--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি শিশুসকলৰ মাজত স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি পাই আহিছে৷যাৰ বাবে শিশু সকলৰ মনোজগতত বিৰোপ প্ৰভাৱ পেলোৱাৰ লগতে স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভৱ পেলাইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ছুইডেনত দুবছৰৰ তলৰ শিশুৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে দুবছৰৰ পৰা পাঁচ পৰা বাৰ বছৰ আৰু তাতকৈ অধিক বয়সৰ শিশুৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰৰ সময় সীমা নিৰ্ধাৰণ কৰিছে।

গ্ল’বেল এডুকেশ্যন মনিটৰিং(জিইএম)ৰ প্ৰতিবেদনত সদৰি কৰা অনুসৰি শিশুৰ স্মাৰ্টফোনৰ ব্যৱহাৰে শৈক্ষিক দিশৰ লগতে স্বাস্থ্যৰো ক্ষতি কৰিছে৷ হ্ৰাসপাইছে শিশুৰ ধৈৰ্য্য শক্তি যাৰবাবে শিশুৰ পঢ়াশুনাৰ ক্ষেত্ৰতো বিৰাগভব সৃষ্টি কৰিছে৷ ছুইডেন চৰকাৰে দুবছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন আৰু টিভি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে দুবছৰৰ ওপৰৰ শিশুৰ বাবে ফোন আৰু টিভি চোৱা সময়ৰ সীমা নিৰ্ধাৰণ কৰিছে।

আচলতে শিশুৰ বাবে মোবাইল ফোন আৰু টিভিৰ প্ৰতি আকৰ্ষণ এতিয়া সাধাৰণ হৈ পৰিছে।পিতৃ-মাতৃয়েও নিজৰ কামৰ সময়ত সন্তানক মোবাইল ফোন বা টিভিৰ সন্মুখত বহিবলৈ দি ব্যস্ত ৰাখে। ইয়াৰ পৰা শিশুৰ ওপৰত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰিছে।

অত্যধিক সময় ফোন আৰু টিভিৰ সন্মুখত সময় কটোৱাৰ বাবে চকুৰ ৰশ্মি, টোপনিৰ সমস্যা আৰু মেদবহুলতা আদিৰ সমস্যা হ’ব পাৰে।অত্যাধিক সময় ফোন আৰু টিভিৰ সন্মুখত বেছি সময় কটালে শিশুৰ সামাজিক দক্ষতা দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়া আৰু বিজ্ঞাপনৰ জৰিয়তে শিশুৱে অবাস্তৱিক প্ৰত্যাশা গঢ়ি তুলাৰ সম্ভাৱনা পৰিলক্ষিত হোৱাৰ লগতে হতাশাৰ বলি হোৱাৰ সম্ভাৱনা বৃদ্ধিপাইছে। এই বিষয় সমূহ বিবেচনা কৰাৰ অন্তত ছুইডেনে দুবছৰ বয়সলৈকে শিশুৰ বাবে মোবাইল ফোন আৰু টিভি চোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

ৰাষ্ট্ৰসংঘই সদৰি কৰে যে এই সম্পৰ্কে জ্ঞাত হোৱাৰ পাছতো ২৫% তকৈও কম দেশে শৈক্ষিক পৰিৱেশত স্মাৰ্টফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইউনেস্ক’ প্ৰতিবেদনত কোৱা হৈছে যে মোবাইল বা কম্পিউটাৰ যি হওক, ইয়াৰ বাবে শিশুৰ মনোযোগ বিচলিত হোৱাৰ লগতে  স্কুল বা ঘৰত তেওঁলোকৰ শিক্ষণ পৰিৱেশৰ ওপৰতো প্ৰভাৱিত কৰিব। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ছাত্ৰ এজন এবাৰ মনোযোগ ভংগ হলে পুনৰ মনোযোগ দিবলৈ ২০ মিনিট সময় লাগিব পাৰে। ৰাষ্ট্ৰসংঘৰ শিক্ষা বিভাগে কয় যে শ্ৰেণীকোঠাত থকা প্ৰযুক্তি কেৱল শিক্ষাৰ বাবেহে ব্যৱহাৰ কৰিব লাগে।

ধনী দেশসমূহৰ শ্ৰেণীকোঠা আৰু শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। স্ক্ৰীণখনে কাগজৰ ঠাই আৰু কলমে কিবৰ্ডৰ ঠাই ল’লে। আমি প্ৰযুক্তিক দাস কৰাৰ পৰিৱৰ্তে আমিহে প্ৰযুক্তিৰ দাসত পৰিণত হৈছো৷ আপোনাৰ শিশুৰ মঙ্গল বিছাৰিছে যদি শিশুক মবাইল ফোন বা টিভিৰ পৰা দূৰত ৰাখক ব্যস্ত ৰাখক অন্য কলাত্মক কাম তথা খেলত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?