--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডিচিজিআই)চশমাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে নতুন চকুৰ ঔষধৰ আৱিষ্কাৰ কৰে ৷ এই চকুৰ ঔষধে কঢ়িয়াই আনিছে এক নতুন বিপ্লৱ ৷ মুম্বাইৰ এণ্টড ফাৰ্মাচিউটিকেলছে প্ৰেছভিউ আই ড্ৰপৰ (PresVu eye drops) বাবে চূড়ান্ত অনুমোদন ঘোষণা কৰিছে। গতিকে, চশমা পিন্ধিবলৈ অসুবিধা পোৱা লোকসকলৰ বাবে এই ঔষধটো অতি বিশেষ হ’বলৈ গৈ আছে।

প্ৰেছভিউ হৈছে ভাৰতৰ প্ৰথমটো চকুৰ ঔষধ যিটো বিশেষভাৱে প্ৰেছবাইপিয়াৰ চিকিৎসাৰ বাবে ডিজাইন কৰা হৈছে ৷ প্ৰেছবাইঅ’পিয়া হৈছে বয়সৰ লগত জড়িত এক সাধাৰণ দৃষ্টিশক্তিৰ সমস্যা যিয়ে সাধাৰণতে ৪০ বছৰৰ ওপৰৰ ব্যক্তিক আক্ৰান্ত কৰে। এই অনুমোদন কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা (CDSCO)ৰ বিষয় বিশেষজ্ঞ সমিতিৰ (SEC) পৰামৰ্শৰ পিছত দিয়া হৈছে।

প্ৰেছবাইপিয়া হ’ল এনে এক অৱস্থা য’ত মানুহে ওচৰৰ বস্তুবোৰত ভালদৰে দেখাত অসুবিধা পায় ৷ সমগ্ৰ বিশ্বতে প্ৰায় ১০৯ৰ পৰা ১৮০ কোটি লোক এই সমস্যাত ভুগি আহিছে ৷ প্ৰেছবাইপিয়া সাধাৰণতে ৪০ বছৰৰ পিছত আৰম্ভ হয় আৰু ৬০ বছৰ বয়সলৈকে বৃদ্ধি পায় ৷

উল্লেখ্য যে অক্টোবৰৰ প্ৰথম সপ্তাহত নিকটবৰ্তী বজাৰত প্ৰেছভিউ আই ড্ৰপ মুকলি পাব। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা প্ৰেছক্ৰিপচন ভিত্তিত ফাৰ্মাচীত ৩৫০ টকা মূল্যত উপলব্ধ হ’ব। এই ঔষধ ৪০ৰ পৰা ৫৫ বছৰ বয়সৰ ব্যক্তিৰ প্ৰেছবাইপিয়াৰ চিকিৎসাৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
জুবিনবিহীন এমাহ, আজি প্ৰাণৰ শিল্পীৰ সোণাপুৰৰ সমাধিস্থলত দুই শতাধিক শিল্পীৰ বাঁহীৰ সুৰত 'মায়াবিনী'ৰ মূৰ্ছনা
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে