--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ হৰদয় জিলাত পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা এগৰাকী বৃদ্ধাৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। বৃদ্ধাগৰাকীৰ জোঁৱায়েকে তেওঁৰ মৃতদেহ ঘৰলৈ নিয়াৰ সলনি পোনে পোনে গাড়ীৰে বেংকলৈ লৈ যায়। জমা টকা উলিওৱাৰ প্ৰ-পত্ৰ জমা দিয়াৰ আগত জোঁৱায়েকে শাহুৰ অসুস্থ বুলি বেংকৰ মেনেজাৰক জনায়। বেংকৰ মেনেজাৰে যেতিয়া মহিলাগৰাকীৰ ওচৰলৈ সত্যাপনৰ বাবে আহিল, তেতিয়া তেওঁৰ শৰীৰত কোনো ধৰণৰ গতিবিধি হোৱা নাছিল। এই কথাত বেংকৰ মেনেজাৰে ধন উলিয়াবলৈ অস্বীকাৰ কৰে।


মানৱতা আৰু সম্পৰ্ক ছিন্নভিন্ন কৰাৰ এই গোচৰটো তাদিয়াৱান থানাৰ অন্তৰ্গত এটা অঞ্চলত । এই সম্পৰ্কে বেংকৰ মেনেজাৰে কয় যে জোঁৱায়েকে সত্যাপনৰ বাবে অনুৰোধ কৰাৰ পিছত তেওঁ বৃদ্ধাগৰাকীক চাবলৈ গাড়ীৰ ওচৰ পালেগৈ। শৰীৰত কোনো গতিবিধি দেখা নাপাই তেওঁ বৃদ্ধাগৰাকীৰ নাড়ীও পৰীক্ষা কৰিলে। শৰীৰত কোনো প্ৰাণ নাছিল। ইয়াৰ পিছত তেওঁ লেনদেন বন্ধ কৰি দিয়ে।

शर्मनाक! अस्पताल में सास की मौत, शव लेकर बैंक पहुंचा दामाद; जिंदा बता निकलवाने लगा खाते के 49 हजार रुपए


লেনদেন বন্ধ হোৱাৰ পিছতে মৃত বৃদ্ধাগৰাকীৰ জোঁৱাইকসহ পৰিয়ালৰ লোকে মৃতদেহটো বেংকত ৰাখি হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। এএছপি মাৰ্তান্দ সিঙে কয় যে স্থানীয় ৰাইজ আৰু বেংক কৰ্মচাৰীয়ে দিয়া তথ্য অনুসৰি তাদিয়াৱান থানা এলেকাৰ ৰামুৱাপুৰ সাখিনৰ বাসিন্দা ৬০ বছৰীয়া ৰাম শ্ৰী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। পৰিস্থিতি উন্নত নোহোৱা দেখি চিকিৎসকে অন্য চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিৰ্দেশ দিয়ে । আন এখন চিকিৎসালয়লৈ যোৱাৰ পথতে ৰাম শ্ৰীৰ মৃত্যুক আকোঁৱালি লয়।


এএছপি মাৰ্তাণ্ড সিঙে জনোৱা মতে, ৰামশ্ৰীৰ বেংক একাউণ্ট পিএনবি বেংকৰ এটা শাখাত আছিল, য’ত ৪৯ হাজাৰ টকা জমা হৈ আছিল। টকা উলিওৱাৰ স্বাৰ্থত ৰামশ্ৰীৰ জোঁৱায়েকে মৃতদেহটো লৈ গাড়ীত জীৱিত অৱস্থাৰ দৰে বহিবলৈ দিলে। তাৰ পিছত টকাখিনি উলিয়াবলৈ পৰিকল্পনা কৰি বেংক পালেগৈ। কিন্তু বেংক মেনেজাৰৰ সক্ৰিয়তাৰ বাবে এই পৰিকল্পনা সফল নহ’ল। হুলস্থুলৰ অন্তত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাটোত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু