--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা বুলি ক’লেও অকণো ভূল কোৱা নহব৷ দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে শিৰানা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন মোডী চৰকাৰে দেশৰ জি ডি পি হাৰ নিম্নগামী হোৱাৰ মুখ্য কাৰণ হিচাপে ক’ৰোনা মহামাৰীক দোহাই দি নিজৰ দায়িত্ব সামৰিব বিচাৰে যদিও একে সময়তে চীন দেশেকো ক’ভিড মহামাৰীয়ে জুৰুলা কৰাৰ পাছতো বিশ্ব অৰ্থনীতিত চীনে শীৰ্ষস্থান দখল কৰিলে৷ গতিকে চীনৰ পৰা মোডী চৰকাৰে শিক্ষা ল’ব লাগে বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিব৷ তদুপৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ একেবাৰে হঠকাৰী সিদ্ধান্ত জি এছ টি আৰু বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলালে৷

ভাৰতীয় ৰিজাৰ্ভ বেংকে বিমুদ্ৰাকৰণৰ তীব্ৰ বিৰোধীতা কৰাৰ পাছতো তিলমানো কাণসাৰ নিদিলে মোডী চৰকাৰে৷ পূৰ্বৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজন, ডঃ মনমোহন সিং, অমৰ্ত্য সেনৰ দৰে শতাধিক অৰ্থনীতিবিদে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মাত মতাৰ কাৰণে বিৰোধীৰ ৰাজনীতি বুলি নস্যাৎ কৰিলে মোডী চৰকাৰে৷ নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে স্বাধীনতাৰ ৭০ বছৰৰ পাছত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ এনে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰিলে৷ কেৱল ব্যক্তিগতকৰণক তেওঁলোকৰ চৰকাৰৰ মূল মন্ত্ৰ হিচাপে লৈ চলাই গল নিজৰ একনায়কত্ববাদ৷

ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখন এতিয়াও বহুত দীঘলীয়া৷ এইবাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ যো-জা কৰিছে মোডী চৰকাৰে৷ অহা ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব সংসদৰ শীতকালীন অধিৱেশন আৰু সেই অধিৱেশনতে মোডী চৰকাৰে উত্থাপন কৰিব ৰাষ্ট্ৰায়াত্তা ‘বেংকিং আইন’(সংশোধনী) বিধেয়ক ২০২১৷

সংসদত উত্থাপন কৰিব লগা এই বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সৰ্বভাৰতীয় বেংক বিষয়া মহাসংঘই৷ ৩০ নৱেম্বৰত দিল্লীৰ যন্তৰ-মন্তৰত বেংক বিষয়াসকলে ‘বেংক বচাও, দেশ বচাও’ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’ব৷ যদি এই বিধেয়কখন আইনলৈ পৰিণত হ’য় তেনেহলে দেশৰ আটাইবিলাক বেংক ব্যক্তিগতকৰণ বা পুজিপতিৰ হাতলৈ যে যাৱ সেইটো এক প্ৰকাৰৰ নিশ্চিত৷

বেংক ব্যক্তিগতকৰণৰ এই তালিকাখনত আনকি ‘ষ্টেট বেংক অব্ ইণ্ডিয়া’ অন্তভূক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ সাধাৰণ জনতা৷ উল্লেখ্য যে, বেংক ৰাষ্ট্ৰীয়কৰণ আইন সংশোধনী সম্ভৱ হ’লে কেইমাহমানৰ ভিতৰতে ৬ টাকৈ বেংক ব্যক্তিগতখণ্ডলৈ হস্তান্তৰ হ’ব বুলি অনুমান কৰা হৈছে আৰু এই তালিকাত ‘ষ্টেট বেংক অব্ ইণ্ডিয়া’ অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে৷ ৰিজাৰ্ভ বেংকৰ আপতকালীন পুজিও মোডী চৰকাৰে নিজৰ হাতলৈ আনিছে। এই অৱস্থাত ৰাজহুৱা খণ্ডত ষ্টেট বেংকৰ উপৰিও আন বেংকসমূহ থাকিবগৈ জানো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক