--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচৰিত নহ’ব, এটি দহ মহীয়া শিশুৱে লাভ কৰিছে ভাৰতীয় ৰে’লত চাকৰি৷ ইতিমধ্যে ৰে’ল বিভাগে শিশুটিক প্ৰদান কৰিছে নিযুক্তিৰ সকলো নথি-পত্ৰ৷দহমহীয়া শিশু এটিয়ে ৰে’ল বিভাগত চাকৰি পোৱাৰ খবৰে এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে৷ কিন্তু ৰ’ল বিভাগে কিয় চাকৰি দিবলগীয়া হ’ল এটি ১০ মহীয়া শিশুক? 

দৰাচলতে শিশুটিৰ  পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁক  এই চাকৰিটো দিয়া হৈছে৷চাকৰিৰ কাগজ-পত্ৰ আদিত আনুষ্ঠানিকতা ৰক্ষা কৰি  শিশুটিৰ আঙুলিৰ ছাপ লোৱা হৈছে। কিন্তু আঙুলিৰ ছাপ লোৱাৰ সময়তে কান্দি গগণ ফালিলে ১০ মহীয়া অবোধ কন্যা শিশুটিয়ে৷  শিশুটিৰ  কান্দোন দেখি আনকি চকুপানী ৰখাব নোৱাৰিলে তাত উপস্থিত থকা ৰে’ল বিভাগৰ আন বিষয়া-কৰ্মচাৰীসকলেও৷

ৰে’ল বিভাগে ১০ মহীয়া শিশুক চাকৰি দিয়াৰ ঘটনাটো ঘটিছে  ছত্তীশগড়ত ।  ১০ মহীয়া ছোৱালীজনীৰ দেউতাকৰ নাম ৰাজেন্দ্ৰ কুমাৰ। তেওঁ ভিলাইৰ ৰেলৱে য়াৰ্ডত সহায়ক হিচাপে কাম কৰিছিল। ৰাজেন্দ্ৰ আৰু তেওঁৰ পত্নীৰ জুন মাহত এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে।

 তেতিয়াৰে পৰা আত্মীয়ৰ ঘৰতে আছে ১০ মহীয়া শিশুটি৷ ৰে'লৱেৰ ৰায়পুৰ বিভাগে ইতিমধ্যে ৰাজেন্দ্ৰ কুমাৰৰ নিকট আত্মীয়ক সকলো ধৰণৰ ক্ষতিপূৰণৰ প্ৰদান কৰিছে।কিন্তু মাক-দেউতাকৰ মৃত্যুৰ পিছত ১০ মহীয়া  কেঁচুৱাটিৰ ভৱিষ্যত কি হ’ব তাকে লৈ মানুহে আলোচনা কৰিছিল৷ ৰাজেন্দ্ৰৰ পৰিয়াল আৰু বন্ধুবৰ্ই বিষয়টোে ৰে’ল বিভাগৰো দৃষ্টি গোচৰ কৰিছিল। 

বহুতৰে অনুৰোধ ৰক্ষা কৰি  ভাৰতীয় ৰে’লৱেই ১০ মহীয়া  ছোৱালীজনীক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লয়। ছত্তীশগড়ত ইমান কম বয়সৰ শিশুৱে চৰকাৰী চাকৰি পোৱাৰ এয়াই প্ৰথম ঘটনা৷ 

 ৰে’ল বিভাগৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ১০ মহীয়া শিশুটিৰ বয়স যেতিয়া  ১৮ বছৰ হ’ব তেতিয়াই তেওঁ চৰকাৰী সেৱাত যোগদান কৰিব পাৰিব।ইয়াৰ আগলৈকে শিশুটিক ৰে’ল বিভাগে অন্যান্য চৰকাৰী সুবিধাসমূহ প্ৰদান কৰিব৷ ভাৰতীয় ৰে’লৰ এনে মানৱীয় উদ্যোগক বহুতে  প্ৰশংসা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন