৱ হৈ আছে৷ ৬০ ঘণ্টাতকৈয়ো অধিক সময় ধৰি মুম্বাইৰ তাজত চাৰিজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰি গৈছিল ইজনৰ পাছত সিজনক।

২০০৮ চনৰ মুম্বাই আক্ৰমণ, যাক ২৬/১১ বুলিও কোৱা হয়৷ ২০০৮ চনৰ নৱেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ এটা শৃংখলা আছিল, যেতিয়া পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১0জন সদস্যই মুম্বাইজুৰি চাৰিদিন ধৰি ১২টা সমন্বিত গুলীচালনা আৰু বোমা আক্ৰমণ চলাইছিল। বিশ্বব্যাপী হতবাক কৰা এই আক্ৰমণ ২৬ নৱেম্বৰ বুধবাৰে আৰম্ভ হয় আৰু ২০০৮ চনৰ ২৯ নৱেম্বৰ শনিবাৰলৈকে চলিছিল। ৯জন আক্ৰমণকাৰীকে ধৰি মুঠ ১৬৬জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ৰো অধিক লোক আহত হৈছিল। আনহাতে, সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ ভূমিকাই সকলোৰে চকু কপালত উঠাইছে৷ সমালোচকৰ মতে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভূমিকা যথেষ্ট দুৰ্বল আছিল৷ যিধৰণেৰে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিছিল সেই যেন আওকাণ কৰিছিল সেইসময়ৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে৷

এই ঘটনাই আজি ১৩টা বৰ্ষ অতিক্ৰম কৰিলে৷ ইয়াৰ ওপৰত জ্যেষ্ঠ বিজেপি নেতা মনীষ তিৱাৰীয়ে এখন নতুন কিতাপো উদ্বোধন কৰে৷ এই কিতাপখনক বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে৷ ২৬/১১ৰ আক্ৰমণৰ পাছত শক্তিশালী সঁহাৰি নিদি তেতিয়াৰ নেতৃত্বাধীন ইউপিএ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে বুলি অভিযোগ উঠাই কিতাপখনৰ যোগেদি। মনীষ তিৱাৰীয়ে তেওঁৰ কিতাপত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বিষয়ে ১০টা পইণ্ট আঙুলিয়ায়৷ মনীষ তিৱাৰীৰ নতুন কিতাপখনৰ জৰিয়তে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে৷ য’ত তেওঁ মুম্বাইত ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পূৰ্বৰ মনমোহন সিং চৰকাৰক সৰল হোৱাৰ বাবে সমালোচনা কৰিছিল। সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে শক্তিশালী সঁহাৰি নিদি ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক