--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাষ্টিং ক’চ৷ বলিউডত প্ৰায়ে কাষ্টিং ক’চ তথা প্ৰযোজক পৰিচালকসকলৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উঠি আহিছে৷ শৰীৰৰ বিনিময়ত চিনেমা৷ বহুকেইগৰাকী বিখ্যাত অভিনেত্ৰীয়ে ‘মি টু’ৰ দৰে আন্দোলনত অংশ লৈ এই অভিযোগসমূহ কৰি আহিছে৷


কেৱল অভিনেত্ৰীয়েই নহয়, অভিনেতাসকলো এই যৌন আতিশয্যৰ বলি হৈছে৷ শেহতীয়াকৈ ৰণবীৰ সিঙে এই সম্পৰ্কত এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷ বলিউডৰ বিখ্যাত পৰিচালকৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনিছে ৰণবীৰে৷


উল্লেখ্য যে বলিউডত ৰণবীৰে এগৰাকী কপিৰাইটাৰ হিচাপে প্ৰথমে কাম কৰিছিল৷ তাৰপাছতহে অভিনয়ক পেছা হিচাপে নিৰ্বাচন কৰে৷ নানা ধৰণৰ অভিজ্ঢ়তাৰ মাজেৰে এই সময়ছোৱা ৰণবীৰে পাৰ কৰিছিল৷


তাৰে এটি অভিজ্ঢ়তাৰ বিষয়ে মুখ খুলিছে অভিনেতাজনে৷ অভিজ্ঢ়তাটো এনেধৰণৰ- বলিউডৰ এটা তাৰকাখচিত পাৰ্টিত ৰণবীৰক এগৰাকী বিখ্যাত প্ৰযোজকে নিমন্ত্ৰণ কৰিলে৷ কিন্তু নিমন্ত্ৰণ কৰি নি ৰণবীৰৰ গাত তেওঁ নিজৰ কুকুৰটো মেলি দিয়ে আৰু ৰং চায়৷ অভিজ্ঢ়তাটোৰ বিষয়ে সোঁৱৰণ কৰি ৰণবীৰে অৱশ্যে প্ৰযোজক গৰাকীৰ নাম উল্লেখ কৰা নাই৷


কেৱল সেয়াই নহয়, আন এগৰাকী প্ৰযোজকে তেওঁক এখন গোপনীয় স্থানলৈ মাতি নিয়ে৷ তালৈ মাতি নি প্ৰযোজকজনে ৰণবীৰক সোধে যে তেওঁ নিজকে পৰিশ্ৰমী বুলি ভাবে নে বুদ্ধিমান? ৰণবীৰে উত্তৰ দিয়ে যে তেওঁ পৰিশ্ৰমী আৰু সিমান বুদ্ধিমান নহয়৷ ৰণবীৰৰ উত্তৰত প্ৰযোজকগৰাকী হতাশ হয়৷


এনেধৰণৰ তিক্ত অভিজ্ঢ়তাৰে বলিউডত সংগ্ৰামৰ অন্তত সফলতাৰ মুখ দেখিছে ৰণবীৰে৷ বৰ্তমান সময়ত তেওঁক বলিউডৰ আগশাৰীৰ অভিনেতা হিচাপে গণ্য কৰা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক