--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ী! ভাৰতীয় ৰাজনীতি তথা সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ৷ ১৯২৬ চনৰ ২৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ বাটেশ্বৰত জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী, হিন্দী কবি আৰু ৰাইজক মন্ত্ৰমুগ্ধ কৰিব পৰা গুণৰ বাবে পৰিচিত বক্তা। বাজপেয়ীৰ কবিতাই ৰাষ্ট্ৰীয়তাবাদী উত্তেজনা আৰু মানৱীয় মূল্যবোধৰ চিন বহন কৰে। বাজপেয়ীৰ মতে কবিতাই মানুহৰ মাজত কৰ্তব্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ ভাৱ জাগ্ৰত কৰিব লাগে।


হিন্দু পৌৰাণিক কাহিনীৰ পৰা অনুপ্ৰাণিত অটল বিহাৰীৰ কবিতা ধৰ্মীয় প্ৰতীকবাদেৰে চহকী। ভাষা আৰু চিত্ৰকল্পৰ ক্ষেত্ৰত সৰল বাজপেয়ীৰ কবিতাসমূহে ভাৰতৰ ঐতিহ্য, ইতিহাসক প্ৰশংসা কৰে। সাংস্কৃতিক জাতীয়তাবাদৰ ধাৰণাই তেওঁৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগীক জ্ঞাত কৰে। বাজপেয়ীৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰা ব্যক্তি ভাগৱত এছ গোৱালৰ মতে "ৰাজনীতি আৰু সাহিত্য পৃথক পৃথক বিভাগৰ অন্তৰ্গত নহয়। বৰঞ্চ ইটোৱে সিটোক চহকী আৰু পৰিশোধন কৰে। সাহিত্যিক এজনে যেতিয়া ৰাজনীতিৰ লগত জড়িত হয় তেতিয়া তেওঁৰ ৰাজনীতি অধিক হয়।একেদৰে যদি এজন ৰাজনীতিবিদৰ সাহিত্যিক পটভূমি থাকে তেন্তে তেওঁ মানুহৰ অনুভৱ আৰু আৱেগক আওকাণ কৰিব নোৱাৰে।"


প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে ১৯৯৯ চনৰ ১৩ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিৰোধী দলৰ নেতা আৰু বৈদেশিক মন্ত্ৰীকে ধৰি বহুকেইটা বিশিষ্ট পদবী দখল কৰিছিল তদুপৰি বাজপেয়ীয়ে হিন্দী গৌৰৱ বঁটা আৰু পদ্মভূষণকে ধৰি বিভিন্ন বঁটা লাভ কৰে৷উল্লেখ্য যে লাইব্ৰেৰী অৱ কংগ্ৰেছৰ সংগ্ৰহত বাজপেয়ীৰ বিশখন গ্ৰন্থ আৰু তেওঁৰ ওপৰত ৰচিত চৈধ্যখন গ্ৰন্থ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক