--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰাছত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যি ঘটনাৰ কথা শুনিলে বুকু কঁপি উঠিব আপোনাৰ। এখন ব্যক্তিগত বিদ্যালয়ৰ জনপ্ৰিয়তা আৰু উপাৰ্জন বঢ়াবলৈ ক’লা যাদুৰ আশ্ৰয় ল’লে বিদ্যালয় প্ৰশাসকে। এই কাণ্ডত শিক্ষকসকলো জড়িত আছিল। বিদ্যালয়খনৰ সফলতাৰ বাবে দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক হত্যা কৰা হ’ল।

সাহপৌ থানাৰ অন্তৰ্গত ৰাছগাৱনৰ ডি এল পাব্লিক স্কুলত সংঘটিত হৈছে এই ঘটনা। স্কুলৰ প্ৰৱন্ধক দীনেশ বাঘেলৰ পিতৃয়ে ক’লা যাদুত বিশ্বাস কৰিছিল, সেয়েহে হোষ্টেলতে ছাত্ৰজনক হত্যা কৰা হৈছিল।

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত প্ৰৱন্ধক আৰু তেওঁৰ পিতৃ, ৩ জন শিক্ষককে ধৰি ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। 

হত্যাৰ বলি হোৱা ছাত্ৰজনৰ নাম কৃতাৰ্থ। দ্বিতীয় শ্ৰেণীত পঢ়ি থকা কৃতাৰ্থই হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল।

ৰাতি হোষ্টেলৰ পৰা তুলি লৈ গৈ কৃতাৰ্থক ইমান জোৰেৰে ডিঙি চেপি ধৰিলে যে তেওঁৰ ডিঙি ভাঙি গ’ল আৰু মৃত্যুমুখত পৰিল।

আৰক্ষীৰ জালত পৰা ধৃত ৫ জন লোক হ’ল দীনেশ বাঘেল, যশোধন, লক্ষ্মণ সিং, বীৰপাল আৰু ৰামপ্ৰকাশ।

বিদ্যালয়ৰ প্ৰৱন্ধক দীনেশ বাঘেলৰ তান্ত্ৰিক পিতৃ যশোধনে এই কাণ্ডৰ পৰিকল্পনা কৰিছিল।

যশোধনে বিশ্বাস কৰিছিল যে শিশুক বলি দিলে বিদ্যালয়খনলৈ সমৃদ্ধি আহিব। খ্যাতিৰ হেঁপাহত তেওঁ এই ভয়াৱহ কাৰ্য্য সংঘটিত কৰে। 

অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বলি হ’ল নিৰীহ কৃতাৰ্থ। এই খবৰটো কেৱল দুখজনক নহয় বিপদজনকো।

অভিভাৱকে সন্তানক স্কুললৈ পঠিয়াই যাতে তেওঁলোকে তাত নিৰাপদে থাকিব আৰু ভৱিষ্যত গঢ়িব কিন্তু যদি স্কুলখনেই তন্ত্ৰ-মন্ত্ৰ আৰু ক’লা যাদুৰ ঘাটী হৈ পৰে তেন্তে ক’বলৈ থাকিলেই বা কি! 

এই ঘটনাই সমগ্ৰ বিশ্বৰ আগতে লজ্জানত কৰিলে ভাৰতক। দোষীক কঠোৰতকৈও কঠোৰ শাস্তি দিয়াটো বিচাৰিছে সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু