--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কেইবাদিন ধৰি ‘কালি’ তথ্যচিত্ৰক লৈ বিতৰ্ক অব্যাহত আছে। শেহতীয়াকৈ তথ্যচিত্ৰখনৰ পৰিচালক লীনা মণিমেকলাইক অযোধ্যাৰ এজন পুৰোহিতে মূৰ কাটি পেলোৱাৰ ভাবুকি দিয়ে। তেওঁ লগতে সকীয়াই দিয়ে যে লীনা আৰু তেওঁৰ তথ্যচিত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ পৰিণাম তেওঁ ভুগিব লাগিব।

যোৱা মাহত লীনা মণিমেকালাই টুইটাৰত ‘কালি’ তথ্যচিত্ৰখনৰ পোষ্টাৰ টুইট কৰিছিল। তাৰ পিছতেই উক্ত পোষ্টাৰখনক লৈ সৃষ্টি হয় তুমুল বিতৰ্কৰ ।পোষ্টাৰত দেৱী কালিয়ে‌ এখন হাতত ত্ৰিশূল আৰু এখন হাতত এলজিবিটিকিউ সম্প্ৰদায়ৰ গৌৰৱৰ পতাকাও লৈ থকা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত হিন্দুসকলৰ ধৰ্মীয় আৱেগত আঘাত পোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে মণিমেকলাইৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে।

এনে অৱস্থাত অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস মহন্তই মণি মণিমেকলাইৰ মূৰ কাটি দিয়াৰ ভাবুকি দিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীক ‘কালি’ তথ্যচিত্ৰখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। লগতে পৰিচালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইয়াৰ পিছতে বহিষ্কৃত বিজেপি নেতা নুপুৰ শৰ্মাৰ প্ৰসংগত কয়, "নুপুৰ শৰ্মাই কথা কোৱা উচিত আছিল, যাৰ ফলত সমগ্ৰ দেশতে এক অগ্নিময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ বিশ্বতে যেন ভূমিকম্প হৈছে। আৰু ইয়াত আপুনি (মণি মণিমেকলাই) ​​পৰম্পৰাগত ধৰ্ম আৰু সংস্কৃতিক ঠাট্টা কৰিব? আপুনি কি বিচাৰে? আপোনাৰ মূৰটো শৰীৰৰ পৰা পৃথক হওক! এয়াই ইচ্ছা নেকি ?"

তেওঁ উক্ত তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ বাবে আহ্বান জনায়।এই তথ্যচিত্ৰখন মুক্তি পালে ভয়াৱহ পৰিণতিৰ কথাও সতৰ্ক কৰি দিয়ে। কিন্তু ইতিমধ্যে কানাডাৰ চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ