--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিও গা চিৎকাৰ হৈ যোৱা এটি ঘটনা৷ এই ঘটনাটোৱে দেশবাসীক এটি ক’লা অধ্যায়ৰ চানেকি দি যায়৷ মৃত্যুৰ বিভীষিকাত পৰি কান্দোনৰ ৰোলত ভাঙি পৰিছিল মহাগৰখনি৷ আজিৰ পৰা ১৩বছৰ আগতে ২৬ নৱেম্বৰত, ১০ জন এল ই টি সন্ত্ৰাসবাদীয়ে দেশৰ বিত্তীয় ৰাজধানী মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছিল৷ যাৰ একমাত্ৰ লক্ষ্য আছিল মৃত্যু আৰু ধ্বংস-একেৰাহে তিনিদিন ধৰি চলিছিল এই ধ্বংসযজ্ঞ৷ মুম্বাই চহৰখন সন্ত্ৰাসৰ কবলত পৰিছিল। এই হিংসাত্মক ঘটনাত বিদেশীসহ ১৬৬জন লোকৰ মৃত্যু ঘটিছিল। তাজমহল পেলেচ হোটেলৰ সেই ক’লা দিনটোৰ কথা আজিও প্ৰতিজন ভাৰতীৰ মনত সজীৱ হৈ আছে৷ ৬০ ঘণ্টাতকৈয়ো অধিক সময় ধৰি মুম্বাইৰ তাজত চাৰিজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰি গৈছিল ইজনৰ পাছত সিজনক।

২০০৮ চনৰ মুম্বাই আক্ৰমণ, যাক ২৬/১১ বুলিও কোৱা হয়৷ ২০০৮ চনৰ নৱেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ এটা শৃংখলা আছিল, যেতিয়া পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১0জন সদস্যই মুম্বাইজুৰি চাৰিদিন ধৰি ১২টা সমন্বিত গুলীচালনা আৰু বোমা আক্ৰমণ চলাইছিল। বিশ্বব্যাপী হতবাক কৰা এই আক্ৰমণ ২৬ নৱেম্বৰ বুধবাৰে আৰম্ভ হয় আৰু ২০০৮ চনৰ ২৯ নৱেম্বৰ শনিবাৰলৈকে চলিছিল। ৯জন আক্ৰমণকাৰীকে ধৰি মুঠ ১৬৬জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ৰো অধিক লোক আহত হৈছিল। আনহাতে, সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ ভূমিকাই সকলোৰে চকু কপালত উঠাইছে৷ সমালোচকৰ মতে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভূমিকা যথেষ্ট দুৰ্বল আছিল৷ যিধৰণেৰে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিছিল সেই যেন আওকাণ কৰিছিল সেইসময়ৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে৷

এই ঘটনাই আজি ১৩টা বৰ্ষ অতিক্ৰম কৰিলে৷ ইয়াৰ ওপৰত জ্যেষ্ঠ বিজেপি নেতা মনীষ তিৱাৰীয়ে এখন নতুন কিতাপো উদ্বোধন কৰে৷ এই কিতাপখনক বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে৷ ২৬/১১ৰ আক্ৰমণৰ পাছত শক্তিশালী সঁহাৰি নিদি তেতিয়াৰ নেতৃত্বাধীন ইউপিএ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে বুলি অভিযোগ উঠাই কিতাপখনৰ যোগেদি। মনীষ তিৱাৰীয়ে তেওঁৰ কিতাপত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বিষয়ে ১০টা পইণ্ট আঙুলিয়ায়৷ মনীষ তিৱাৰীৰ নতুন কিতাপখনৰ জৰিয়তে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে৷ য’ত তেওঁ মুম্বাইত ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পূৰ্বৰ মনমোহন সিং চৰকাৰক সৰল হোৱাৰ বাবে সমালোচনা কৰিছিল। সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে শক্তিশালী সঁহাৰি নিদি ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?