--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুমি এতিয়া হিন্দু হৈ পৰিছা, এই চহৰখনত বাস কৰাৰ বাবে তুমি উপযুক্ত নহয়! এগৰাকী মুছলমান মহিলাই এতিয়া এনে কথাই শুনিবলগীয়া হৈছে৷ মূৰত  গেৰুৱা স্কার্ফ  মেৰিয়াই সেই গৰাকী মহিলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগ কৰিবলৈ গৈছিল৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ গেৰুৱা পোছাক পৰিধান কৰাৰ বাবেই মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এগৰাকী কাজীয়ে৷ অৱশেষত  আৰক্ষী আয়ুক্তৰ ওচৰত উপস্থিত হৈ মহিলাগৰাকীয়ে  কাজীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ 

কাজীয়ে মহিলাগৰাকীক  ভাবুকি দি কৈছিল যে মহিলাগৰাকীয়ে  গেৰুৱা দুপাট্টা পিন্ধিছে, এতিয়া সেয়ে তেওঁ হিন্দু হৈ পৰিছে। ঘটনাটো  কানপুৰৰ৷ চহৰ খনৰ   আলহিৱা হাছমী নামৰ এগৰাকী মহিলাই কাজী হাফিজ আব্দুল কুদুছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আলহিৱা হাছমীয়ে কয় যে জনতা দৰবাৰত মুখ্যমন্ত্ৰীক লগ কৰি কানপুৰলৈ উভতি অহাৰ পিছত, যেতিয়া তেওঁ নিজৰ চহৰ ত উপস্থিত হৈছিল, কাজীয়ে  তেওঁক  লাঠি দেখুৱাইছিল আৰু  গালিও পাৰিছিল। কাজীয়ে কৈছিল , "তুমি  মুখ্যমন্ত্ৰীক লগ পাইঠা, সেয়েহে এতিয়া তুমি হিন্দু হৈ পৰিছা। তুমি এই চহৰখন এতিয়া বাস কৰাৰ যোগ্য নহয়। "

আলহিৱাই অভিযোগ কৰে যে তেওঁৰ  ভাতৃসকলে  দেউতাকৰ মৃত্যুৰ পিছত ২০০০ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ সম্পত্তি হস্তগত কৰিছিল আৰু তেওঁক খেদি  দিছিল। মহিলাগৰাকীয়ে এতিয়া  সেই কথাটোতেই যুঁজি আছে। ইফালে, অঞ্চলটোৰ কিছুমান আধিপত্য থকা যুৱকে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। 


ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে   যেতিয়া কোনো ঠাইত তেওঁৰ গোচৰৰ কোনো শুনানিৰ  ব্যৱস্থা লোৱা হোৱা নাছিল, সেয়ে  তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰবাৰত উপস্থিত হৈছিল।  উৎপীড়কসকলে মহিলাগৰাকীক ভাবুকি দিছে যে ' বিজেপি চৰকাৰ যোৱাৰ পিছত তেওঁৰ  অৱস্থা অতি বেয়া হ'ব। '

ভুক্তভোগীয়ে কয়  যে  তেওঁ  ২০২৩ চনৰ ২৯ নৱেম্বৰত কাজী আব্দুল কুদদুছক লগ পাইছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে  যে  কাজীয়ে তাইক দুৰ্ব্যৱহাৰ কৰিছিল আৰু হিন্দু হৈ পৰা বুলি কৈছিল৷  এই ঘটনাই উত্তৰ প্ৰদেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান