--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি শিশুসকলৰ মাজত স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি পাই আহিছে৷যাৰ বাবে শিশু সকলৰ মনোজগতত বিৰোপ প্ৰভাৱ পেলোৱাৰ লগতে স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভৱ পেলাইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ছুইডেনত দুবছৰৰ তলৰ শিশুৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে দুবছৰৰ পৰা পাঁচ পৰা বাৰ বছৰ আৰু তাতকৈ অধিক বয়সৰ শিশুৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰৰ সময় সীমা নিৰ্ধাৰণ কৰিছে।

গ্ল’বেল এডুকেশ্যন মনিটৰিং(জিইএম)ৰ প্ৰতিবেদনত সদৰি কৰা অনুসৰি শিশুৰ স্মাৰ্টফোনৰ ব্যৱহাৰে শৈক্ষিক দিশৰ লগতে স্বাস্থ্যৰো ক্ষতি কৰিছে৷ হ্ৰাসপাইছে শিশুৰ ধৈৰ্য্য শক্তি যাৰবাবে শিশুৰ পঢ়াশুনাৰ ক্ষেত্ৰতো বিৰাগভব সৃষ্টি কৰিছে৷ ছুইডেন চৰকাৰে দুবছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন আৰু টিভি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে দুবছৰৰ ওপৰৰ শিশুৰ বাবে ফোন আৰু টিভি চোৱা সময়ৰ সীমা নিৰ্ধাৰণ কৰিছে।

আচলতে শিশুৰ বাবে মোবাইল ফোন আৰু টিভিৰ প্ৰতি আকৰ্ষণ এতিয়া সাধাৰণ হৈ পৰিছে।পিতৃ-মাতৃয়েও নিজৰ কামৰ সময়ত সন্তানক মোবাইল ফোন বা টিভিৰ সন্মুখত বহিবলৈ দি ব্যস্ত ৰাখে। ইয়াৰ পৰা শিশুৰ ওপৰত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰিছে।

অত্যধিক সময় ফোন আৰু টিভিৰ সন্মুখত সময় কটোৱাৰ বাবে চকুৰ ৰশ্মি, টোপনিৰ সমস্যা আৰু মেদবহুলতা আদিৰ সমস্যা হ’ব পাৰে।অত্যাধিক সময় ফোন আৰু টিভিৰ সন্মুখত বেছি সময় কটালে শিশুৰ সামাজিক দক্ষতা দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়া আৰু বিজ্ঞাপনৰ জৰিয়তে শিশুৱে অবাস্তৱিক প্ৰত্যাশা গঢ়ি তুলাৰ সম্ভাৱনা পৰিলক্ষিত হোৱাৰ লগতে হতাশাৰ বলি হোৱাৰ সম্ভাৱনা বৃদ্ধিপাইছে। এই বিষয় সমূহ বিবেচনা কৰাৰ অন্তত ছুইডেনে দুবছৰ বয়সলৈকে শিশুৰ বাবে মোবাইল ফোন আৰু টিভি চোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

ৰাষ্ট্ৰসংঘই সদৰি কৰে যে এই সম্পৰ্কে জ্ঞাত হোৱাৰ পাছতো ২৫% তকৈও কম দেশে শৈক্ষিক পৰিৱেশত স্মাৰ্টফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইউনেস্ক’ প্ৰতিবেদনত কোৱা হৈছে যে মোবাইল বা কম্পিউটাৰ যি হওক, ইয়াৰ বাবে শিশুৰ মনোযোগ বিচলিত হোৱাৰ লগতে  স্কুল বা ঘৰত তেওঁলোকৰ শিক্ষণ পৰিৱেশৰ ওপৰতো প্ৰভাৱিত কৰিব। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ছাত্ৰ এজন এবাৰ মনোযোগ ভংগ হলে পুনৰ মনোযোগ দিবলৈ ২০ মিনিট সময় লাগিব পাৰে। ৰাষ্ট্ৰসংঘৰ শিক্ষা বিভাগে কয় যে শ্ৰেণীকোঠাত থকা প্ৰযুক্তি কেৱল শিক্ষাৰ বাবেহে ব্যৱহাৰ কৰিব লাগে।

ধনী দেশসমূহৰ শ্ৰেণীকোঠা আৰু শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। স্ক্ৰীণখনে কাগজৰ ঠাই আৰু কলমে কিবৰ্ডৰ ঠাই ল’লে। আমি প্ৰযুক্তিক দাস কৰাৰ পৰিৱৰ্তে আমিহে প্ৰযুক্তিৰ দাসত পৰিণত হৈছো৷ আপোনাৰ শিশুৰ মঙ্গল বিছাৰিছে যদি শিশুক মবাইল ফোন বা টিভিৰ পৰা দূৰত ৰাখক ব্যস্ত ৰাখক অন্য কলাত্মক কাম তথা খেলত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন