--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ বছৰ বয়সীয়া এগৰাকী কণ্ঠসিল্পীয়ে মন মুহিলে এ আৰ ৰহমানৰ। কণ্ঠশিল্পীগৰাকীৰ নাম- চাহানা নীৰেন কুমাৰ।

শেহতীয়াকৈ 'কোব্ৰা’ নামৰ এখন তামিল চিনেমাৰ 'থুম্বি থুলাল’ গানটো অতি জনপ্ৰিয় হৈছে। গানটোৰ সুৰ হুবহুভাৱে ডাবল চিনথেচাইজাৰত তুলি ধৰিছে চাহানাই। চাহানাই কৰা গানটোৰ ভিডিঅ’ও সামাজিক মাধ্যমত উপলব্ধ আছে।

চাহানাৰ ভিডিঅ’টোত ফুটি উঠা সাংগিতীক প্ৰতিভাত মগু্ধ হৈ পৰিল এ আৰ ৰহমান। উল্লেখ্য যে এ আৰ ৰহমানে 'কোব্ৰা’ৰ সংগীত পৰিচালনা কৰিছিল।

চাহানাৰ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে প্ৰসিদ্ধ সংগীত পৰিচালকজনে। তাৰপাছতে চাহানাৰ অনুৰাগী বাঢ়ি আহিব ধৰে।

কিন্তু চাহানাই ইয়াৰ পূৰ্বৰে পৰা জনপ্ৰিয়তা লাভ কৰি আহিছে। গানৰ বাবেই দক্ষিণ ভাৰতত পৰিচিত শিশুশিল্পী তেওঁ।

চাহানাৰ জন্ম চেন্নাইত ২০১০ চনত। সৰু কালৰে পৰাই ছোৱালীজনীৰ দৃষ্টিশক্তি নাই। কিন্তু শাৰিৰীক প্ৰতিবন্ধকতাৰ স্বত্বেও ৰৈ নগ’ল চাহানা। ৪ বছৰ বয়সৰ পৰাই সংগীত চৰ্চা আৰম্ভ কৰে।

এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব’তো তেওঁ বিজয়ী হৈছিল। সংগীত পৰিৱেশনৰ সমান্তৰালভাৱে বিভিন্ন বাদ্যও সংগত কৰিব পাৰে চাহানাই। চাহানাৰ সংগীত পৰিৱেশনৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত নিজৰ একাউণ্টত প’ষ্ট কৰে।

ইতিমধ্যে কেইবাখনো তামিল চিনেমাৰ সংগীতত জড়িত হৈ পৰিছে শিশুশিল্পীগৰাকী। বৰ্তমান তেওঁক তামিল ছৱি জগতৰ 'বেবী চাহানা’ নামেৰে চিনাকি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক