--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ী! ভাৰতীয় ৰাজনীতি তথা সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ৷ ১৯২৬ চনৰ ২৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ বাটেশ্বৰত জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী, হিন্দী কবি আৰু ৰাইজক মন্ত্ৰমুগ্ধ কৰিব পৰা গুণৰ বাবে পৰিচিত বক্তা। বাজপেয়ীৰ কবিতাই ৰাষ্ট্ৰীয়তাবাদী উত্তেজনা আৰু মানৱীয় মূল্যবোধৰ চিন বহন কৰে। বাজপেয়ীৰ মতে কবিতাই মানুহৰ মাজত কৰ্তব্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ ভাৱ জাগ্ৰত কৰিব লাগে।


হিন্দু পৌৰাণিক কাহিনীৰ পৰা অনুপ্ৰাণিত অটল বিহাৰীৰ কবিতা ধৰ্মীয় প্ৰতীকবাদেৰে চহকী। ভাষা আৰু চিত্ৰকল্পৰ ক্ষেত্ৰত সৰল বাজপেয়ীৰ কবিতাসমূহে ভাৰতৰ ঐতিহ্য, ইতিহাসক প্ৰশংসা কৰে। সাংস্কৃতিক জাতীয়তাবাদৰ ধাৰণাই তেওঁৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগীক জ্ঞাত কৰে। বাজপেয়ীৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰা ব্যক্তি ভাগৱত এছ গোৱালৰ মতে "ৰাজনীতি আৰু সাহিত্য পৃথক পৃথক বিভাগৰ অন্তৰ্গত নহয়। বৰঞ্চ ইটোৱে সিটোক চহকী আৰু পৰিশোধন কৰে। সাহিত্যিক এজনে যেতিয়া ৰাজনীতিৰ লগত জড়িত হয় তেতিয়া তেওঁৰ ৰাজনীতি অধিক হয়।একেদৰে যদি এজন ৰাজনীতিবিদৰ সাহিত্যিক পটভূমি থাকে তেন্তে তেওঁ মানুহৰ অনুভৱ আৰু আৱেগক আওকাণ কৰিব নোৱাৰে।"


প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে ১৯৯৯ চনৰ ১৩ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিৰোধী দলৰ নেতা আৰু বৈদেশিক মন্ত্ৰীকে ধৰি বহুকেইটা বিশিষ্ট পদবী দখল কৰিছিল তদুপৰি বাজপেয়ীয়ে হিন্দী গৌৰৱ বঁটা আৰু পদ্মভূষণকে ধৰি বিভিন্ন বঁটা লাভ কৰে৷উল্লেখ্য যে লাইব্ৰেৰী অৱ কংগ্ৰেছৰ সংগ্ৰহত বাজপেয়ীৰ বিশখন গ্ৰন্থ আৰু তেওঁৰ ওপৰত ৰচিত চৈধ্যখন গ্ৰন্থ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক