--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰাছত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যি ঘটনাৰ কথা শুনিলে বুকু কঁপি উঠিব আপোনাৰ। এখন ব্যক্তিগত বিদ্যালয়ৰ জনপ্ৰিয়তা আৰু উপাৰ্জন বঢ়াবলৈ ক’লা যাদুৰ আশ্ৰয় ল’লে বিদ্যালয় প্ৰশাসকে। এই কাণ্ডত শিক্ষকসকলো জড়িত আছিল। বিদ্যালয়খনৰ সফলতাৰ বাবে দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক হত্যা কৰা হ’ল।

সাহপৌ থানাৰ অন্তৰ্গত ৰাছগাৱনৰ ডি এল পাব্লিক স্কুলত সংঘটিত হৈছে এই ঘটনা। স্কুলৰ প্ৰৱন্ধক দীনেশ বাঘেলৰ পিতৃয়ে ক’লা যাদুত বিশ্বাস কৰিছিল, সেয়েহে হোষ্টেলতে ছাত্ৰজনক হত্যা কৰা হৈছিল।

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত প্ৰৱন্ধক আৰু তেওঁৰ পিতৃ, ৩ জন শিক্ষককে ধৰি ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। 

হত্যাৰ বলি হোৱা ছাত্ৰজনৰ নাম কৃতাৰ্থ। দ্বিতীয় শ্ৰেণীত পঢ়ি থকা কৃতাৰ্থই হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল।

ৰাতি হোষ্টেলৰ পৰা তুলি লৈ গৈ কৃতাৰ্থক ইমান জোৰেৰে ডিঙি চেপি ধৰিলে যে তেওঁৰ ডিঙি ভাঙি গ’ল আৰু মৃত্যুমুখত পৰিল।

আৰক্ষীৰ জালত পৰা ধৃত ৫ জন লোক হ’ল দীনেশ বাঘেল, যশোধন, লক্ষ্মণ সিং, বীৰপাল আৰু ৰামপ্ৰকাশ।

বিদ্যালয়ৰ প্ৰৱন্ধক দীনেশ বাঘেলৰ তান্ত্ৰিক পিতৃ যশোধনে এই কাণ্ডৰ পৰিকল্পনা কৰিছিল।

যশোধনে বিশ্বাস কৰিছিল যে শিশুক বলি দিলে বিদ্যালয়খনলৈ সমৃদ্ধি আহিব। খ্যাতিৰ হেঁপাহত তেওঁ এই ভয়াৱহ কাৰ্য্য সংঘটিত কৰে। 

অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বলি হ’ল নিৰীহ কৃতাৰ্থ। এই খবৰটো কেৱল দুখজনক নহয় বিপদজনকো।

অভিভাৱকে সন্তানক স্কুললৈ পঠিয়াই যাতে তেওঁলোকে তাত নিৰাপদে থাকিব আৰু ভৱিষ্যত গঢ়িব কিন্তু যদি স্কুলখনেই তন্ত্ৰ-মন্ত্ৰ আৰু ক’লা যাদুৰ ঘাটী হৈ পৰে তেন্তে ক’বলৈ থাকিলেই বা কি! 

এই ঘটনাই সমগ্ৰ বিশ্বৰ আগতে লজ্জানত কৰিলে ভাৰতক। দোষীক কঠোৰতকৈও কঠোৰ শাস্তি দিয়াটো বিচাৰিছে সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ