--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কেইবাদিন ধৰি ‘কালি’ তথ্যচিত্ৰক লৈ বিতৰ্ক অব্যাহত আছে। শেহতীয়াকৈ তথ্যচিত্ৰখনৰ পৰিচালক লীনা মণিমেকলাইক অযোধ্যাৰ এজন পুৰোহিতে মূৰ কাটি পেলোৱাৰ ভাবুকি দিয়ে। তেওঁ লগতে সকীয়াই দিয়ে যে লীনা আৰু তেওঁৰ তথ্যচিত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ পৰিণাম তেওঁ ভুগিব লাগিব।

যোৱা মাহত লীনা মণিমেকালাই টুইটাৰত ‘কালি’ তথ্যচিত্ৰখনৰ পোষ্টাৰ টুইট কৰিছিল। তাৰ পিছতেই উক্ত পোষ্টাৰখনক লৈ সৃষ্টি হয় তুমুল বিতৰ্কৰ ।পোষ্টাৰত দেৱী কালিয়ে‌ এখন হাতত ত্ৰিশূল আৰু এখন হাতত এলজিবিটিকিউ সম্প্ৰদায়ৰ গৌৰৱৰ পতাকাও লৈ থকা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত হিন্দুসকলৰ ধৰ্মীয় আৱেগত আঘাত পোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে মণিমেকলাইৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে।

এনে অৱস্থাত অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস মহন্তই মণি মণিমেকলাইৰ মূৰ কাটি দিয়াৰ ভাবুকি দিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীক ‘কালি’ তথ্যচিত্ৰখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। লগতে পৰিচালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইয়াৰ পিছতে বহিষ্কৃত বিজেপি নেতা নুপুৰ শৰ্মাৰ প্ৰসংগত কয়, "নুপুৰ শৰ্মাই কথা কোৱা উচিত আছিল, যাৰ ফলত সমগ্ৰ দেশতে এক অগ্নিময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ বিশ্বতে যেন ভূমিকম্প হৈছে। আৰু ইয়াত আপুনি (মণি মণিমেকলাই) ​​পৰম্পৰাগত ধৰ্ম আৰু সংস্কৃতিক ঠাট্টা কৰিব? আপুনি কি বিচাৰে? আপোনাৰ মূৰটো শৰীৰৰ পৰা পৃথক হওক! এয়াই ইচ্ছা নেকি ?"

তেওঁ উক্ত তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ বাবে আহ্বান জনায়।এই তথ্যচিত্ৰখন মুক্তি পালে ভয়াৱহ পৰিণতিৰ কথাও সতৰ্ক কৰি দিয়ে। কিন্তু ইতিমধ্যে কানাডাৰ চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই