--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডিচিজিআই)চশমাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে নতুন চকুৰ ঔষধৰ আৱিষ্কাৰ কৰে ৷ এই চকুৰ ঔষধে কঢ়িয়াই আনিছে এক নতুন বিপ্লৱ ৷ মুম্বাইৰ এণ্টড ফাৰ্মাচিউটিকেলছে প্ৰেছভিউ আই ড্ৰপৰ (PresVu eye drops) বাবে চূড়ান্ত অনুমোদন ঘোষণা কৰিছে। গতিকে, চশমা পিন্ধিবলৈ অসুবিধা পোৱা লোকসকলৰ বাবে এই ঔষধটো অতি বিশেষ হ’বলৈ গৈ আছে।

প্ৰেছভিউ হৈছে ভাৰতৰ প্ৰথমটো চকুৰ ঔষধ যিটো বিশেষভাৱে প্ৰেছবাইপিয়াৰ চিকিৎসাৰ বাবে ডিজাইন কৰা হৈছে ৷ প্ৰেছবাইঅ’পিয়া হৈছে বয়সৰ লগত জড়িত এক সাধাৰণ দৃষ্টিশক্তিৰ সমস্যা যিয়ে সাধাৰণতে ৪০ বছৰৰ ওপৰৰ ব্যক্তিক আক্ৰান্ত কৰে। এই অনুমোদন কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা (CDSCO)ৰ বিষয় বিশেষজ্ঞ সমিতিৰ (SEC) পৰামৰ্শৰ পিছত দিয়া হৈছে।

প্ৰেছবাইপিয়া হ’ল এনে এক অৱস্থা য’ত মানুহে ওচৰৰ বস্তুবোৰত ভালদৰে দেখাত অসুবিধা পায় ৷ সমগ্ৰ বিশ্বতে প্ৰায় ১০৯ৰ পৰা ১৮০ কোটি লোক এই সমস্যাত ভুগি আহিছে ৷ প্ৰেছবাইপিয়া সাধাৰণতে ৪০ বছৰৰ পিছত আৰম্ভ হয় আৰু ৬০ বছৰ বয়সলৈকে বৃদ্ধি পায় ৷

উল্লেখ্য যে অক্টোবৰৰ প্ৰথম সপ্তাহত নিকটবৰ্তী বজাৰত প্ৰেছভিউ আই ড্ৰপ মুকলি পাব। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা প্ৰেছক্ৰিপচন ভিত্তিত ফাৰ্মাচীত ৩৫০ টকা মূল্যত উপলব্ধ হ’ব। এই ঔষধ ৪০ৰ পৰা ৫৫ বছৰ বয়সৰ ব্যক্তিৰ প্ৰেছবাইপিয়াৰ চিকিৎসাৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ