--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ হৰদয় জিলাত পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা এগৰাকী বৃদ্ধাৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। বৃদ্ধাগৰাকীৰ জোঁৱায়েকে তেওঁৰ মৃতদেহ ঘৰলৈ নিয়াৰ সলনি পোনে পোনে গাড়ীৰে বেংকলৈ লৈ যায়। জমা টকা উলিওৱাৰ প্ৰ-পত্ৰ জমা দিয়াৰ আগত জোঁৱায়েকে শাহুৰ অসুস্থ বুলি বেংকৰ মেনেজাৰক জনায়। বেংকৰ মেনেজাৰে যেতিয়া মহিলাগৰাকীৰ ওচৰলৈ সত্যাপনৰ বাবে আহিল, তেতিয়া তেওঁৰ শৰীৰত কোনো ধৰণৰ গতিবিধি হোৱা নাছিল। এই কথাত বেংকৰ মেনেজাৰে ধন উলিয়াবলৈ অস্বীকাৰ কৰে।


মানৱতা আৰু সম্পৰ্ক ছিন্নভিন্ন কৰাৰ এই গোচৰটো তাদিয়াৱান থানাৰ অন্তৰ্গত এটা অঞ্চলত । এই সম্পৰ্কে বেংকৰ মেনেজাৰে কয় যে জোঁৱায়েকে সত্যাপনৰ বাবে অনুৰোধ কৰাৰ পিছত তেওঁ বৃদ্ধাগৰাকীক চাবলৈ গাড়ীৰ ওচৰ পালেগৈ। শৰীৰত কোনো গতিবিধি দেখা নাপাই তেওঁ বৃদ্ধাগৰাকীৰ নাড়ীও পৰীক্ষা কৰিলে। শৰীৰত কোনো প্ৰাণ নাছিল। ইয়াৰ পিছত তেওঁ লেনদেন বন্ধ কৰি দিয়ে।

शर्मनाक! अस्पताल में सास की मौत, शव लेकर बैंक पहुंचा दामाद; जिंदा बता निकलवाने लगा खाते के 49 हजार रुपए


লেনদেন বন্ধ হোৱাৰ পিছতে মৃত বৃদ্ধাগৰাকীৰ জোঁৱাইকসহ পৰিয়ালৰ লোকে মৃতদেহটো বেংকত ৰাখি হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। এএছপি মাৰ্তান্দ সিঙে কয় যে স্থানীয় ৰাইজ আৰু বেংক কৰ্মচাৰীয়ে দিয়া তথ্য অনুসৰি তাদিয়াৱান থানা এলেকাৰ ৰামুৱাপুৰ সাখিনৰ বাসিন্দা ৬০ বছৰীয়া ৰাম শ্ৰী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। পৰিস্থিতি উন্নত নোহোৱা দেখি চিকিৎসকে অন্য চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিৰ্দেশ দিয়ে । আন এখন চিকিৎসালয়লৈ যোৱাৰ পথতে ৰাম শ্ৰীৰ মৃত্যুক আকোঁৱালি লয়।


এএছপি মাৰ্তাণ্ড সিঙে জনোৱা মতে, ৰামশ্ৰীৰ বেংক একাউণ্ট পিএনবি বেংকৰ এটা শাখাত আছিল, য’ত ৪৯ হাজাৰ টকা জমা হৈ আছিল। টকা উলিওৱাৰ স্বাৰ্থত ৰামশ্ৰীৰ জোঁৱায়েকে মৃতদেহটো লৈ গাড়ীত জীৱিত অৱস্থাৰ দৰে বহিবলৈ দিলে। তাৰ পিছত টকাখিনি উলিয়াবলৈ পৰিকল্পনা কৰি বেংক পালেগৈ। কিন্তু বেংক মেনেজাৰৰ সক্ৰিয়তাৰ বাবে এই পৰিকল্পনা সফল নহ’ল। হুলস্থুলৰ অন্তত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাটোত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু