--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুমি এতিয়া হিন্দু হৈ পৰিছা, এই চহৰখনত বাস কৰাৰ বাবে তুমি উপযুক্ত নহয়! এগৰাকী মুছলমান মহিলাই এতিয়া এনে কথাই শুনিবলগীয়া হৈছে৷ মূৰত  গেৰুৱা স্কার্ফ  মেৰিয়াই সেই গৰাকী মহিলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগ কৰিবলৈ গৈছিল৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ গেৰুৱা পোছাক পৰিধান কৰাৰ বাবেই মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এগৰাকী কাজীয়ে৷ অৱশেষত  আৰক্ষী আয়ুক্তৰ ওচৰত উপস্থিত হৈ মহিলাগৰাকীয়ে  কাজীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ 

কাজীয়ে মহিলাগৰাকীক  ভাবুকি দি কৈছিল যে মহিলাগৰাকীয়ে  গেৰুৱা দুপাট্টা পিন্ধিছে, এতিয়া সেয়ে তেওঁ হিন্দু হৈ পৰিছে। ঘটনাটো  কানপুৰৰ৷ চহৰ খনৰ   আলহিৱা হাছমী নামৰ এগৰাকী মহিলাই কাজী হাফিজ আব্দুল কুদুছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আলহিৱা হাছমীয়ে কয় যে জনতা দৰবাৰত মুখ্যমন্ত্ৰীক লগ কৰি কানপুৰলৈ উভতি অহাৰ পিছত, যেতিয়া তেওঁ নিজৰ চহৰ ত উপস্থিত হৈছিল, কাজীয়ে  তেওঁক  লাঠি দেখুৱাইছিল আৰু  গালিও পাৰিছিল। কাজীয়ে কৈছিল , "তুমি  মুখ্যমন্ত্ৰীক লগ পাইঠা, সেয়েহে এতিয়া তুমি হিন্দু হৈ পৰিছা। তুমি এই চহৰখন এতিয়া বাস কৰাৰ যোগ্য নহয়। "

আলহিৱাই অভিযোগ কৰে যে তেওঁৰ  ভাতৃসকলে  দেউতাকৰ মৃত্যুৰ পিছত ২০০০ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ সম্পত্তি হস্তগত কৰিছিল আৰু তেওঁক খেদি  দিছিল। মহিলাগৰাকীয়ে এতিয়া  সেই কথাটোতেই যুঁজি আছে। ইফালে, অঞ্চলটোৰ কিছুমান আধিপত্য থকা যুৱকে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। 


ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে   যেতিয়া কোনো ঠাইত তেওঁৰ গোচৰৰ কোনো শুনানিৰ  ব্যৱস্থা লোৱা হোৱা নাছিল, সেয়ে  তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰবাৰত উপস্থিত হৈছিল।  উৎপীড়কসকলে মহিলাগৰাকীক ভাবুকি দিছে যে ' বিজেপি চৰকাৰ যোৱাৰ পিছত তেওঁৰ  অৱস্থা অতি বেয়া হ'ব। '

ভুক্তভোগীয়ে কয়  যে  তেওঁ  ২০২৩ চনৰ ২৯ নৱেম্বৰত কাজী আব্দুল কুদদুছক লগ পাইছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে  যে  কাজীয়ে তাইক দুৰ্ব্যৱহাৰ কৰিছিল আৰু হিন্দু হৈ পৰা বুলি কৈছিল৷  এই ঘটনাই উত্তৰ প্ৰদেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক