--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচৰিত নহ’ব, এটি দহ মহীয়া শিশুৱে লাভ কৰিছে ভাৰতীয় ৰে’লত চাকৰি৷ ইতিমধ্যে ৰে’ল বিভাগে শিশুটিক প্ৰদান কৰিছে নিযুক্তিৰ সকলো নথি-পত্ৰ৷দহমহীয়া শিশু এটিয়ে ৰে’ল বিভাগত চাকৰি পোৱাৰ খবৰে এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে৷ কিন্তু ৰ’ল বিভাগে কিয় চাকৰি দিবলগীয়া হ’ল এটি ১০ মহীয়া শিশুক? 

দৰাচলতে শিশুটিৰ  পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁক  এই চাকৰিটো দিয়া হৈছে৷চাকৰিৰ কাগজ-পত্ৰ আদিত আনুষ্ঠানিকতা ৰক্ষা কৰি  শিশুটিৰ আঙুলিৰ ছাপ লোৱা হৈছে। কিন্তু আঙুলিৰ ছাপ লোৱাৰ সময়তে কান্দি গগণ ফালিলে ১০ মহীয়া অবোধ কন্যা শিশুটিয়ে৷  শিশুটিৰ  কান্দোন দেখি আনকি চকুপানী ৰখাব নোৱাৰিলে তাত উপস্থিত থকা ৰে’ল বিভাগৰ আন বিষয়া-কৰ্মচাৰীসকলেও৷

ৰে’ল বিভাগে ১০ মহীয়া শিশুক চাকৰি দিয়াৰ ঘটনাটো ঘটিছে  ছত্তীশগড়ত ।  ১০ মহীয়া ছোৱালীজনীৰ দেউতাকৰ নাম ৰাজেন্দ্ৰ কুমাৰ। তেওঁ ভিলাইৰ ৰেলৱে য়াৰ্ডত সহায়ক হিচাপে কাম কৰিছিল। ৰাজেন্দ্ৰ আৰু তেওঁৰ পত্নীৰ জুন মাহত এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে।

 তেতিয়াৰে পৰা আত্মীয়ৰ ঘৰতে আছে ১০ মহীয়া শিশুটি৷ ৰে'লৱেৰ ৰায়পুৰ বিভাগে ইতিমধ্যে ৰাজেন্দ্ৰ কুমাৰৰ নিকট আত্মীয়ক সকলো ধৰণৰ ক্ষতিপূৰণৰ প্ৰদান কৰিছে।কিন্তু মাক-দেউতাকৰ মৃত্যুৰ পিছত ১০ মহীয়া  কেঁচুৱাটিৰ ভৱিষ্যত কি হ’ব তাকে লৈ মানুহে আলোচনা কৰিছিল৷ ৰাজেন্দ্ৰৰ পৰিয়াল আৰু বন্ধুবৰ্ই বিষয়টোে ৰে’ল বিভাগৰো দৃষ্টি গোচৰ কৰিছিল। 

বহুতৰে অনুৰোধ ৰক্ষা কৰি  ভাৰতীয় ৰে’লৱেই ১০ মহীয়া  ছোৱালীজনীক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লয়। ছত্তীশগড়ত ইমান কম বয়সৰ শিশুৱে চৰকাৰী চাকৰি পোৱাৰ এয়াই প্ৰথম ঘটনা৷ 

 ৰে’ল বিভাগৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ১০ মহীয়া শিশুটিৰ বয়স যেতিয়া  ১৮ বছৰ হ’ব তেতিয়াই তেওঁ চৰকাৰী সেৱাত যোগদান কৰিব পাৰিব।ইয়াৰ আগলৈকে শিশুটিক ৰে’ল বিভাগে অন্যান্য চৰকাৰী সুবিধাসমূহ প্ৰদান কৰিব৷ ভাৰতীয় ৰে’লৰ এনে মানৱীয় উদ্যোগক বহুতে  প্ৰশংসা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ